জুবিন গাৰ্গক ন্যায় প্ৰদানৰ নামত ক্ৰেডিট লাভৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে! গৌৰৱ গগৈৰ বিস্ফোৰক অভিযোগ

মঙলবাৰে বোকাখাত ব্লক কংগ্ৰেছ কমিটীৰ সাংগঠনিক বৈঠকত ভাষণ দি গগৈয়ে কয় যে চৰকাৰে ন্যায় নিশ্চিত কৰাতকৈ ৰাজনৈতিক ক্ৰেডিট লোৱাত অধিক মনোনিৱেশ কৰা যেন দেখা গৈছে।

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ নামত ক্ৰেডিট লাভৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে! গৌৰৱ গগৈৰ বিস্ফোৰক অভিযোগ

মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ

Published: 

14 Oct 2025 20:06 PM

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা “ক্ৰেডিট বিচৰাৰ ৰাজনীতি”ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে গোচৰটো চম্ভালি লোৱাৰ ক্ষেত্ৰত ইয়াৰ উদ্দেশ্য আৰু স্বচ্ছতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে।

মঙলবাৰে বোকাখাত ব্লক কংগ্ৰেছ কমিটীৰ সাংগঠনিক বৈঠকত ভাষণ দি গগৈয়ে কয় যে চৰকাৰে ন্যায় নিশ্চিত কৰাতকৈ ৰাজনৈতিক ক্ৰেডিট লোৱাত অধিক মনোনিৱেশ কৰা যেন দেখা গৈছে।

‘‘জুবিন গাৰ্গৰ গোচৰ চম্ভালি মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ব্ৰেণ্ডৰ ক্ৰেডিট বিচৰাৰ ৰাজনীতি কৰাৰ প্ৰতিফলন ঘটিছে। আদালতৰ জৰিয়তে তদন্তক স্বাভাৱিক সিদ্ধান্তত উপনীত হ’বলৈ দিয়াৰ পৰিৱৰ্তে তেওঁ নিজকে প্ৰমাণিত কৰি বিষয়টো সামৰি ল’বলৈ আগ্ৰহী যেন লাগে।’’ গগৈয়ে মন্তব্য কৰে।

বিশেষ তদন্তকাৰী দলে এতিয়াও গোচৰটোৰ তদন্ত চলাই থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে দিয়া বক্তব্যক লৈ উদ্বেগ প্ৰকাশ কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। গগৈয়ে কয়, ‘‘যেতিয়া চৰকাৰৰ মুৰব্বীয়ে চলি থকা তদন্তৰ ওপৰত মন্তব্য কৰে তেতিয়া ই ধাৰণাক প্ৰভাৱিত কৰিব পাৰে আৰু ন্যায়পৰায়ণতাক লৈ সন্দেহৰ সৃষ্টি কৰিব পাৰে। ৰাজ্যৰ ৰাজনীতি কোন দিশলৈ গৈ আছে সেই লৈ অসমৰ ৰাইজ চিন্তিত হৈ পৰে।’’

তেওঁ পুনৰ কয় যে যেতিয়া আদালতে অভিযুক্তৰ বিৰুদ্ধে থকা অভিযোগ আৰু শাস্তি সন্দৰ্ভত ৰায়দান কৰে তেতিয়াহে ন্যায় প্ৰদান কৰা বুলি মানিব পৰা যাব। ‘‘তেতিয়ালৈকে চৰকাৰে বিষয়টোক ৰাজনীতিকৰণ বা নৈতিক ক্ৰেডিট ল’বলৈ চেষ্টা কৰাৰ পৰা বিৰত থাকিব লাগিব। জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল বৰঞ্চ অসমৰ কণ্ঠ আছিল। তেওঁৰ যি প্ৰাপ্য সেয়া হৈছে ন্যায়, ৰাজনীতি নহয়।’’ গগৈয়ে কয়।

গগৈয়ে এই সুযোগতে ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰতি ধৈৰ্য্য আৰু বিশ্বাসৰ বাবে আবেদন জনায়, সত্য উন্মোচনৰ বাবে এছ আই টিক স্বতন্ত্ৰভাৱে আৰু বাহ্যিক হেঁচা নোহোৱাকৈ কাম কৰিবলৈ আহ্বান জনায়।

কংগ্ৰেছ নেতাগৰাকীয়ে আৰু কয় যে শাসকীয় বিজেপি চৰকাৰে স্পৰ্শকাতৰ বিষয়বোৰক শাসন ব্যৱস্থাৰ পৰিৱৰ্তে আত্মপ্ৰচাৰৰ সুযোগলৈ ৰূপান্তৰিত কৰিছে। ‘‘এই ধৰণৰ ৰাজনীতিয়ে অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি মানুহৰ আস্থা ক্ষুণ্ণ কৰে। অসম ইয়াতকৈ ভাল নেতাৰ যোগ্য।’’ গগৈয়ে কয়।

ৰাজ্যজুৰি ৰাজনৈতিক আৰু সাংস্কৃতিক আলোচনাত আধিপত্য বিস্তাৰ কৰি থকা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অগ্ৰগতিক লৈ চলি থকা বিতৰ্ক আৰু ৰাজহুৱা তদন্তৰ মাজতে গগৈয়ে এই মন্তব্য কৰে।

বিয়াৰ পিছত কিয় মহিলাসকল বেছি ধুনীয়া হৈ পৰে ? ৯৯% লোকে নাজানে এই উত্তৰ
লিভাৰ দুৰ্বল হ’লে ছালত এই ধৰণৰ লক্ষণে দেখা দিয়ে
নহৰুৰ স্বাস্থ্য উপকাৰিতা : দৈনিক নহৰু খালে কি হয় ? জানক
সাৱধান, দীপাৱলীৰ সময়ত এই কাম কৰাটো অত্যন্ত অশুভ, হেৰুৱাব সুখ!