দশমীৰ বাবে বিশেষ নিয়মাৱলী প্ৰকাশ যান-বাহন আৰক্ষীৰঃ মহানগৰীৰ এইসমূহ পথত সোমাব নোৱাৰিব মূৰ্তি কঢ়িওৱা বাহন

মহানগৰীত যান-বাহন চলাচল সুচল কৰি ৰাখিবলৈ তথা জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ঘাট আৰু বিসৰ্জন স্থানসমূহলৈ যোৱা মূল পথসমূহৰ ক্ষেত্ৰত বহু বাধা-নিষেধ থাকিব। যান-বাহন আৰক্ষীয়ে লগতে সকলোকে এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।

দশমীৰ বাবে বিশেষ নিয়মাৱলী প্ৰকাশ যান-বাহন আৰক্ষীৰঃ মহানগৰীৰ এইসমূহ পথত সোমাব নোৱাৰিব মূৰ্তি কঢ়িওৱা বাহন

প্ৰতিনিধিত্বমূলক ছবি

Published: 

01 Oct 2025 16:55 PM

কাইলৈ দশমী অন্ত পৰিব শাৰদীয় দুৰ্গোৎসৱৰ দেৱী দুৰ্গাৰ মূৰ্তি বিসৰ্জনৰ সময়ত গুৱাহাটী মহানগৰীত যাতে কোনো যানজঁটৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি যানবাহন আৰক্ষীয়ে প্ৰকাশ কৰিছে এক বিশেষ নিৰ্দেশনা এই নিৰ্দেশনা অনুসৰি মহানগৰীত যান-বাহন চলাচল সুচল কৰি ৰাখিবলৈ তথা জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ঘাট আৰু বিসৰ্জন স্থানসমূহলৈ যোৱা মূল পথসমূহৰ ক্ষেত্ৰত বহু বাধানিষেধ থাকিব যানবাহন আৰক্ষীয়ে লগতে সকলোকে এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে

নিৰ্দেশনা অনুসৰি চান্দমাৰী দিশৰ পৰা অহা সকলো মূৰ্তি কঢ়িওৱা বাহন গুৱাহাটী ক্লাবৰ পৰা এম চি ৰোড (বাৰুৱাৰী)- এফ চি ৰোড-হাই ক’ৰ্ট ইষ্ট-এম জি ৰোড-লাচিত ঘাট হৈ ডাইভাৰ্ট কৰিব লাগিব। বাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, চত্ৰীবাৰী, বিষ্ণুপুৰ, আঠগাঁও আৰু ফটাশিল অঞ্চলৰ পৰা অহা মূৰ্তিবাহী বাহনসমূহ আৰ্য নগৰ- এ.কে. আজাদ ৰোড- নেপালী মন্দিৰ গোধূলি বজাৰ বিশাল পইণ্ট- পানবজাৰ আৰ অ’ বি (N.O Bridge)-পানী টেংকি-এম জি ৰোড – লাচিত ঘাট হৈ যাব লাগিব।

একেদৰে কুমাৰপাৰা আৰু লালগনেশ অঞ্চলৰ পৰা অহা মূৰ্তিবাহী বাহনসমূহ বিষ্ণুপুৰ পথ- চাবিপুল- আৰ্য নগৰ- এ. কে আজাদ পথ- নেপালী মন্দিৰ-গোধূলি বজাৰ-বিশাল পইণ্ট-পানবজাৰ আৰ অ’ বিপানী টেংকি-MG ৰোড-লাচিত ঘাট হৈ যাব লাগিব। উলুবাৰী আৰু দক্ষিণ শৰণীয়া অঞ্চলৰ পৰা অহা মূৰ্তি কঢ়িওৱা বাহনসমূহ জি এছ ৰোড- অপ্সৰা জনতা পইণ্ট- নেপালী মন্দিৰ-গোধূলি বজাৰ- বিশাল পইণ্ট-পানবজাৰ আৰ অ’ বি-পানী টেংকি-এম জি ৰোড – লাচিত ঘাট হৈ যাব লাগিব।

ৰাজগড়, ভঙাগড় আৰু খ্ৰীষ্টানবস্তি অঞ্চলৰ পৰা অহা মূৰ্তি কঢ়িওৱা বাহনসমূহ জি এছ ৰোড-ভঙাগড়-ৰাজগড় ৰোড-কমাৰ্চ কলেজ পইণ্ট-চান্দমাৰি-গুৱাহাটী ক্লাব-এম চি ৰোড-এফ চি ৰোড-এম জি ৰোড-লাচিত ঘাট হৈ যাব লাগিব ইফালে গণেশগুৰি, দিছপুৰ আৰু কাহিলীপাৰা অঞ্চলৰ পৰা প্ৰতিমা কঢ়িয়াই অনা যান-বাহন গণেশগুৰিৰ পৰা আৰ জি বৰুৱা পথ (চিৰিয়াখানা পথ)-জি এন বি ৰোড-গুৱাহাটী ক্লাব-এম চি ৰোড-এফ চি ৰোড-এম জি ৰোড- লাচিত ঘাট হৈ যাব লাগিব।

পানবজাৰৰ পৰা মূৰ্তি কঢ়িয়াই অনা বাহনসমূহ এইচ.বি ৰোড মহামায়া পইণ্ট-পানী টেংকি-এম জি ৰোডলাচিত ঘাট হৈ যাব লাগিব। ভৰলুমুখ, শান্তিপুৰ দিশৰ পৰা মূৰ্তি কঢ়িওৱা বাহনসমূহ ডি জি ৰোডভৰলুমুখ পইণ্ট টি ৰোডপানবজাৰ আৰ অ’ বিপানী টেংকিএম জি ৰোডলাচিত ঘাট হৈ যাব লাগিব ইফালে বি বৰুৱা পথত উলুবাৰীৰ পৰা টি চি পইণ্টলৈ কোনো মূৰ্তি কঢ়িওৱা বাহন চলাচল কৰিব নোৱাৰিব। লাচিত ঘাটত বিসৰ্জনৰ পিছত সকলো মূৰ্তি কঢ়িওৱা বাহন এম জি ৰোড-ডি জি ৰোড বা এ টি ৰোডৰ জৰিয়তে ঘূৰিব লাগিব।

ইফালে যাত্ৰীবাহী বাহনসমূহৰ বাবেও বিশেষ নিৰ্দেশনা দিয়া হৈছে সেই অনুসাৰে চান্দমাৰী দিশৰ পৰা জালুকবাৰী দিশলৈ অহা যান-বাহন সমূহ টি চি পইণ্ট/জি এন বি ৰোড (জিলা লাইব্ৰেৰী পইণ্ট)/ কে এল বি ৰোড (হেণ্ডিক কলেজৰ সন্মুখত) এইচ বি ৰোড (পানবজাৰ থানাৰ সন্মুখত) / মাচখোৱা /ভৰালুমুখৰ জৰিয়তে প্ৰৱেশৰ অনুমতি পাব। একেদৰে চান্দমাৰী, দিছপুৰ হৈ জালুকবাৰী আৰু ভৰলুমুখৰ দিশৰ পৰা অহা ফালৰ পৰা অহা সকলো যান-বাহন মাচখোৱা পুলিচ পইণ্টৰ এলিভেটেড কৰিডৰ হৈ এফ এ ৰোড আৰু এ টি ৰোড হৈ ডাইভাৰ্ট কৰিব লাগিব।

উজানবজাৰ, খাৰঘুলি আৰু নুনমাটিৰ পৰা অহা সকলো যান-বাহন প্লেনেটৰিয়াম পইণ্টৰ সমীপত ঘূৰি লেম্ব ৰোড-জিএনবি ৰোড-টিচি পইণ্টৰ জৰিয়তে ডাইভাৰ্ট কৰা হ’ব। বিসৰ্জনৰ সময়ত পাণ্ডু বন্দৰত যাতায়তৰ ব্যৱস্থা কৰা হৈছে ইফালে মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু অভিমুখে কোনো মূৰ্তিবাহী বাহন প্ৰৱেশ কৰিব নোৱাৰিব। আদাবাৰী তিনিআলি হৈ পাণ্ডু বন্দৰ বিসৰ্জন ঘাটৰ দিশে যাব লাগিব মূৰ্তি কঢ়িয়াই নিয়া বাহন। বিসৰ্জনৰ পিছত বাহনসমূহ কেৱল সদিলাপুৰ ৬ নং ৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰেহে চলাচল কৰিব পাৰিব।

ভৰলুমুখ আৰু ফটাশিল অঞ্চলৰ পৰা অহা মূৰ্তি কঢ়িওৱা বাহন সমূহ এ টি ৰোড আৰু ডি জি ৰোডৰ মাজেৰে পাণ্ডু অভিমুখে যাব লাগিব। ইফালে ডিজে, ছাউণ্ড চিষ্টেম, মিউজিক চিষ্টেম কঢ়িয়াই অনা কোনো বাহন বিসৰ্জন ঘাটৰ ওচৰলৈ আহিব নোৱাৰিব বুলি যান বাহন আৰক্ষীয়ে স্পষ্ট কৰি দিছে। এনে সকলো যান-বাহন বিসৰ্জন ঘাটৰ পৰা আঁতৰত উপযুক্ত স্থানত ৰখাব লাগিব বুলিও স্পষ্ট নিৰ্দেশনা দিয়া হৈছে

অত্যন্ত ভাল ঘৰত এই ৫ জীৱৰ প্ৰৱেশ! জানক কি কি...
ভুলতো প্লাষ্টিকৰ পাত্ৰত নাৰাখিব এইবোৰ খাদ্য, হ’ব পাৰে বিপদ...
দিনটো নিজকে সতেজ কৰি ৰাখিব বিচাৰেনে? প্ৰতি নিশা শোৱাৰ পূৰ্বে কৰক এই কাম
উফিৰ ফলত চুলি সৰাৰ সমস্যা হয় নেকি? কি কয় বিশেষজ্ঞই, চাওক