শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জনজাতিকৰণৰ দাবীত ১ নৱেম্বৰত কঁপিব উজনি, চৰাইদেউত জোঁৰ সমদল কৰিব হাজাৰ হাজাৰ টাই আহোমৰ লোকে

১ নৱেম্বৰত চৰাইদেউ জিলাৰ সদৰ সোণৰিত জনজাতিকৰণৰ দাবীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে টাই আহোম জনগোষ্ঠীয় লোকে। ইয়াৰ লগতে ডিব্ৰুগড়, শিৱসাগৰতো কাইলৈ দিনটো বিশাল জোঁৰ সমদল কৰিব টাই আহোমে।

জনজাতিকৰণৰ দাবীত ১ নৱেম্বৰত কঁপিব উজনি, চৰাইদেউত জোঁৰ সমদল কৰিব হাজাৰ হাজাৰ টাই আহোমৰ লোকে
manas-borah
Manas Borah | Updated On: 31 Oct 2025 23:08 PM

জনজাতিকৰণৰ দাবীত উজনিত প্ৰতিবাদ অব্যাহত ৰাখিছে ছয় জনগোষ্ঠীয়ে। ইয়াৰ অংশ হিচাপে কাইলৈ অৰ্থাৎ ১ নৱেম্বৰত চৰাইদেউ জিলাৰ সদৰ সোণৰিত জনজাতিকৰণৰ দাবীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে টাই আহোম জনগোষ্ঠীয় লোকে। ইয়াৰ লগতে ডিব্ৰুগড়, শিৱসাগৰতো কাইলৈ দিনটো বিশাল জোঁৰ সমদল কৰিব টাই আহোমে। টাই আহোম যুৱ পৰিষদৰ আহ্বানত গ্ৰহণ কৰা এই জোঁৰ সমদল কাৰ্যসূচীত প্ৰায় ৫০ হাজাৰ টাই আহোম জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে।

খবৰ অনুসৰি, কাইলৈ সন্ধিয়া জনজাতিকৰণৰ দাবীত চৰাইদেউত জোৰ সমদল কৰিব প্ৰায় পঞ্চাশ হাজাৰ টাই আহোমৰ লোকে। একে সময়তে এই কাৰ্যসূচীৰ আহ্বান জনোৱা টাই আহোম যুৱ পৰিষদৰ নেতৃত্বই মুখ্যমন্ত্ৰীৰ কথাত ভুল নাজাবলৈ সকলোকে আহ্বান জনাইছে।

এই কাৰ্যসূচীৰ সন্দৰ্ভত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰীয়াই সংবাদ মাধ্যমক অৱগত কৰে যে, টাই আহোমক জনজাতিকৰণ দাবীত ১ নৱেম্বৰ তাৰিখে উজনিৰ ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউ সদৰ সোণাৰিত বিশাল জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে ভৃগু হাতীমুৰীয়াই।

উল্লেখ্য যে, অসমৰ ছটা জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবী উত্থাপন কৰি চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই দাবীত পুনৰ সৰৱ হৈ পৰিছে ছয় জনগোষ্ঠী।

টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু চাহ জনগোষ্ঠীয়ে বছৰ বছৰ ধৰি জনজাতি শিতানত অন্তৰ্ভুক্তিৰ বাবে পোষকতা কৰি আহিছে।

ইফালে শেহতীয়াকৈ মৰাণ, মটক, কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিশেষ সমস্যা নাই বুলিও মন্তব্য প্ৰকাশ কৰিছে মুখ্য হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছিল যে, এই তিনিটাৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘৰ স্থিতি সহনশীল। ২৫ নৱেম্বৰত মন্ত্ৰী গোটে বিধানসভাত প্ৰতিবেদন দাখিল কৰাৰ কথাও সদৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে।