Morning News: লাচিত দিৱসৰ পৰা বৰ্ষাপাৰা টেষ্টলৈ, পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত

আজি লাচিত দিৱস। এই শুভক্ষণত প্ৰতিজন অসমীয়াই সুঁৱৰিছে জাতীয় বীৰ লাচিত বৰফুকনক। ঐতিহাসিক আঁহতগুৰিৰ ম’হ যুঁজক ন্যায্যতা প্ৰদান বাবে যাৱতীয় আইন প্ৰণয়নৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। কালি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পিছত সংবাদমেল যোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Morning News: লাচিত দিৱসৰ পৰা বৰ্ষাপাৰা টেষ্টলৈ, পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত

পুৱাৰ মুখ্য খবৰ

Updated On: 

24 Nov 2025 08:32 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি লাচিত দিৱস। এই শুভক্ষণত প্ৰতিজন অসমীয়াই সুঁৱৰিছে জাতীয় বীৰ লাচিত বৰফুকনক। জাতীয় বীৰগৰাকীলৈ শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “লাচিত বৰফুকনৰ অদম্য সাহস, বীৰত্ব তথা ঐতিহ্য আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণা৷ লাচিত বৰফুকন— প্রতি অসমীয়াৰ ৰন্ধ্রে ৰন্ধ্রে প্রবাহিত সত্তা, যিয়ে সদায় আমাক বাট দেখুৱাই থাকিব।”
  2. কালি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত কেবিনেটে স্কুল প্ৰাদেশিকৰণ, শিক্ষকৰ দৰমহা, ভৈয়ামত কাৰ্বি পৰিষদ গঠন, চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমি প্ৰদান, আজিম প্ৰেমজী বিশ্ববিদ্যালয় স্থাপন, সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত ব্যক্তিগত বিদ্যালয়ৰ মাচুল সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।
  3. ঐতিহাসিক আঁহতগুৰিৰ ম’হ যুঁজক ন্যায্যতা প্ৰদান বাবে যাৱতীয় আইন প্ৰণয়নৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। কালি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পিছত সংবাদমেল যোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  4. ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। ধাৰাবাহিক এই প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। অহা ২৬ নৱেম্বৰত এই সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত লোৱা হ’ব আৰু ২৭ নৱেম্বৰত সদনত বিষয়টো উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  5. দেওবাৰে আত্মসমৰ্পণ কৰে আলফা স্বাধীনৰ অন্যতম এগৰাকী শীৰ্ষ কেডাৰ অৰুণোদয় দহোটীয়াই। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ব্যক্তিগত দেহৰক্ষীসহ আত্মসমৰ্পণ কৰে আলফাৰ শীৰ্ষ কেডাৰগৰাকীয়ে। বিগত সময়ছোৱাত তেওঁ বহুকেইটা অপৰাধমূলক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ আছে।
  6. আজি ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্য কান্তই। ন্যায়াধীশ বি আৰ গাভাইৰ স্থানত তেওঁ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব। ৩৭০ অনুচ্ছেদ বাতিল, বিহাৰ ভোটাৰ তালিকা সংস্কাৰ, পেগাছাছ চোৰাংচোৱা গোচৰ আদি গুৰুত্বপূৰ্ণ গোচৰৰ সিদ্ধান্তৰ অংশ আছিল ন্যায়াধীশ সূৰ্য কান্ত।
  7. জি-২০ বৈঠকৰ বাবে সম্প্ৰতি দক্ষিণ আফ্ৰিকা ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বৈঠকত অংশ লোৱাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাগৰাকীও ৰাষ্ট্ৰনেতাৰ সৈতে মিলিত হয়। জি-২০ বৈঠকৰ মঞ্চতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত হ’বলগীয়া AI ইমপেক্ট ছামিটলৈ বিশ্ববাসীক আদৰণি জনায়।
  8. ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত বৰ্ষাপাৰা টেষ্টৰ আজি তৃতীয় দিন। কালি মেচৰ দ্বিতীয় দিনা দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছৰ ৪৮৯ ৰানৰ বিশাল স্ক’ৰৰ প্ৰত্যুত্তৰত ভাৰতে খেল সামৰণিৰ পৰলৈ কোনো উইকেট নেহেৰুৱাকৈ ৯ ৰান সংগ্ৰহ কৰিছে।
  9. দক্ষিণ আফ্ৰিকাৰ বিপক্ষে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে কালি ভাৰতীয় দল ঘোষণা কৰা হয়। আঘাতপ্ৰাপ্ত নিয়মীয়া অধিনায়ক শুভমন গিল আৰু সহ-অধিনায়ক শ্ৰেয়স আয়াৰৰ অনুপস্থিতিত কে এল ৰাহুলক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
গাখীৰ চাহ খালে বৃক্কত পাথৰ অৰ্থাৎ কিডনী ষ্ট’ন হয় নেকি? চাহৰ নিচা আছে যদি চাওক এতিয়াই
পুৱাৰ সময়ত কিয় অধিক লোক হাৰ্ট এটেকৰ সন্মুখীন হয়? জানিলে হ’ব পাৰিব সাৱধান
ঘৰৰ ভিতৰত পখিলা সোমোৱাটো কিহৰ সংকেত? জানক...
প্ৰতিদিনে এটাকৈ ইলাচি খালে কি লাভ হয় জানেনে? জানক...