আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰৰ সংখ্যা কিমান ? দাবী-আপত্তি কেনেকৈ দাখিল কৰিব পাৰিব ?

পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে । ষষ্ঠ অনুসূচিত এলেকা আৰু পৌৰসভা বাদ দি ২৭ খন জিলাৰ বাবে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ ওপৰত ভিত্তি কৰি খচৰা নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হয়।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰৰ সংখ্যা কিমান ? দাবী-আপত্তি কেনেকৈ দাখিল কৰিব পাৰিব ?

প্ৰতীকী ফটো

Updated On: 

14 Dec 2024 14:35 PM

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে নিৰ্বাচনী খচৰা ভোটাৰ তালিকা । ষষ্ঠ অনুসূচিত এলেকা আৰু পৌৰসভা বাদ দি ২৭ খন জিলাৰ বাবে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ ওপৰত ভিত্তি কৰি খচৰা নিৰ্বাচনী তালিকা প্ৰকাশ কৰা হয়। যোৱা ১৩ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে নিৰ্বাচন আয়োগে ।

এক বিবৃতিৰ জৰিয়তে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা নিৰ্বাচনী তালিকাত মুঠ ১,৭৫,৫৪,৫৮৯ জন ভোটাৰ অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৮৮,২৯,৯২৭ জন । ইয়াৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ৮৭,২৪,২৭৪ গৰাকী । অন্যান্য ভোটাৰ সংখ্যা হৈছে ৩৮৮ জন । ইফালে ৰাজ্যখনৰ ২৭ খন জিলাত ৩৯৭ টা জিলা পৰিষদ, ১৮১ টা আঞ্চলিক পঞ্চায়ত, ২,১৯৩ টা গাঁও পঞ্চায়ত, ২১,৯৩০ টা ৱাৰ্ড আৰু ২৩,৭৮১ টা ভোটকেন্দ্ৰ আছে।

প্ৰেছ বিবৃতিত নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে, গাওঁ পঞ্চায়ত, ব্লক উন্নয়ন, জিলা পৰিষদ আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন আৰু ৰাজ্যিক নিৰ্বাচনৰ ৱেবছাইটত জনসাধাৰণ/ ভোটাৰৰ বাবে খচৰা নিৰ্বাচনী তালিকা উপলব্ধ হ’ব। https://ermssec.assam.gov.in জৰিয়তে ভোটাৰ সকলে এই তালিকা পৰীক্ষা কৰিব পাৰিব । এই ৱেবচাইটৰ জৰিয়তে নাগৰিকে তেওঁলোকৰ ভোটগ্ৰহণ কেন্দ্ৰৰ খচৰা তালিকা ডাউনলোড কৰিব পাৰিব ।

খচৰা নিৰ্বাচনী তালিকাৰ দাবী আৰু আপত্তি যদি আছে, তেন্তে ১৪.১২.২০২৪ৰ পৰা ২১.১২.২০২৪লৈ দাখিল কৰিব পাৰিব । দাবী আৰু আপত্তি দাখিলৰ ফৰ্মেটসমূহ  ই আৰ অ’/এ ই আৰ অ’ আৰু গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ হ’ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিছে ।

INPUT-PTI

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension