অসম আগুৱাব লাগিব, মৃত্যুৰ আগত জুবিনক গেৰান্টি দিছিলো গছ নাকাটো বুলিঃ মুখ্যমন্ত্ৰী

Zubeen Garg: জুবিন গাৰ্গ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, জুবিনক ১০০ শতাংশ ন্যায় দিয়া হ'ব। বিজেপিয়ে জুবিনক ন্যায় দিব। ইয়াৰ ক্ষেত্ৰত চিন্তাৰ কাৰণ নাই।

অসম আগুৱাব লাগিব, মৃত্যুৰ আগত জুবিনক গেৰান্টি দিছিলো গছ নাকাটো বুলিঃ মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা

Updated On: 

21 Oct 2025 17:04 PM

মঙলবাৰে বাক্সাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শৰ্মাই জুবিন গাৰ্গৰ ন্যায় বিচাৰ কৰা আন্দোলনৰ পৰা আৰম্ভ কৰি শিল্পীগৰাকীৰ সৃষ্টিৰাজি জীয়াই ৰাখিবলৈ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

বাক্সাত হোৱা হিংসাত্মক ঘটনাৰ পাছত মুখ্যমন্ত্ৰীয়ে আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। শৰ্মাই কয় যে, “মুখ্যমন্ত্ৰী হিচাপে মই ৰাইজৰ কথা শুনিম। ৰাইজে কৈছে এছপি, ডিচিক ভাল পাইছে। মই আজি ইয়াত একো কব বিচৰা নাই। গাঁৱৰ ৰাইজৰ দুখৰ দিনত মই তেওঁলোকৰ ওচৰত থিয় দিছো। যুৱক দুজনৰ চিকিৎসা কৰিব লাগিব। যিসকলে ভয়ত লুকাই আছে সেইসকলক উভতাই আনিব লাগিব”।

জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত শৰ্মাই কয় যে, ন্যায় বিজেপিয়ে দিব। কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাওঁ। ন্যায় পাবনে নাপাই বুলি ভয় খাব নালাগে। ১০০ শতাংশই ন্যায় পাব। এয়া মোৰ সংকল্প। ন্যায় দিহে এৰিম বুলি কয় মুখ্যমন্ত্ৰীয়ে।

ইয়াৰোপৰি জুবিন গাৰ্গৰ আধৰুৱা কাম আগুৱাই নিয়াৰ কথা উল্লেখ কৰে শৰ্মাই। তেওঁ কয় যে, “জুবিনে যি কাম আধৰুৱা কৰি এৰি গ’ল সেয়া সম্পূৰ্ণ কৰিম। ইয়াৰ বাবে প্ৰত্যোক সমষ্টিক সংগীতক স্কুল, কলেজ নিৰ্মাণ কৰা হ’ব। জুবিনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব। বিজেপিৰ প্ৰতিগৰাকী সদস্য়ই ঘৰত নাহৰৰ পুলি ৰুব যাতে জুবিনত লগত ৰাখিব পাৰো। আমি ইতিবাচক চিন্তা কৰি আছো। জুবিনৰ পৰা আমি শিকিব পাৰে। জুবিন কৈছে- দ্যা শ্বো মাষ্ট গো অন, আমি অসম আগুৱাই নিব লাগিব। ৰৈ থাকিলে নহ’ব”।

 

ইয়াৰোপৰি জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে গছ কটা সন্দৰ্ভত অপপ্ৰচাৰ চলা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এডাল গছ কটা হোৱা নাই। যি কথা প্ৰচাৰ হৈ আছে সেয়া তথ্যৰ ওপৰত নিৰ্ভৰশীল নহয়। গছবোৰ সুন্দৰভাৱে জীয়াই আছে। মৃত্যুৰ আগতে জুবিনে মোক কৈছিল, দাদা গছবোৰ থাকিবনে? তেতিয়া মই জুবিনক গেৰান্টি দিছিল গছবোৰ থাকিবই বুলি। ইয়াৰোপৰি একাংশই জুবিনৰ মৃত্যুৰ সুযোগ লোৱা বুলি অভিযোগ কৰে শৰ্মাই।

ইয়াৰ লগতে ৰাজ্যত চলি থকা আন্দোলন হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে ৫০ শতাংশ নোহোৱা হৈ যাব বুলি কয় তেওঁ। লগতে কয় যে, বাকী থকা ৫০ শতাংশ আন্দোলন গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে নোহোৱা হৈ যাব।

 

 

অন্য খবৰ পঢ়কঃ বন্ধুৰ প্ৰতি পুনৰ সুৰ সলনি! ট্ৰাম্পে ক’লে- যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰে, তেন্তে…

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...