ৰাতিৰ আহাৰ সোনকালে খালে স্বাস্থ্যৰ কি কি সমস্যা ৰোধ কৰিব পাৰি?

29 Octiber 2025

TV9 ASSAM

সুস্বাস্থ্যৰ বাবে সময়মতে খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন। বিশেষজ্ঞসকলে প্ৰায়ে পৰামৰ্শ দিয়ে যে,ৰাতি আহাৰ সোনকালে গ্ৰহণ কৰিব লাগে।

সুস্বাস্থ্যৰ বাবে উপকাৰী

ইয়াৰ লগতে পাৰিলে ৰাতি আহাৰত লঘু খাদ্য বা ৰাতি পাতল আহাৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে।

পাতল আহাৰ

বিশেষজ্ঞৰ মতে ৰাতি আহাৰ সন্ধিয়া ৭ বজাৰ আগত খাব লাগে। অন্যথা বিভিন্ন স্বাস্থ্যৰ সমস্যা হ'ব পাৰে।

৭ বজাৰ আগত

কোৱা হয় যে, ৰাতি হজম শক্তি লেহেমীয়া হয়, গতিকে খাদ্য হজমৰ বাবে সময়ৰ প্ৰয়োজন হয়। সোনকালে খাদ্য খোৱাৰ বাবে শৰীৰে খাদ্য হজমৰ বাবে পৰ্যাপ্ত সময় লাভ কৰে।

হজম শক্তি লেহেমীয়া

বিশেষজ্ঞৰ মতে পলমকৈ ৰাতি আহাৰ গ্ৰহণ কৰাৰ ফলত এচিডিটি বা পেট ফুলা সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

পেট ফুলা

ৰাতি পলমকৈ খাদ্য খোৱাৰ ফলত কেলৰি চৰ্বি হিচাপে জমা হোৱাৰ সম্ভাৱনা বেছি হয়। যিয়ে ওজন বৃদ্ধি কৰিব পাৰে।

ওজন বৃদ্ধি

ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰাৰ ফলত তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। লগতে ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।

চুগাৰৰ মাত্ৰা বৃদ্ধি

পঢ়িবলৈ ক্লিক কৰক

কি কি কাৰণত প্ৰস্ৰাৱত ফেন উঠে?