এই স্মাৰক ক্ষেত্ৰ অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ সংকল্পৰ প্রতীক: মুখ্যমন্ত্ৰী

বন্তি প্রজ্বালন কাৰ্যসূচীত মন্ত্রীসকল ক্রমে অতুল বৰা, কেশৱ মহন্ত, বিমল বড়া, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা প্রমুখ্যে কেইবাগৰাকী জ্যেষ্ঠ বিষয়া, সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ লয়।

এই স্মাৰক ক্ষেত্ৰ অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ সংকল্পৰ প্রতীক: মুখ্যমন্ত্ৰী

বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত মুখ্যমন্ত্ৰী

Updated On: 

09 Dec 2025 22:53 PM

বুধবাৰে ৰাজ্যত পালন কৰা হ’ব শ্বহীদ দিৱস। এই উপলক্ষে কাইলৈ মুকলি হ’বলগীয়া মহানগৰীৰ বৰাগাঁওস্থিত ছহিদ স্মাৰক ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শ্বহীদ দিৱসৰ প্ৰাক্সন্ধ্যা অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অসম চৰকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্রত ‘শ্বহীদ প্রণাম জ্যোতি’ প্রজ্বলন কৰে মুখ্যমন্ত্ৰীয়ে। লগতে ৮৬০ গছি বন্তি প্রজ্বালনেৰে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে প্রাণ আহুতি দিয়া শ্বহীদসকললৈ শ্রদ্ধা নিৱেদন কৰা হয়।

বন্তি প্রজ্বালন কাৰ্যসূচীত মন্ত্রীসকল ক্রমে অতুল বৰা, কেশৱ মহন্ত, বিমল বড়া, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা প্রমুখ্যে কেইবাগৰাকী জ্যেষ্ঠ বিষয়া, সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ লয়। ভাগৱত পাঠেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত পৰিৱেশন কৰা হয় দিহানাম আৰু থিয়নামো।

অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, “অসম আন্দোলনৰ শ্বহীদসকললৈ শ্রদ্ধা জনাই অসম চৰকাৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ১৭০ কোটি টকা ব্যয়ৰে ১৫০ বিঘাৰো অধিক ভূমি সামৰি নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ কাইলৈ শ্বহীদ দিৱসৰ পৱিত্ৰ দিনটোত উদ্বোধন কৰা হ’ব।” তেওঁ কয়, “এই স্মাৰক ক্ষেত্ৰখন অসমীয়া জাতি বিশ্বৰ বুকুত গৌৰৱেৰে জীয়াই থকাৰ সংকল্পৰ এক প্রতীক আৰু জাতিটোৰ বাবে প্ৰেৰণাৰ কেন্দ্ৰ হৈ পৰিব।”

কাইলৈ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদ দিৱস কেন্দ্রীয়ভাৱে পালন কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ জিলা আৰু সমজিলা সদৰতো আয়োজন কৰাৰ কথা সদৰী কৰি ৰাইজক ইয়াত ভাগ ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

বৃক্ক থাকিব সুস্থ! মাত্ৰ খাবলৈ আৰম্ভ কৰক এইসমূহ খাদ্য...
ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক চিকিৎসকৰ পৰা ...
ডায়েবেটিছ ৰোগীয়ে শীতকালত ভুলতো খাব নালাগে এইসমূহ খাদ্য...
নিম্ন ৰক্তচাপৰ সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...