TV9 ASSAM
বৰ্তমান সময়ত মোবাইল ফোন মানুহৰ অবিচ্ছেদ্য অংগৰ দৰে হৈ পৰিছে। পিছে মোবাইল ব্যৱহাৰৰ যিদৰে সুবিধা আছে, তেনেদৰে অসুবিধাও আছে।
বহুলোকে স্মাৰ্টফোন অত্যধিক ব্যৱহাৰ কৰে। কিন্তু মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰে আমাৰ অজ্ঞাতেই শৰীৰৰ বিভিন্ন ক্ষতি কৰে।
বহুলোকৰে নিশা শোৱাৰ পূৰ্বে মোবাইল চোৱাৰ অভ্যাস আছে। চিকিৎসকৰ মতে এই অভ্যাস পৰিত্যাগ নকৰিলে শৰীৰৰ এটা অংগ আটাইতকৈ বেছি প্ৰভাৱিত হ’ব।
সেই অংগটোৱেই হৈছে মানুহৰ মগজু। টিভি ৯ৰ হেল্থ প্লাছ অনুষ্ঠানত বিশেষজ্ঞ চিকিৎচক ডাঃ অতনু সাহাই এই বিষয়ে মতামত দাঙি ধৰিছিল।
তেওঁৰ মতে শোৱাৰ পূৰ্বেও মোবাইল ফোন ব্যৱহাৰৰ ফলত মগজু সকলো সময়তে ৱৰ্ক মোডত থাকে। এয়া শৰীৰৰ বাবে ভাল নহয় বুলি তেওঁ কয়।
চিকিৎসক অতনু সাহাই লগতে কয় যে মোবাইলৰ অত্যধিক ব্যৱহাৰে এফালে চকুৰ ক্ষতি কৰিছে, আৰু লগতে মগজুতো ইয়াৰ প্ৰভাৱ পৰিছে।
শিশু মোবাইল আসক্তিৰ কথাও তেওঁ কয়। তেওঁৰ মতে, বহু সময়ত মোবাইল ফোনত কাৰ্টুন দেখুৱাই শিশুক খুৱাব লাগে। এই অভ্যাস একেবাৰেই ভাল নহয়।
অতনু সাহাৰ মতে, শোৱাৰ পূৰ্বে ইণ্টাৰনেটৰ আসক্তি অতি ক্ষতিকাৰক। চকু মুদি থোৱাৰ পিছতো মোবাইলত দেখা শেষ দৃশ্যটোৱে মনত ক্ৰিয়া কৰি থাকে বুলি তেওঁ দোহাৰে।
পঢ়িবলৈ ক্লিক কৰক
অকালতে চুলি পকা সমস্যাৰ প্ৰতিকাৰ জানক