দিনত ৩ বাৰ ভাত খোৱা ভাল নে বেয়া, জানক...

29   OCT 2025

TV9 ASSAM

অসমত ভাল খাদ্য বুলি ক'লে ভাতকেই বুজা যায়। কোৱা হয়, ভাতে শক্তি প্ৰদান কৰে। যাৰ বাবে বহুতে ভাত মূল খাদ্য হিচাপে গ্ৰহণ কৰে।

ভাত

ভাৰতত প্ৰায় সকলো প্ৰান্তৰ মানুহে কম বেছি ভাত খায়। অৱশ্যে কিছুমান ঠাইত ৰুটিৰ প্ৰচলন বেছি। অসমত বেছি সংখ্যক লোকে ভাত খাই যদিও স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি কিছুমানে ৰুটিও খায়।

ভাৰত

অসমত প্ৰায়ভাগ মানুহে পুৱা, দুপৰীয়া আৰু নিশা ভাত খোৱা দেখা যায়। গতিকে প্ৰশ্ন হয়, এটা দিনত তিনিসাঁজ ভাত খোৱা ভাল নে বেয়া? এই সন্দৰ্ভত সবিশেষ জনাইছে স্বাস্থ্য বিশেষজ্ঞই।

ভাল নে বেয়া

ভাত খোৱা অস্বাস্থ্যকৰ নহয়। অৱশ্যে এই ক্ষেত্ৰত ইয়াৰ পৰিমাণ আৰু খোৱাৰ পদ্ধতি নিৰ্ভৰ কৰে। ভাতত প্ৰচুৰ পৰিমাণে কাৰ্বোহাইড্ৰেট থাকে। যিয়ে শক্তি প্ৰদান কৰে।

ভাত

গতিকে শক্তিৰ বাবে ভাত খোৱা প্ৰয়োজন। বিশেষকৈ যিসকলে অধিক শাৰীৰিক পৰিশ্ৰম কৰে সেইসকলৰ বাবে ভাত খোৱাতো ভাল। অৱশ্যে পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব লাগে।

শক্তি

চাউলত প্ৰ'টিন, ছডিয়াম, মেগনেছিয়াম, ফ’লেট, আৰু ফাইবাৰ থাকে। ই গ্লুটেনমুক্ত। গতিকে নিয়ন্ত্ৰণত ৰাখি এজন লোকে দিনত তিনিবাৰ ভাত খোৱাৰ পাছতো একো সমস্যা নহয়।

কি কি থাকে

কিন্তু যদি অধিক পৰিমাণে ভাত খাই তেন্তে ওজন বৃদ্ধি হ'ব পাৰে। কিয়নো কেলৰি বৃদ্ধি পায়। ডায়েবেটিছ ৰোগীসকলে ভাত কমকৈ খোৱা ভাল। ইয়াৰোপৰি আপোনাৰ যদি কিবা ৰোগ আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগে।

ওজন বৃদ্ধি

পঢ়িবলৈ ক্লিক কৰক 

কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ