সেই ৪ খন যুদ্ধ! য’ত প্ৰতিবাৰেই ভাৰতৰ ওচৰত হাৰ মানিছিল পাকিস্তানে, মনত পেলাই দিলে মুখ্যমন্ত্ৰীয়ে…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ভাৰত-পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰিছে। য'ত তেওঁ ভাৰত-পাকিস্তানৰ যুদ্ধৰ কথা উল্লেখ কৰিছে।

সেই ৪ খন যুদ্ধ! যত প্ৰতিবাৰেই ভাৰতৰ ওচৰত হাৰ মানিছিল পাকিস্তানে, মনত পেলাই দিলে মুখ্যমন্ত্ৰীয়ে...

ভাৰত-পাকিস্তান

Published: 

30 Apr 2025 18:37 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে। সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছতে ভয়ংকৰ চিন্তাত পৰিছে পাকিস্তান। দেশখনৰ এই উদ্বেগ LOC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত (IB)ত স্পষ্টকৈ দেখা যায়, য’ত পাকিস্তানে অবিৰতভাৱে গুলীচালনা কৰি আছে। অৱশ্যে ভাৰতীয় সেনাইও ইয়াৰ প্ৰত্যুত্তৰ দিছে। ইয়াৰ মাজতে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক পোষ্ট কৰি পাকিস্তানত বিশেষ কথা মনত পেলাই দিয়ে।

শৰ্মাই কয় যে, স্বাধীনতাৰ পাছৰ পৰা ভাৰতৰ বীৰ জোৱানসকলে বাৰে বাৰে পাকিস্তানী আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত দৃঢ়তাৰে থিয় দিছে। যেতিয়াই পাকিস্তানে ভাৰতৰ একতা আৰু অখণ্ডতাত আঘাত হানিব বিচাৰে, তেতিয়াই ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিছে। যিকোনো পৰিস্থিতিতে শত্ৰুক পৰাস্ত কৰি দেশৰ গৌৰৱ বজাই ৰাখিছে। ইয়াৰ পাছতে শৰ্মাই দুয়োখন দেশৰ মাজত হোৱা ১৯৪৭-৪৯ চনৰ ভাৰত-পাক যুদ্ধ, ১৯৬৫ চনৰ যুদ্ধ, ১৯৭১ চনৰ যুদ্ধ আৰু ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ কথা মনত পেলাই দিয়ে।

১৯৪৭–১৯৪৯ চনৰ ভাৰত-পাক যুদ্ধ (প্ৰথম কাশ্মীৰ যুদ্ধ)

স্বাধীনতাৰ কিছু সময় পাছতে পাকিস্তানে জম্মু-কাশ্মীৰত বিশ্বাসঘাতী আক্ৰমণ কৰিছিল। তেতিয়া ভাৰতে দৃঢ়তাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ভাৰতীয় সেনাই শ্ৰীনগৰলৈ ঐতিহাসিক এয়াৰলিফ্ট অভিযান সম্পন্ন কৰি উপত্যকাটোক সুৰক্ষিত কৰিছিল আৰু কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থকাতো নিশ্চিত কৰিছিল।

ভাৰত-পাক যুদ্ধ (১৯৬৫)

পাকিস্তানে প্ৰতাৰণামূলক “অপাৰেচন জিব্ৰাল্টাৰ” আৰম্ভ কৰি কাশ্মীৰত প্ৰৱেশ কৰিছিল আৰু পাছত ই পূৰ্ণাংগ যুদ্ধলৈ গতি কৰিছিল। সেই সময়ত ভাৰতীয় সেনাই সাহসেৰে এই আগ্ৰাসনক প্ৰতিহত কৰি পাকিস্তানী ভূখণ্ডৰ গভীৰতম অংশত সাহসী প্ৰত্যুত্তৰ আক্ৰমণ চলাই কৌশলগত হাজী পীৰ পাছকে ধৰি গুৰুত্বপূৰ্ণ অঞ্চলসমূহ দখল কৰিছিল।ভাৰতৰ সামৰিক শক্তিৰ আগত শত্ৰুৰ জয়ৰ সপোন ভাঙি চুৰমাৰ গৈ পৰিছিল। ভাৰতৰ বাবে কৌশলগত বিজয় আৰু নৈতিক আধিপত্যত সংঘাতৰ অন্ত পৰিছিল।

ভাৰত-পাক যুদ্ধ ১৯৭১ (বাংলাদেশ মুক্তি যুদ্ধ)

এই যুদ্ধই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অসাধাৰণ সাহস, কৌশল, মানৱীয় মনোভাৱ প্ৰদৰ্শন কৰিছিল। পাকিস্তানী সেনাৰ গণহত্যা আৰু পূব পাকিস্তানৰ পৰা লাখ লাখ শৰণাৰ্থীৰ আগমনৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় বাহিনীয়ে আধুনিক ইতিহাসৰ অন্যতম দ্ৰুত আৰু নিৰ্ণায়ক সামৰিক অভিযান আৰম্ভ কৰিছিল। কেৱল মাত্ৰ ১৩ দিনৰ ভিতৰত ভাৰতীয় সেনাই বিজয় নিশ্চিত কৰিছিল। সেই সময়ত ৯৩,০০০ পাকিস্তানী সৈন্যই আত্মসমৰ্পণ কৰিছিল আৰু বাংলাদেশ মুক্ত হৈছিল। ইয়াৰ পাছতে ভাৰতৰ কূটনৈতিক পদক্ষেপৰ আধাৰ হিচাপে ছিমলা চুক্তি (১৯৭২) স্বাক্ষৰ হৈছিল।

কাৰ্গিল যুদ্ধ (১৯৯৯)

১৯৯৯ চনত পাকিস্তানে প্ৰতাৰণা কৰি কাৰ্গিলৰ কৌশলগত শিখৰ দখল কৰিছিল। কিন্তু সেইবাৰো ভাৰতীয় সেনাৰ বীৰত্বই তেওঁলোকক উভতাই পঠিয়াইছিল। পাহাৰীয়া ভূখণ্ড আৰু অত্যাধিক ঠাণ্ডাক নেওচি সেনাসকলে সাহসেৰে প্ৰতিটো ইঞ্চি ভূখণ্ড পুনৰ উদ্ধাৰ কৰি পাকিস্তানক পৰাস্তা কৰিছিল। এই স্পষ্ট বিজয়ে ভাৰতৰ ভূখণ্ডীয় অখণ্ডতাৰ প্ৰতি অটল দায়বদ্ধতাক পুনৰবাৰ দেখুৱাই দিছিল।

ভাৰত পাকিস্তানৰ প্ৰতিখন যুদ্ধৰ কথা মনত পেলাই দি শৰ্মাই কয় যে, ভাৰতে যেতিয়াই আগ্ৰাসনৰ সন্মুখীন হৈছিল, আমাৰ সৈন্যসকলে নিৰ্ভীক, অপৰাজিত আৰু নিজৰ সংকল্পত অটলভাৱে থিয় দিছিল। তেওঁলোকৰ সাহস আৰু ত্যাগে প্ৰতিগৰাকী ভাৰতীয়ক অনুপ্ৰাণিত কৰি আহিছে। আমাৰ সশস্ত্ৰ বাহিনী সজাগ হৈ আছে আৰু যিকোনো পৰিস্থিতিতে ভাৰতৰ সাৰ্বভৌমত্ব আৰু মৰ্যাদা ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

 

 

অন্য খবৰ পঢ়কঃ আজিৰ দিনটোৱে পাকিস্তানৰ বাবে নমাই আনিব নেকি অন্ধকাৰ? কিয় বিশেষ ৩০ এপ্ৰিল…

Related Stories
পুনৰ লুঙী-ধুতি প্ৰসংগৰে কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ, ৰংজুলিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাই কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?
অন্ত পৰিল ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ, কিমানজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে? জানক
উঃমাঃ পৰীক্ষাৰ ফলাফলৰ পৰা জাতিগত লোকপিয়ললৈ, আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
৩০ এপ্ৰিল! ধুবুৰীত প্ৰাণ হেৰুৱাইছিল ৪৪ জন লোকে, কি হৈছিল সেইদিনা?
‘নাৰী বিদ্বেষী তথা অপমানজনক’, মুখ্যমন্ত্ৰীৰ এটা মন্তব্যক লৈ সৰৱ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ
একমত হ’ব নোৱাৰো: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ সন্থাৰ পৰা পদত্যাগ মুখ্যমন্ত্ৰীৰ
ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...