ব্ৰাহ্মছৰ সৈতে কিদৰে জড়িত ব্ৰহ্মপুত্ৰ! আব্দুল কালামৰ সৈতে হোৱা বাৰ্তালাপ সুঁৱৰি ক’লে মুখ্যমন্ত্ৰীয়ে

দেশৰ শক্তিশালী অস্ত্ৰ ‘ব্ৰাহ্মছ’ মিছাইলৰ সৈতে বিশেষ সম্পৰ্ক আছে অসমৰ। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ‘মিছাইল মেন অৱ ইণ্ডিয়া’ খ্যাত ড° এ.পি.জে. আব্দুল কালামৰ সৈতে হোৱা এটা কথোপকথনৰ কথা স্মৰণ কৰি এই বিষয়ে প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ব্ৰাহ্মছৰ সৈতে কিদৰে জড়িত ব্ৰহ্মপুত্ৰ! আব্দুল কালামৰ সৈতে হোৱা বাৰ্তালাপ সুঁৱৰি ক’লে মুখ্যমন্ত্ৰীয়ে

ব্ৰাহ্মছৰ নামৰ আঁৰত ব্ৰহ্মপুত্ৰ

Published: 

24 May 2025 16:19 PM

দেশৰ প্ৰতিৰক্ষা খণ্ডৰ অন্যতম শক্তিশালী অস্ত্ৰ ব্ৰাহ্মছ মিছাইল। এই শক্তিশালী অস্ত্ৰৰ সৈতে বিশেষ সম্পৰ্ক আছে অসমৰ। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ‘মিছাইল মেন অৱ ইণ্ডিয়া’ খ্যাত ড° এ.পি.জে. আব্দুল কালামৰ সৈতে হোৱা এটা কথোপকথনৰ কথা স্মৰণ কৰি এই বিষয়ে প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজা এক্স হেণ্ডলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “When Brahmaputra Took Flight: BrahMos Strikes with the Power of a Nation”  শীৰ্ষক এটা পোষ্টত ব্ৰাহ্মছ মিছাইলৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ সৈতে পূৰ্বে হোৱা বাৰ্তালাপ সুঁৱৰি ব্ৰাহ্মছ মিছাইলৰ নামাঙ্কৰৰ আঁৰত থকা গভীৰ প্ৰতীকী তাৎপৰ্যৰ ওপৰত আলোকপাত কৰিছে। তেওঁ উল্লেখ কৰা মতে, এই ব্ৰাহ্মছ মিছাইলৰ নাম অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ ৰাজধানী মস্কভাৰ সংমিশ্ৰণ।

এই পোষ্টটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ব্ৰাহ্মছ নামটো কেৱল শব্দৰ সংমিশ্ৰণ নহয়— ইয়াৰ পৰিচয় ইতিহাস আৰু শক্তিৰ সংমিশ্ৰণ। অসমৰ গৰ্জনকাৰী নদী ব্ৰহ্মপুত্ৰ- যি শক্তি, স্থিতিস্থাপকতা আৰু প্ৰবাহৰ প্ৰতীক আৰু ৰাছিয়াৰ স্নায়ুকেন্দ্ৰ মস্কভাৰ পৰা উদ্ভৱ হোৱা এই মিছাইল ভাৰতৰ প্ৰাকৃতিক শক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ লগতে প্ৰযুক্তিগত মিত্ৰতাৰো প্ৰতীক।”

ব্ৰহ্মোছক ‘ভাৰতৰ অগ্নিত খোদিত বাৰ্তা’ বুলি বৰ্ণনা কৰি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই মিছাইলৰ শক্তি আৰু ক্ষমতাৰ উচ্চ প্ৰশংসা কৰিছে আৰু লগতে ব্ৰহ্মপুত্ৰ নদীৰ পৰম্পৰা বিশ্বৰ অন্যতম উন্নত ক্ৰুজ মিছাইলৰ জৰিয়তে বিশ্বব্যাপী প্ৰচাৰিত হোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰিছে। তেওঁ লগতে অপাৰেচন সেন্দূৰত ব্ৰাহ্মছ মিছাইলৰ ভূমিকাৰ প্ৰশংসা কৰে।

তেওঁ ব্ৰাহ্মছক ‘গতিশীল ব্ৰহ্মপুত্ৰ’ বুলি অভিহিত কৰিছে আৰু এই নামটোৱে এখন ৰাষ্ট্ৰৰ শক্তি আৰু দৃঢ়তাৰ কথা প্ৰতিফলিত কৰা বুলি উল্লেখ কৰিছে। “আমাৰ ব্ৰহ্মপুত্ৰৰ নাম বিশ্বৰ আটাইতকৈ দ্ৰুতগতিৰ ছুপাৰচ’নিক ক্ৰুজ মিছাইলৰ নামৰ সৈতে জড়িত হোৱাটো অসমৰ বাবে গভীৰ গৌৰৱৰ বিষয়।”- এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

“আমাৰ মাটিত জন্মগ্ৰহণ কৰা এই নামে অপাৰেচন সেন্দূৰত সীমান্তৰ ওপৰেৰে গৰ্জন কৰি গ’ল আৰু সঠিক আঘাতৰ জৰিয়তে বিশ্বক বিস্মিত কৰি তুলিলে আৰু শত্ৰুক ভীতিগ্ৰস্ত কৰি তুলিলে। ই কেৱল মিছাইল নহয়। ই গতিশীল ব্ৰহ্মপুত্ৰ। শত্ৰুৱে যেতিয়া ‘ব্ৰাহ্মছ’ৰ নাম শুনে, তেওঁলোকে আমাৰ নদীৰ গৰ্জন আৰু এক অটল ৰাষ্ট্ৰৰ ইচ্ছাশক্তি শুনে।”- পোষ্টটোত এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Stories
বিদেশী নাগৰিক ঘোষণাৰ পাছতো বাস কৰিছিল বৈধ নাগৰিকৰ দৰে ! মৰিগাঁৱৰ পৰা ৯ অবৈধ বাংলাদেশীক আটক…
ছেপ্টেম্বৰত ওলাব গৌৰৱ-হিমন্তৰ বাকযুদ্ধৰ উত্তৰঃ ৰাজ্যৰ ৰাজনীতিত বলিব নেকি ধুমুহা!
“শংকৰজ্যোতিৰ গ্ৰেপ্তাৰকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে আছুৱে”, মৌনতা ভংগ কৰি কি ক’লে আছুৰ নেতৃত্বই ?
ৰক্ষকৰ ৰূপত ভক্ষক ! এগৰাকী বিশেষভাৱে সক্ষম মহিলাৰ সৈতে দুই আৰক্ষী জোৱানে কৰিলে ভয়ংকৰ কাণ্ড
ৰাজনীতিলৈ আহি কণ্ঠ হেৰুৱাইছে নেকি সীমান্ত শেখৰে? ক’লে মনৰ কথা…
ভাস্কৰ কলিতা হত্যাকাণ্ড, পূব অসমত ধন দাবীৰ কাৰ্যৰ মূল ব্যক্তি ! নিষিদ্ধ আলফা (স্বাধীন)ৰ শীৰ্ষ নেতা ৰূপম অসমক গ্ৰেপ্তাৰ…
বিৰাট নে গিল, টেষ্ট অধিনায়ক নিৰ্বাচিত হোৱাৰ আগলৈকে কাৰ ৰেকৰ্ড অধিক উন্নত!
শুভমন গিলে লাভ কৰিব ৭ কোটি টকা, টেষ্ট অধিনায়ক হোৱাৰ লগে লগে হ’ল নিশ্চিত!
গা ধোৱাৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ আহি থাকে নেকি? জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত টেঙা পানীয় বা খাদ্যই কি কি সমস্যা দূৰ কৰে ? জানক উপকাৰিতাৰ বিষয়ে...