“কংগ্ৰেছে মুছলমান ভোট বিচাৰে কিন্তু লুকুৱাই ৰাখে তেওঁলোকৰ পৰিচয় !” বিস্ফোৰক অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ
মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে দাবী কৰে যে,কংগ্ৰেছ দলে ৰাজনৈতিক সমাৱেশৰ সময়ত মুছলমান সম্প্ৰদায়ৰ সদস্যসকলক পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰাত নিৰুৎসাহিত কৰে।

“কংগ্ৰেছে মুছলমান লোকৰ ভোট বিচাৰে, কিন্তু মুকলি মনেৰে তেওঁলোকৰ সৈতে থিয় দিব নিবিচাৰে।” এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে দাবী কৰে যে,কংগ্ৰেছ দলে ৰাজনৈতিক সমাৱেশৰ সময়ত মুছলমান সম্প্ৰদায়ৰ সদস্যসকলক পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰাত নিৰুৎসাহিত কৰে।
তেওঁ কয় যে, “কংগ্ৰেছে মুছলমান সমাজৰ পৰা ভোট বিচাৰে, তথাপিও তেওঁলোকে মুকলিকৈ তেওঁলোকৰ সৈতে থিয় দিব নিবিচাৰে। সভাত অংশগ্ৰহণ কৰাৰ সময়ত টুপী পিন্ধিব নালাগে বা পৰম্পৰাগত মুছলমান সাজ-পোছাক পৰিধান কৰি নাহিবলৈ নিৰ্দেশ দিয়ে।”
ইয়াৰ লগতে তেওঁ কয় যে, “আমি কেতিয়াও এই ধৰণৰ আচৰণ কৰা নাই। কেতিয়া বড়োসকলক তেওঁলোকৰ পৰম্পৰাগত সাজ পৰিধান কৰি নাহিবলৈ কোৱা নাই,একেদৰে ৰাভা হওক বা আন কোনো জনগোষ্ঠীয়ে হওক আমি কেতিয়াও নকওঁ পৰম্পৰাগত সাজ পৰিধান নকৰিবলৈ। আমি পৰম্পৰাগত সাজ পৰিধান কৰি দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাও।”
বিজেপিয়ে প্ৰতিটো সম্প্ৰদায় আৰু জনজাতিকে ৰাজহুৱা সভা আৰু সমাৱেশত গৌৰৱেৰে নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিবলৈ উৎসাহিত কৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে । “কিন্তু কংগ্ৰেছৰ সম্পূৰ্ণ বিপৰীত। মুছলমানৰ পৰা ভোট লয় কিন্তু দীঘল দাড়ি বা পৰম্পৰাগত সাজ-পোছাক পিন্ধাসকলক তেওঁলোকৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাত বাধা দিয়ে।” এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ লগতে এক প্ৰকাৰে মুছলমানসকলক কংগ্ৰেছৰ বিৰুদ্ধে সিদ্ধান্ত ল’বলৈ আহ্বান জনাই মুখ্য়মন্ত্ৰী শৰ্মাই কয় যে,”এতিয়া মুছলমান সম্প্ৰদায়ে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন যে, কংগ্ৰেছক তেওঁলোকে সমৰ্থন কৰিব নে নকৰে।”