ছাত্ৰৰ ছুৰিকাঘাতত মৃত্যু হ’ল শিক্ষকৰ, কেনেকৈ সংঘটিত হ’ল এই চাঞ্চল্যকৰ হত্যাকাণ্ড… ?

চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্য । সূত্ৰ খবৰ অনুসৰি, শিৱসাগৰৰ নগৰৰ বি জি ৰোডত থকা সাই বিকাশ একাডেমীত শনিবাৰে বিয়লি এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় । জানিব পৰা মতে, এজন একাদশ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত মৃত্যুক আকোৱালি লয় একাডেমীখনৰ অধ্যক্ষগৰাকীয়ে ।

ছাত্ৰৰ ছুৰিকাঘাতত মৃত্যু হল শিক্ষকৰ, কেনেকৈ সংঘটিত হল এই চাঞ্চল্যকৰ হত্যাকাণ্ড... ?

ছাত্ৰৰ আক্ৰমণত শিক্ষকৰ মৃত্যু

Published: 

07 Jul 2024 08:19 AM

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্য । সূত্ৰ খবৰ অনুসৰি, শিৱসাগৰৰ নগৰৰ বি জি ৰোডত থকা সাই বিকাশ একাডেমীত শনিবাৰে বিয়লি এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় । জানিব পৰা মতে, এজন একাদশ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত মৃত্যুক আকোৱালি লয় একাডেমীখনৰ অধ্যক্ষগৰাকীয়ে ।

ঘটনাৰ বিৱৰণ অনুসৰি, ছাত্ৰজনৰ আক্ৰমণত একাডেমীৰ অধ্যক্ষ ৰাজেশ বেজৱাৰাৰ মৃত্যু হয় । জানিব পৰা মতে, ৰাজেশ বেজৱাৰাৰ ঘৰ অন্ধ্ৰপ্ৰদেশত । শনিবাৰে বিয়লি ৰাসায়ন বিজ্ঞানৰ পাঠদান চলি থকাৰ সময়তে ছাত্ৰ জনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি অধ্যক্ষগৰাকীয়ে ছাত্ৰজনক শ্ৰেণী কোঠাৰ পৰা বহিষ্কাৰ কৰে ।

ইয়াৰ পাছতে ছাত্ৰজনে ইউনিফৰ্ম সলনি কৰি পুনৰ বিদ্যালয়ত উপস্থিত হয় । সেই সময়ত ছাত্ৰজনক শ্ৰেণী কোঠাত প্ৰৱেশ কৰাত বাধা দিয়াত ছাত্ৰজনে লগত লৈ অনা ছুৰীৰে অধ্যক্ষগৰাকীৰ মুখ আৰু বুকুত উপৰ্যুপৰি আঘাত কৰে । এই ঘটনা সংঘটিত হোৱাৰ লগে লগে বিদ্যালয়ত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় ।

ছাত্ৰজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত অধ্যক্ষজনক স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় । চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত স্থানীয় চুকাফা হাস্পতালত ভৰ্তি কৰা হয় । ইয়াতে অধ্যক্ষ গৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে ।

ইফালে, এজাহাৰ ভিত্তিত এই আক্ৰমণ সংঘটিত কৰা ছাত্ৰজনক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে । ইয়াৰ লগতে শিৱসাগৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, অধ্যক্ষ ৰাজেশ বেজৱাৰাৰ বয়স ৪৫ বছৰ ।

ভগৱান হনুমান সন্তুষ্ট হ’লে কি কি সংকেত দিয়ে?
বিশ্বৰ সবাতোকৈ দামী কণ্ডমটোৰ দাম কিমান জানেনে? জানিলে আচৰিত হ'ব আপুনি...
নিশা খাওক এইবোৰ বস্তু, আহিব ভাল টোপনি
দূৰ হ'ব ধনৰ সমস্যা! মঙলবাৰে কৰক এই উপায়...