শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১২ জুলাইৰ পৰা ৰাজ্যত পুনৰ চলিব উচ্ছেদ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ৰাজ্যত চৰকাৰী ভূমি দখল কৰা সকলৰ বিৰুদ্ধে চৰকাৰৰ উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ উচ্ছেদ সম্পৰ্ক ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে।

১২ জুলাইৰ পৰা ৰাজ্যত পুনৰ চলিব উচ্ছেদ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Published: 10 Jul 2025 22:09 PM

উচ্ছেদক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি উত্তাল ৰাজ্যৰ ৰাজনীতি। ধুবুৰীত ৰাজ্য প্ৰশাসনে চলোৱা উচ্ছেদৰ পিছতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰক তীক্ষ্ণ সমালোচনা কৰিছে বিৰোধীৰ। পিছে বিৰোধীৰ মৌখিক আক্ৰমণে সলনি কৰিব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি। আজি সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যত চৰকাৰী ভূমি দখল কৰা সকলৰ বিৰুদ্ধে চৰকাৰৰ এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰে।

আজি অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰাৰ পিছতে তেওঁ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে। সেই সময়তে এগৰাকী সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে।

তেওঁ কয় যে বনাঞ্চলৰ মাটি উদ্ধাৰ কৰিবলৈ আদালতে অনুমতি দিছে। অসমত বিজেপি নাথাকিলে বেদখলকাৰী উদ্ধাৰ সম্ভৱ নহয় বুলিও তেওঁ মন্তব্য কৰে। ইফালে গোৱালপাৰাত হিন্দু মানুহ সংখ্যালঘুত পৰিণত হ’ল বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। একেদৰে বৰপেটা, বাঘবৰ চৰৰ পৰা মানুহৰ প্ৰব্ৰজনৰ ফলত একো একোটা অঞ্চলত হিন্দু সংখ্যালঘু হ’ল বুলিও তেওঁ দোহাৰে।

ইফালে এই বিষয়ত মন্তব্য ৰখাৰ সময়ত তেওঁ কাজিৰঙাৰ ওচৰত এখন মাদ্ৰাছা খুলি লোৱাৰ প্ৰয়োজন কি আছে বুলিও প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ দিনৰ এগৰাকী বন মন্ত্ৰী আৰু মনে মিলা এগৰাকী DFOৰ জড়িয়তে এই কাম কৰা হৈছিল বুলিও তেওঁ দাবী কৰে। সংবাদমেলত লগতে তেওঁক উচ্ছেদিত লোকসকল কোন স্থানলৈ গৈছে বুলি এক প্ৰশ্ন কৰা হৈছিল।

এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  উচ্ছেদৰ পিছত এই লোকসকল ‘ক’ত গৈছে মই কিয় খবৰ ৰাখোঁ’ বুলি মন্তব্য কৰে। এইদৰে কাম বঢ়াই লোৱাৰ পৰিৱৰ্তে নিজৰ যি কাম সেয়া সমাপ্ত কৰাহে প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ প্ৰত্যক্ষভাৱে উচ্ছেদ অব্যাহত ৰখাৰ কথা কয়। উচ্ছেদৰ পূৰ্বে স্থান খালী কৰাৰ বাবে ১০ জুলাইলৈ সময় দিয়া হৈছিল বুলি তেওঁ সদৰী কৰে।

অৱশ্যে জুম্মা নামাজৰ বাবে ১১ জুলাইত উচ্ছেদ কৰা নহয় আৰু তাৰ পৰিৱৰ্তে ১২ তাৰিখৰ পৰা পুনৰ অভিযান চলিব বুলি নিশ্চিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই অনুসাৰে ১২ জুলাইৰ পৰা গোৱালপাৰাত উচ্ছেদ চলোৱা বুলি তেওঁ জানিবলৈ দিয়ে।