কলেষ্টেৰল বৃদ্ধি হ'লে ছালত দেখা দিয়া লক্ষণ...

29   OCT 2025

TV9 ASSAM

কলেষ্টেৰল এক চাইলেন্ট কিলাৰ। আজিকালি বহুলোকৰ বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাৰ সমস্যা দেখা যায়। ইয়াৰ ফলত হাৰ্ট এটেকৰ দৰে সমস্যা  হ'ব পাৰে।

কলেষ্টেৰল

কলেষ্টেৰল বৃদ্ধি হ'লে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। বিভিন্ন দিশৰ লগতে কলেষ্টেৰল বৃদ্ধি হ'লে ছালতো কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

লক্ষণ

চকু বা চকুৰ পতাত সৰু হালধীয়া দাগ দেখিলে সাৱধান হ'ব। ইয়াক ক্জেনথেলাজমা বুলি কোৱা হয়। শৰীৰত প্ৰয়োজনতকৈ বেছি কলেষ্টেৰল জমা হ'লে এই লক্ষণ দেখা দিয়ে।

চকুৰ কাষ হালধীয়া

আঁঠু, ভৰি বা আন অংশত সৰু সৰু গোটা গোটা বস্তু গঠন হয়। ই সাধাৰণতে হালধীয়া দেখি। তেজত চৰ্বিৰ পৰিমাণ বৃদ্ধি পালে এই সংকেতে দেখা দিয়ে।

গোটা বস্তু

যদি কোনো কাৰণ নোহোৱাকৈ ছালত খজুৱতি আৰু শুকান হোৱাৰ সমস্যা হয় তেতিয়া ই বেয়া কলেষ্টেৰল বৃদ্ধি পোৱাৰ লক্ষণ হ'ব পাৰে। দুৰ্বল তেজৰ প্ৰবাহৰ বাবে এনে হয়।

খজুৱতি

কলেষ্টেৰল জমা হ'লে তেজৰ প্ৰবাহ কম হয়। ইয়াৰ ফলত ভৰি ঠাণ্ডা থাকে। ইয়াৰোপৰি এনে অৱস্থাত কিবা আঘাত পালে সেয়া ঠিক হোৱাত অধিক সময় লাগে।

ঠাণ্ডা ভৰি

নখ হালধীয়া, নীলা পৰা আৰু ছাল শুকান হোৱা কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ হ'ব পাৰে। কলেষ্টেৰল জমা হোৱাৰ ফলত নখ আৰু ছালৰ পৰিৱৰ্তন হয়।

নখৰ ৰং সলনি

পড়িবলৈ ক্লিক কৰক 

বৃক্ক নষ্ট কৰে এই ৫ টা অভ্যাসে