জুবিন হত্যাৰ চাৰ্জশ্বীটক লৈ গৰিমা সন্তুষ্টনে? দোষীক লৈ কি কি ক’লে…

Zubeen Garg: সকলো অপেক্ষাৰ অন্ত পেলাই কালি আদালতত এছ আই টিয়ে দাখিল কৰিলে জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট। য'ত ৪ জনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পাছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জুবিন হত্যাৰ চাৰ্জশ্বীটক লৈ গৰিমা সন্তুষ্টনে? দোষীক লৈ কি কি কলে...

গৰিমা-জুবিন

Published: 

13 Dec 2025 | 10:34 AM

অৱশেষত ১২ ডিচেম্বৰ, ২০২৫ ত এছ আই টিয়ে চাৰ্জশ্বীট দাখিল কৰিলে জুবিন গাৰ্গ হত্যাকাণ্ডৰ। প্ৰায় ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটত আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্য। কালি এছ আই টিয়ে ১৮/২০২৫ নং গোচৰৰ তদন্তৰ চাৰ্জশ্বীট দাখিল কৰে যদিও এতিয়াও ১৯/২০২৫ নম্বৰ গোচৰৰ তদন্ত চলি আছে। ইয়াৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো চাৰ্জশ্বীটত ৪ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে।

SDGP মুন্নাপ্ৰসাদ গুপ্তাই জনোৱা অনুসৰি, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ইফালে সন্দীপন গাৰ্গৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যা আৰু দুই পি এছ অ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে অপৰাধমূলক আস্থা ভংগৰ ধাৰা সংযোজন কৰা হৈছে। বাকী দিশবোৰত এতিয়া তদন্ত চলি আছে।

চাৰ্জশ্বীট দাখিলৰ পাছতে শুকুৰবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। এই সময়চোৱাত তেওঁ সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি আইনৰ ওপৰত আস্থা থকা বুলি জনায়। তেওঁ কয় যে, “তেওঁৰ দৰে মানুহ এজনক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? সকলোতো হিয়া উজাৰি দিছিল। আমাৰ ঘৰখন থানবান হৈ গ’ল। কেনেকৈ জুবিন গাৰ্গৰ দৰে এটা সত্ত্বা নোহোৱা হৈ যাব পাৰে”।

গৰিমাই আৰু কয় যে, “প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাওক। কোনো সাৰি যাব নালাগে। ন্যায় ব্যৱস্থা ভাল হ’ব বুলি আশা কৰিছো। আমাৰ দেশৰ আইন তথা ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে”। তেওঁ আৰু কয় যে, “ছিংগাপুৰতো এই বিষয়টোৰ ওপৰত তদন্ত চলিছিল। কিন্তু আমি বেলেগ একো পদক্ষেপ এতিয়াই লব বিচৰা নাই। আমাৰ দেশৰ আইন, অসম আৰক্ষীয়ে যি কৰিব তাৰ ওপৰত আস্থা আছে”।

 

অন্য খবৰ পঢ়কঃ আদালতত দাখিল জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট, কি আছে বন্ধ ফাইলৰ ভিতৰত?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...