2 OCT 2025
TV9 ASSAM
মানুহৰ জীৱনত যেতিয়া ভাল দিন আহে তেতিয়া কিছুমান শুভ সংকেতে দেখা দিয়ে। কেতিয়াবা কিছুমান জীৱ ঘৰলৈ অহাও শুভ বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰত ইয়াৰ গুৰুত্ব অধিক।
কোৱা হয়, কিছুমান জীৱ ঘৰলৈ অহা ভাল। ই ধন, ভাল খবৰ আৰু সৌভাগ্যৰ সংকেত হ'ব পাৰে। গতিকে ধৰ্মীয় মান্যতা অনুসৰি এই জীৱবোৰ কি কি জানো আহক।
যদি আপোনাৰ ঘৰত বা খিৰিকীত হঠাকে ভাটৌ আহি বহে তেন্তে এয়া শুভ সংকেত। বাস্তু শাস্ত্ৰ অনুসৰি, ইয়াৰ সম্পৰ্ক ধনৰ দেৱতা কুবেৰৰ লগত আছে। ইয়াৰ অৰ্থ আৰ্থিক উন্নতি, সুখ আৰু ভাল খবৰ আগমনৰ প্ৰতীক।
ঘৰত ক'লা পৰুৱা দেখাটোও শুভ সংকেত হ'ব পাৰে। বাস্তু শাস্ত্ৰ অনুসৰি, ক'লা পৰুৱাৰ সম্পৰ্ক শনি দেৱৰ লগত আছে। ই ধন লাভ আৰু ঋণৰ পৰা মুক্তি লাভৰ সংকেত বুলি কোৱা হয়।
যদি আপুনি ঘৰৰ আশে পাশে হঠাত ময়ুৰ দেখা পাই তেন্তে ই শুভ সংকেত হ'ব পাৰে। ময়ুৰ ভগৱান কৃষ্ণ আৰু মা সৰস্বতীৰ সৈতে জড়িত। গতিকে ময়ুৰ দেখা ধন প্ৰাপ্তি আৰু সুখৰ আগমনৰ সংকেত।
কিছুমান ঘৰত জেঠী দেখা যায়। ই নতুন খবৰ, সমৃদ্ধি আৰু ভাগ দিন আগমনৰ সংকেত হ'ব পাৰে। অৱশ্যে ক'লা জেঠী, নেজ কটা জেঠী ঘৰত থকাটো অশুভ বুলি কোৱা হয়।
পখিলাক পৰিৱৰ্তন আৰু নতুন আৰম্ভণিৰ প্ৰতীক বুলি কোৱা হয়। যদি হঠাতে পখিলা ঘৰত প্ৰৱেশ কৰে তেন্তে ই শুভ বুলি কোৱা হয়। ই সমৃদ্ধি আৰু সুখৰ ইংগিত দিয়ে। যদি মন্দিৰ বা পূজা স্থানত পখিলা আহে সেয়া অতি শুভ।
পঢ়িবলৈ ক্লিক কৰক