হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবলৈ চিন্তা-চৰ্চা বিজেপিত, সেয়ে চলিছে অপপ্ৰচাৰ, অভিযোগ গৌৰৱৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসনক ব্যৱহাৰ কৰি তদন্ত প্ৰক্ৰিয়াক প্ৰকৃত সত্যৰ পৰা আঁতৰাই “কৰ্মী আৰু সমালোচকক ভাবুকি দিয়া” বুলি অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত বিশেষ তদন্তকাৰী দলে (এছ আই টি) “নিৰীহ লোকক হাৰাশাস্তি” কৰাৰ অভিযোগ তুলিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। এই সন্দৰ্ভত তেওঁ অসম চৰকাৰক সকীয়াই দিছে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত গগৈয়ে কয়, ‘‘এছ আই টিৰ জৰিয়তে অসম চৰকাৰক নিৰীহ লোকক টাৰ্গেট নকৰিবলৈ সকীয়াই দিছো। ৩০ দিনতকৈও অধিক সময় পাৰ হৈ গ’ল, আৰু আমি এতিয়াও নাজানো জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ’ল।”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসনক ব্যৱহাৰ কৰি তদন্ত প্ৰক্ৰিয়াক প্ৰকৃত সত্যৰ পৰা আঁতৰাই “কৰ্মী আৰু সমালোচকক ভাবুকি দিয়া” বুলি অভিযোগ উত্থাপন কৰে গৌৰৱ গগৈয়ে। তেওঁ লগতে কয়, “সত্য বিচাৰি উলিওৱাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে কৰ্মী আৰু সমালোচকক হাৰাশাস্তি কৰিবলৈ এছ আই টি ব্যৱহাৰ কৰিছে। পাঁচ মাহৰ পাছত তেওঁলোকৰ দল ক্ষমতাৰ পৰা আঁতৰি যাব।”
সমগ্ৰ অসমতে গভীৰ আৱেগ জগাই তোলা কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ পৰিস্থিতিৰ স্বচ্ছ আৰু বিশ্বাসযোগ্য তদন্ত নিশ্চিত কৰাৰ বাবে চৰকাৰৰ ওপৰত জনসাধাৰণৰ হেঁচা অব্যাহত থকাৰ সময়তে এই মন্তব্য কৰে গৌৰৱ গগৈয়ে।
“মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কথা বেঁকা কৰাত এক্সপাৰ্ট। এইটো নতুন কথা নহয়। ৰাহুলগান্ধীৰ বডী ডাবলৰ কথা, মোৰ আই এছ আই সম্পৰ্কৰ কথা তেওঁ কৈছিল। বাস্তৱ কথাটো বেঁকা কৰি কেনেকৈ মানুহক বিপাঙত পেলাব পাৰে সেয়া তেওঁলোকৰ উদ্দেশ্য। অসমৰ ৰাইজক যেতিয়া সোধা যায় যে হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব পাৰিবনে? ৰাইজে কয় নোৱাৰে। এগৰাকী বিধায়কে তিনিবাৰ ৰাইজক সুধিলে, কিন্তু ৰাইজে কয় আস্থা নাই।” গগৈয়ে কয়।
তেওঁ আৰু কয়, “হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যথেষ্ট হেঁচা, বিজেপিৰ ভিতৰ চ’ৰাত তেওঁক সলনি কৰাক লৈ চিন্তা-চৰ্চাৰ আৰম্ভণি হৈছে। সেই কাৰণে মিছা কথা কৈ, মিছা অভিযোগ, অপপ্ৰচাৰ এইবোৰ কৰিবলৈ আৰম্ভ কৰিছে।”