Goalpara: গোৱালপাৰাত দুজনকৈ চৰকাৰী বিষয়াৰ বিৰুদ্ধে অভিযান মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ
উল্লেখ যে, দুয়োজন অভিযন্তাৰে বিৰুদ্ধে অবাধ হাৰত সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপিত হৈ আহিছে। দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ইছফাকুল উৱাৰিছ বিৰুদ্ধে পূৰ্বতেও সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ কৰা হৈছিল।
গোৱালপাৰাত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান। গোৱালপাৰা পৌৰ সভাৰ কণিষ্ঠ অভিযন্তা আনোৱাৰ হুছেইন আৰু পৌৰ সভাৰ এবছৰ পূৰ্বৰ সহকাৰী অভিযন্তা তথা বৰ্তমানৰ দুধনৈ জলসিঞ্চন বিভাগত কৰ্মৰত ইছফাকুল উৱাৰিছৰ বাসগৃহত অভিযান। মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটি দল উপস্থিত হৈ তদন্ত কৰে।
উল্লেখ যে, দুয়োজন অভিযন্তাৰে বিৰুদ্ধে অবাধ হাৰত সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপিত হৈ আহিছে। দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ইছফাকুল উৱাৰিছ বিৰুদ্ধে পূৰ্বতেও সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ কৰা হৈছিল।
