অসম এতিয়া দেশৰ দ্ৰুততম বিকশিত অৰ্থনীতি; মুখ্যমন্ত্ৰীয়ে দিলে এই বিশেষ সুখবৰ…

তেওঁ উল্লেখ কৰা মতে ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসমৰ অৰ্থনীতি ৪৫ শতাংশ হাৰত বৃদ্ধি পাইছে আৰু এয়া ৰাষ্ট্ৰীয় গড় (২৯%) তকৈ যথেষ্ট বেছি। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI) অসমক দেশৰ ভিতৰতে দ্ৰুততম বৰ্ধিত ৰাজ্যিক অৰ্থনীতি হিচাপে স্বীকৃতি দিছে বুলিও তেওঁ কয়।

অসম এতিয়া দেশৰ দ্ৰুততম বিকশিত অৰ্থনীতি; মুখ্যমন্ত্ৰীয়ে দিলে এই বিশেষ সুখবৰ...

হিমন্ত বিশ্ব শৰ্মা

Updated On: 

01 Jan 2026 20:45 PM

যোৱা পাঁচ বছৰত অসমে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক অভূতপূৰ্ব মাইলষ্ট’ন স্পৰ্শ কৰিছে। আজি গুৱাহাটীৰ কইনাধৰাত আয়োজিত ‘নতুন দিনৰ আলাপ’ শীৰ্ষক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিছে ৰাজ্যৰ এই সাফল্যৰ খতিয়ান। তেওঁ উল্লেখ কৰা মতে ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত অসমৰ অৰ্থনীতি ৪৫ শতাংশ হাৰত বৃদ্ধি পাইছে আৰু এয়া ৰাষ্ট্ৰীয় গড় (২৯%) তকৈ যথেষ্ট বেছি। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই (RBI) অসমক দেশৰ ভিতৰতে দ্ৰুততম বৰ্ধিত ৰাজ্যিক অৰ্থনীতি হিচাপে স্বীকৃতি দিছে বুলিও তেওঁ কয়।

বিশ্ব অৰ্থনৈতিক মঞ্চত অসম

এক ঐতিহাসিক সাফল্য হিচাপে, চলিত বৰ্ষৰ ১৮ জানুৱাৰীৰ পৰা চুইজাৰলেণ্ডৰ ডাভোসত অনুষ্ঠিত হ’বলগীয়া ‘বিশ্ব অৰ্থনৈতিক মঞ্চ’ (World Economic Forum) ৰ সন্মিলনত মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰ প্ৰদেশৰ সৈতে অসমেও অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড° শৰ্মাই এই বিশ্ব মঞ্চত অসমৰ সম্ভাৱনা আৰু উন্নয়নৰ গাথা বিশ্বৰ নেতা তথা উদ্যোগপতিসকলৰ আগত দাঙি ধৰিব।

আৰ্থিক দিশত বৃহৎ সাফল্য

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ৰাজ্যখনৰ জনমূৰি আয় ৫৪ শতাংশ বৃদ্ধি পাইছে। ২০২১ চনত ১,০৩,৩৭১ টকাৰ পৰা বৰ্তমান এই পৰিমাণ ১,৫৯,১৮৫ টকালৈ বৃদ্ধি পাইছে। একেদৰে ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ হাৰো ৫৩ শতাংশ বৃদ্ধি পাইছে। আন এক গুৰুত্বপূৰ্ণ ঘোষণাত মুখ্যমন্ত্ৰীয়ে কয় যে কৰ্মচাৰীৰ কল্যাপৰ বাবে অসমে অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ব।

আন্তঃগাঁথনি আৰু যাতায়তৰ আমূল পৰিৱৰ্তন

ৰাজ্যত আন্তঃগাঁথনি আৰু যাতায়তৰ দিশত হোৱা গুৰুত্বপূৰ্ণ অগ্ৰগতিৰো তেওঁ খতিয়ান দাঙি ধৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান দলংসমূহে ৰাজ্যৰ যোগাযোগ ব্যৱস্থাত এক বিপ্লৱৰ সূচনা কৰিছে। গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং ফেব্ৰুৱাৰী মাহত মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

যোৰহাট-মাজুলী, পলাশবাৰী-শুৱালকুছি আৰু ধুবুৰী-ফুলবাৰী দলঙৰ কাম ২০২৭ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ২০,০০০ কোটি টকাৰ ব্যয়েৰে গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে ৰে’লপথসহ এক অত্যাধুনিক সুৰংগ নিৰ্মাণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনাধীন হৈ আছে বুলিও তেওঁ সদৰী কৰে।

স্বাস্থ্য আৰু বিনিয়োগ

স্বাস্থ্য খণ্ডত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ৰাজ্যত ইতিমধ্যে ১৪খন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হৈছে আৰু এই বছৰ বঙাইগাঁৱত আন এখন মহাবিদ্যালয় মুকলি হ’ব বুলি তেওঁ কয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পুৰণি অট্টালিকাৰ ঠাইত ২,২০০ কোটি টকাৰ এক অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিনিয়োগৰ ক্ষেত্ৰত টাটাৰ ছেমিকণ্ডাক্টৰ গোট, নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ আৰু নবীকৰণযোগ্য শক্তিৰ প্ৰকল্পসমূহে অসমক এক ব্যৱসায়িক কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে দৃঢ়তাৰে কয়, “অসম আজি কেৱল এখন ৰাজ্যই নহয়, বৰঞ্চ বিশ্বৰ বাবে এক নতুন অৰ্থনৈতিক অধ্যায়ৰ কেন্দ্রবিন্দু হৈ পৰিছে।”

Related Stories
নতুন বছৰৰ আনন্দ উদযাপনৰ পৰা বাবু আঁচনি ঘোষণালৈ, থোৰতে চাওক আজি দিনটোৰ চৰ্চিত খবৰসমূহ
ফৌজদাৰী সংস্কাৰ আৰু জনকল্যাণত দেশৰ ভিতৰতে শীৰ্ষত অসম, নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে খতিয়ান
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যুদ্ধৰ বাবে বিশেষ অধিবক্তা নিযুক্তি দিব চৰকাৰে, বিশেষ আদালত গঠনৰ বাবেও জনাব দাবী
এঞ্জেল চাকমাৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বিশেষ প্ৰস্তাৱ, নিৰ্বাচনৰ প্ৰাকক্ষণত ল’লে এই সংকল্প
গুৱাহাটীৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’ল, কি কি সুবিধা থাকিব আৰু ভাড়া কিমান হ’ব?
Babu Scheme: বাবু আঁচনিঃ এইসকল ছাত্ৰই ফেব্ৰুৱাৰীৰ পৰা প্ৰতিমাহে লাভ কৰিব ২০০০ টকাকৈ…
নিতে গঢ়ি তোলক মাত্ৰ এই ৫টা অভ্যাস, উচ্চ ৰক্তচাপৰ চিন্তা হ’ব দূৰ
বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?