আজি BTCৰ পৰিষদীয় নির্বাচনৰ ভোটগ্রহণ, ৪০টা সমষ্টিত ৩১৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

BTC Election 2025: পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোটগ্রহণ বিয়লি ৪ বজালৈকে অনুষ্ঠিত হ'ব।৩ হাজাৰ ৩৫৯টা কেন্দ্ৰত আৰম্ভ ভোটগ্রহণ । BTC নির্বাচনত ৩১৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। ২৬ লাখ ৫৮ হাজাৰ ১৫৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য।

আজি BTCৰ পৰিষদীয় নির্বাচনৰ ভোটগ্রহণ,  ৪০টা সমষ্টিত ৩১৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

নিৰ্বাচন

Published: 

22 Sep 2025 09:13 AM

জুবিনক হেৰুৱাই নিঠৰুৱা হৈ পৰিছে অসমীয়া। ওৰেটো নিশা জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ সৰুসজাইত ভিৰ অনুৰাগীৰ। কেৱল গুৱাহাটীৰে নহয় অসমৰ প্ৰতিটো প্ৰান্তৰ অনুৰাগীয়ে সৰুসজাইত ভিৰ কৰিছে জুবিন গাৰ্গক এবাৰ চাই যাও বুলি। ইয়াৰ মাজতে আজি BTCৰ ৫ জিলাত পৰিষদীয় নির্বাচন ৪০টা পৰিষদীয় সমষ্টিত ভোটগ্রহণ।

পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ ভোটগ্রহণ বিয়লি ৪ বজালৈকে অনুষ্ঠিত হ’ব।৩ হাজাৰ ৩৫৯টা কেন্দ্ৰত আৰম্ভ ভোটগ্রহণ । BTC নির্বাচনত ৩১৬ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। ২৬ লাখ ৫৮ হাজাৰ ১৫৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য।

বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। সমষ্টিসমূহ হৈছে-পৰ্বতঝোৰা (ST),বাওখুংগ্ৰী (ST), শালবাৰী (ST), খৈৰাবাৰী (ST), গুমা (Open), চালাকাটি (ST), কোকলাবাৰী (ST), ভেৰগাঁও (ST), শ্ৰীৰামপুৰ (Non ST) , চিৰাং (ST), দিহিৰা (Open), ননৈ ছেৰফাং (Non ST), যমদুৱাৰ (ST), চিৰাং দুৱাৰ (ST),মুছলপুৰ(ST), খালিং দুৱাৰ (ST), চৰাইবিল (ST), কাজলগাঁও (ST), বাগানপাৰা (ST), মুদৈবাৰী (Open), কচুগাঁও (ST), নিচিমা (ST), দৰঙাজুলি (ST), হৰিশিঙা (ST), দোতমা (ST), সোবাইঝাৰ (ST), নাগ্ৰীজুলি (Non ST), ধনশ্ৰী (ST), ফকিৰাগ্ৰাম (Non ST), মানস ছেৰফাং (ST), গইবাৰী (ST), ভৈৰৱকুণ্ড (ST), বনৰগাঁও (ST), ঠুৰিবাৰী (Open), ছুক্লাই ছেৰফাং (ST), পাঁচনৈ ছেৰফাং (Non ST), দেবৰগাঁও (ST), মথনগুৰি (Open), গোৰেশ্বৰ (ST), ৰৌতা (ST)।

নিৰ্বাচন সন্দৰ্ভত সামাজিক মাধ্যমক পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সকলোকে ভোটদানৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়,  “বি টি আৰৰ প্ৰতিগৰাকী সন্মানীয় ভোটাৰক আজি ওলাই আহি নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনালোঁ। গণতন্ত্ৰৰ বৃহৎ উৎসৱটিত বি টি আৰবাসীয়ে যোগদান কৰক৷ আপোনালোকৰ বহুমূলীয়া এটি এটি ভোট এখন সমৃদ্ধিশালী বি টি আৰ নিৰ্মাণৰ মূল চাবিকাঠী হিচাপে পৰিগণিত হ’ব।”

এই সন্দৰ্ভত নিৰ্বাচন আয়োগে যোৱা ২৬ আগষ্টত জাৰি কৰিছিল নিৰ্বাচনৰ জাননী । ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য মতে বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যা ২৬,৫৭,৯২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৩,২৩,৩৯৯ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৩,৩৪,৫২১ গৰাকী। অন্যান্য ভোটাৰৰ সংখ্যা ১৭ গৰাকী। ২০২০ বৰ্ষৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল ২৩,৮৭,০৪৬ গৰাকী।

মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৩৩৫৯ টা। ২০২০ চনৰ নিৰ্বাচনত এই সংখ্যা আছিল ৩১৪৬ টা। মুঠ আসন হৈছে ৪০ খন। ইয়াৰে ৩০ খন আসন অনুসূচীত জনজাতিৰ বাবে, ৫ খন আসন অনুসূচীত অ-জনজাতীয় লোকৰ বাবে আৰু ৫ খন আসন সকলোৰে বাবে মুকলি। ২৬ ছেপ্টেম্বৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব।

লগতে পঢ়ক: মই কেতিয়াও জুবিন গাৰ্গ হ’ব নোৱাৰো: গুৱাহাটীত কণ্ঠশিল্পী পাপন

খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!
মুখত বাৰে বাৰে ঘাঁ হৈ থাকে নেকি? ভুলতেও নকৰিব আওকান!
জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!