দুপৰীয়া বা নিশা আহাৰ খোৱাৰ পিছত চাহ খালে কি প্ৰভাৱ পৰে দেহত?

8 August 2025

TV9 ASSAM

বহু লোকৰে চাহৰ প্ৰতি এক বিশেষ আসক্তি থাকে। সেয়ে যিকোনো সময়তে চাহপ্ৰেমীসকলে পৰম তৃপ্তিৰে অত্যন্ত প্ৰিয় চাহকাপত সুখৰ চুমুক দিয়ে।

চাহৰ নিচা

চাহপ্ৰেমীসকলৰে ভিতৰত একাংশই আকৌ দুপৰীয়াৰ আৰু ৰাতিৰ আহাৰ খোৱাৰ পিছতো চাহ খোৱা দেখা যায়। কিন্তু শৰীৰৰ বাবে এয়া ঠিক নহয়।

এনে সময়

খাদ্য খোৱাৰ লগে লগে চাহ খালে পেট ফুলা, গেষ্ট্ৰাইটিছ, বদহজম বা অজীৰ্ণ সমস্যা হ’ব পাৰে। বিশেষকৈ গাখীৰ চাহৰ ক্ষেত্ৰত এই সমস্যাই দেখা দিয়ে।

পাচনতন্ত্ৰৰ সমস্যা

নিশা আহাৰ খোৱাৰ পিছত চাহ বিশেষকৈ ব্লেক টি খালে টোপনিত ব্যাঘাত জন্মিব পাৰে, কাৰণ ইয়াত যথেষ্ট কেফেইন থাকে।

টোপনিৰ অসুবিধা

খাদ্য খোৱাৰ কমেও ৩০-৪৫ মিনিট পিছত চাহ খোৱাটো ভাল। ই হজম শক্তিত বাধা নিদিয়ে আৰু শৰীৰেও আইৰণ সঠিকভাৱে শোষণ কৰিব পাৰে।

কেতিয়া খাব

বহুতে গাখীৰ আৰু চেনি দি চাহ খায়। ইয়াতকৈ লাল চাহ কিছু ভাল। ইয়াৰ ফলত শৰীৰৰ ক্ষতি কম হয়। মনত ৰাখিব, চাহত চেনি দিলেও সদায় কম পৰিমাণে দিব লাগে।

মনত ৰাখিব

পঢ়িবলৈ ক্লিক কৰক 

তেজত হিম’গ্লবিনৰ পৰিমাণ বঢ়াবলৈ কি খাব আপুনি?