বৃক্ক সুস্থ ৰাখিবলৈ খাওক এইসমূহ খাদ্য...

11 Dec 2025

TV9 ASSAM

বৃক্ক শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত পানী বাহিৰ কৰে। লগতে ব্লাড প্ৰেচাৰ আৰু মিনাৰেলছ নিয়ন্ত্ৰণত ৰাখে। এনে অৱস্থাত বৃ্ক্কৰ যত্ন লোৱা অতি প্ৰয়োজন।

বৃক্ক

ডাঃ এল এছ ঘোতকৰে কয় যে, আপেলত থকা এন্টিঅক্সিডেন্ট আৰু ফাইবাৰে বৃক্কক সুৰক্ষিত কৰে আৰু বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। ই ব্লাড চুগাৰ,কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখি বৃক্কক ভালে ৰাখে।

আপেল

পালেং, মেথি, সৰিয়দ আদি সেউজীয়া শাকত ভিটামিন, মিটাৰেলছ আদি থাকে। যি কিডনীৰ কোষবোৰ মজবুত কৰে। ই ফুলা কম কৰাত সহায় কৰে।  লো ছডিয়াম ডাইটৰ বাবে ই ভাল।

শাক-পাচলি

বিভিন্ন প্ৰকাৰৰ বেৰিজ যেনে ব্লু বেৰিজ, ষ্ট্ৰবেৰী আদিত এন্টিঅক্সিডেন্ট থাকে। যি বৃক্কৰ কোষবোৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াত ছোডিয়াম, পটেছিয়াম, ফচফৰাত কম থাকে। যি বৃক্কৰ বাবে ভাল।

বেৰিজ

অটছত প্ৰচুৰ পৰিমানে ফাইবাৰ থাকে। যি ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে আৰু কিডনীক হেঁচা প্ৰয়োগ নকৰে। ই পাচন প্ৰক্ৰিয়া ভাল কৰে। পুৱাৰ সময়ত অটছ খোৱা ভাল বিকল্প।

অটছ

কিডনীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা প্ৰয়োজন। ই বৃক্ক পৰিষ্কাৰ কৰে আৰু শৰীৰত ইউৰিক এচিড বা বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। ই বৃক্কৰ ফিল্টাৰিং ক্ষমতা ভাল কৰে।

পানী

নাৰিকল পানীয়ে শৰীৰৰ ইলেক্ট্ৰোলাইট ভাৰসাম্য ভালে ৰাখে । নাৰিকল পানীয়ে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা কম কৰে আৰু প্ৰাকৃতিকভাৱে শৰীৰ হাইড্ৰেট কৰে।

নাৰিকল পানী

পঢ়িবলৈ ক্লিক কৰক 

ডায়েবেটিছ ৰোগীয়ে কি খাব নালাগে