শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
উৰিয়ামঘাটত নগাই কাটিলে অসমৰ ভূমিত ৰোপন কৰা গছ...

উৰিয়ামঘাটত নগাই কাটিলে অসমৰ ভূমিত ৰোপন কৰা গছ…

barasha-sarma
Barasha Sarma | Updated On: 29 Oct 2025 16:10 PM

অসমত পুনৰ নগাৰ দপদপনি। শেহতীয়াকৈ নগাই অসমৰ ভূমিত প্ৰৱেশ কৰি বহু গছ-গছনি কাটি তহিলং কৰে। উৰিয়ামঘাটত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত নগাৰ দপদপনি। একাংশ নগা লোক আহি উচ্ছেদিত স্থানত অসম চৰকাৰৰ বন বিভাগে ৰোপণ কৰা গছপুলি কাটি তহিলং কৰে । উল্লেখ্যযোগ্য, ঘটনাস্থলীৰ পৰা কিছু দূৰত আছে সীমান্তত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত ১৫৫ নং চি আৰ পি এফৰ কেম্প আছে। কিন্তু তাৰ পাছতো একাংশ নগা দুৰ্বৃত্তৰ কাণ্ডই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপিৰ দৰে নগাই গছ পুলি কাটি গুছি যোৱাৰ পিছত এতিয়া উক্ত স্থানত চি আৰ পি, অসম আৰক্ষী আৰু প্ৰশাসনৰ লোকে উপস্থিত হৈছে। নগাৰ এই কাণ্ডত সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে, এয়াই প্ৰথম নহয়, একাংশ নগা দুৰ্বৃত্তই প্ৰায়ে অসমৰ মাটিত প্ৰৱেশ কৰি এনেদৰে উপদ্ৰৱ চলায়।