সুধাকণ্ঠৰ স্মৃতিত ১০০ টকীয়া ভাৰতীয় মুদ্ৰা, কেন্দ্ৰই জনালে অনুমোদন

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা স্মৃতিত কেন্দ্ৰই ১০০ টকীয়া স্মাৰক মুদ্ৰা প্ৰদান কৰিব, বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ আৰু কৃতজ্ঞতা জনায় প্ৰধানমন্ত্ৰী মোদীক।

সুধাকণ্ঠৰ স্মৃতিত ১০০ টকীয়া ভাৰতীয় মুদ্ৰা, কেন্দ্ৰই জনালে অনুমোদন

সুধাকণ্ঠৰ স্মৃতিত ১০০ টকীয়া ভাৰতীয় মুদ্ৰা

Updated On: 

28 Aug 2025 14:56 PM

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ সন্মানাৰ্থে এক উল্লেখনীয় পদক্ষেপ। ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কেন্দ্ৰই ১০০ টকীয়া স্মাৰক মুদ্ৰা প্ৰদানৰ কথা ঘোষণা কৰিছে। ইয়াৰ পিছতে বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকক কৃতজ্ঞতা জ্ঞাপন কৰে।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জাৰি কৰা ৰাজপত্ৰ অধিসূচনা শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে হাজৰিকাৰ বাবে ইয়াক “কালজয়ী স্বীকৃতি” বুলি অভিহিত কৰে। তেওঁ কিংবদন্তি গায়ক আৰু সুৰকাৰগৰাকীক উচিত স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। এই সন্মানৰ বাবে ফলত শতবাৰ্ষিকী উদযাপন বিশেষ হৈ পৰিব।

ইফালে এই সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ো সামাজিক মাধ্য়মত এটা পোষ্ট দিয়ে। তেওঁ লিখিছে,  ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ সন্মানাৰ্থে এক উল্লেখনীয় পদক্ষেপ 🎙️সুধাকণ্ঠৰ জন্ম-শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে সুধাকণ্ঠৰ স্মৃতিত ১০০ টকীয়া এটি বিশেষ স্মাৰক মুদ্ৰা প্ৰস্তুতৰ বাবে চৰকাৰী গেজেট অধিসূচনা জাৰি কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আমাৰ হিয়াৰ আমঠু ভূপেনদাৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে অসমবাসীৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ এই আন্তৰিক আহ্বান কাৰ্যকৰী হোৱাত অতিকৈ আনন্দিত হৈছোঁ।


৮ ছেপ্টেম্বৰত গুৱাহাটীত সুধাকণ্ঠৰ জন্ম-শতবাৰ্ষিকীৰ অনুষ্ঠান উদ্বোধন কৰাৰ কথা আছিল, কিন্তু বিশেষ কাৰণত ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিব মোদীয়ে।

ওকণিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব, জানক সহজ উপায়
প্ৰস্ৰাৱৰ পাছত পানী খাই নেকি? হ'ব পাৰে ডাঙৰ সমস্যা, জানক...
চজিনা পাতৰো আছে অসামান্য গুণ, দূৰ কৰিব পাৰে দেহৰ এনে চিন্তনীয় সমস্যা
এই ভিটামিনৰ অভাৱত দাঁতত পোক লাগে, জানক...