“নাগৰিকক ভোটাধিকাৰ পৰা বঞ্চিত কৰাৰ চেষ্টা কৰিছে চৰকাৰে”, আধাৰ কাৰ্ডকলৈ ৰফিকুল ইছলামৰ ডাঙৰ অভিযোগ

১৮ বছৰ ওপৰৰ কোনো নাগৰিকক দিয়া নহয় আধাৰ কাৰ্ড। AIUDF ৰ বিধায়ক ৰফিকুল ইছলামে এক প্ৰকাৰে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি দাবী কৰিছে।

নাগৰিকক ভোটাধিকাৰ পৰা বঞ্চিত কৰাৰ চেষ্টা কৰিছে চৰকাৰে, আধাৰ কাৰ্ডকলৈ ৰফিকুল ইছলামৰ ডাঙৰ অভিযোগ

ৰফিকুল ইছলাম

Published: 

23 Aug 2025 12:50 PM

১৮ বছৰ ওপৰৰ কোনো নাগৰিকক দিয়া নহয় আধাৰ কাৰ্ড। ইয়াৰ বিপৰীতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু চাহ বাগিচাৰ কৰ্মীসকলক এই নিয়মৰ পৰা ৰেহাই দিয়াৰ লগতে আধাৰ আবেদনৰ বাবে অতিৰিক্ত ১ বছৰ সময় দিয়া হ’ব। চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে AIUDF য়ে সমালোচনা কৰিছে চৰকাৰক। AIUDF ৰ বিধায়ক ৰফিকুল ইছলামে এক প্ৰকাৰে চৰকাৰৰ এই সিদ্ধান্তক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি উল্লেখ কৰিছে।

AIUDFৰ বিধায়ক ৰফিকুল ইছলামে শেহতীয়াকৈ অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), আৰু চাহ বাগিচাৰ সম্প্ৰদায়ৰ লোকৰ বাহিৰে ১৮ বছৰৰ ওপৰৰ ব্যক্তিৰ আধাৰ কাৰ্ড প্ৰদানৰ কাম সাময়িকভাৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্তক সমালোচনা কৰিছে। অবৈধ বিদেশীয়ে যাতে আধাৰৰ অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্য ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এবছৰৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰে।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইছলামে এই সিদ্ধান্তৰ বাবে সমালোচনা কৰি চৰকাৰে নাগৰিকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “কোনো বিদেশী আহিলে তেওঁক আটক কৰি দেশলৈ ঘূৰাই পঠিয়াব লাগে। আধাৰ কাৰ্ড জাৰি কৰি ভোটাৰ তালিকাত নাম যোগ কৰি নাগৰিকত্ব দিয়া হয় কিয়?” বিদেশীৰ অজুহাতত ভাৰতীয় নাগৰিকক আধাৰ কাৰ্ড লাভ কৰিবলৈ মাত্ৰ এমাহৰ সময়সীমা দিয়াক আশ্চৰ্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।

তেওঁ আৰু অভিযোগ কৰে যে, নিৰ্বাচনী তালিকাৰ পুনৰীক্ষণ (SIR) আৰম্ভ হোৱাৰ লগে লগে এই পদক্ষেপ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। বিধায়ক ইছলামৰ মতে, ৰাজ্যখনৰ এই পদক্ষেপৰ লক্ষ্য হৈছে নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি তেওঁলোকক আধাৰ কাৰ্ড লাভ কৰাত বাধা দিয়া আৰু তাৰ ফলত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াত তেওঁলোকৰ অংশগ্ৰহণ সীমিত হ’ব।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি ছেপ্টেম্বৰৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুন আধাৰ কাৰ্ড লাভ নকৰে। কিন্তু একে সময়তে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু চাহ বাগিচাৰ কৰ্মীসকলক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। তেওঁলোকক আধাৰ আবেদনৰ বাবে অতিৰিক্ত ১ বছৰ সময় দিয়া হ’ব। কোৱা হৈছে যে, বিশেষ ক্ষেত্ৰত জিলা উপায়ুক্তৰ অনুমোদন সাপেক্ষে প্ৰদান কৰা হ’ব আধাৰ কাৰ্ড। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড লাভ কৰা নাই, তেওঁলোকে ছেপ্টেম্বৰ মাহৰ ভিতৰত আবেদন কৰিব লাগিব।

এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
যদি ৰাতি বহু দেৰিলৈকে টোপনি নাহে তেন্তে এই টিপছ গ্ৰহণ কৰক, অনিদ্ৰা সমস্যাৰ পৰা উপশম পাব
হঠাতে হৃদস্পন্দন বৃদ্ধি পালে লগে লগে কি কৰিব লাগে ? জানি লওক...
বৃক্কত পাথৰ কিয় হয়? ইয়াৰ প্ৰাৰম্ভিক লক্ষণ চিকিৎসকৰ পৰা জানক...