সুখবৰ, আঁতৰিল অসম সমবায় মৰাপাট কলৰ অচলাৱস্থা; পুনৰ আৰম্ভ হ’ব দ্বিতীয়টো ইউনিটৰ উৎপাদন
বিগত ৪ ডিচেম্বৰৰ পৰা মৰাপাট কলটোৰ দ্বিতীয়টো ইউনিটৰ উৎপাদন প্ৰক্ৰিয়া বন্ধ হৈ থকাত অচলাৱস্থাৰ সৃষ্টি হৈছিল। মৰাপাট কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈ আৰু উপ-পৰিচালন সঞ্চালক শশী পুৰুহিতৰ সৈতে অব্যাহত থকা আভ্যন্তৰীণ সংঘাতৰ পৰিণতিত মৰাপাট উদ্যোগ টোলৈ নামি আহিছিল অশনি সংকেত।

অসম সমবায় মৰাপাট কল
দীৰ্ঘদিনীয়া অচলাৱস্থাৰ পিছত অৱশেষত দেশৰ ভিতৰতে সমবায় খণ্ডত প্ৰতিষ্ঠিত একমাত্ৰ মৰাপাট উদ্যোগ ‘অসম সমবায় মৰাপাট কল’লৈ আহিল সুখবৰ। সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ উৎপাদন প্ৰক্ৰিয়া। বিগত ৪ ডিচেম্বৰৰ পৰা মৰাপাট কলটোৰ দ্বিতীয়টো ইউনিটৰ উৎপাদন প্ৰক্ৰিয়া বন্ধ হৈ থকাত অচলাৱস্থাৰ সৃষ্টি হৈছিল। মৰাপাট কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈ আৰু উপ-পৰিচালন সঞ্চালক শশী পুৰুহিতৰ সৈতে অব্যাহত থকা আভ্যন্তৰীণ সংঘাতৰ পৰিণতিত মৰাপাট উদ্যোগ টোলৈ নামি আহিছিল অশনি সংকেত।
উপ-পৰিচালন সঞ্চালক শশী পুৰুহিতে অসম সমবায় মৰাপাট কলটো ২০ বছৰলৈ লীজত লৈ কলটোৰ উৎপাদন প্ৰক্ৰিয়া পৰিচালনা কৰাত পোহৰলৈ আহিছিল পৰিচালন সঞ্চালক গুণমণি গগৈৰ কাৰ্যকালত সংঘটিত হোৱা পাহাৰ সদৃশ বিত্তীয় কেলেংকাৰীৰ লগতে দূৰ্নীতি আৰু অনিয়মৰ তথ্য।
বিগত ৫ ছেপ্তেম্বৰত চৰকাৰে বিভাগীয়ভাৱে চলোৱা অনুসন্ধানত গুণমণি গগৈয়ে ১ কোটি ৯১ লাখ ৭১ হাজাৰ ৪৮৩ টকা সমবায় সমিতিৰ ৬টাকৈ একাউণ্টৰ পৰা নিজৰ নামত থকা ৫টা বেংক একাউণ্টলৈ প্ৰেৰণ কৰাৰ তথ্য পোহৰলৈ আহিছিল। এই বিয়াগোম বিত্তীয় কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱাত গুনমণি গগৈয়ে শশী পুৰুহিতক মৰাপাট কলটোৰ পৰা অতি কৌশল আৰু চল চাতুৰীৰে আঁতৰাই পঠোৱাৰ ব্যৰ্থ প্ৰচেষ্টা চলায়।
এনে পৰিস্থিতিত যোৱা ৩ ডিচেম্বৰৰ নিশাই শশী পুৰুহিতে ১৫ জন কৰ্মচাৰীসহ প্ৰাণৰ সংশয়ত ভুগি মৰাপাট কলটোৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়। শশী পুৰুহিতক কৌশলৰে আতঁৰাই পঠিয়াই গুণমনি গগৈয়ে সংবাদ মাধ্যমৰ আগত শশী পুৰুহিত পলাই যোৱাৰ কথা জানিবলৈ দিয়ে। লগতে শশী পুৰুহিতে মৰাপাট ব্যৱসায়ীক পৰিশোধ কৰিবলৈ বাকী থকা ধনৰ বাবে কল কৰ্তৃপক্ষ দায়বদ্ধ নহয় বুলি কোৱাৰ পিছতে অচলাৱস্থাৰ সৃষ্টি হয় মৰাপাট কলটোত।
এই ঘোষণাৰ পিছতে হাহাকাৰ লাগে মৰাপাট যোগান ধৰা ব্যৱসায়ী সকলৰ মাজত। মৰাপাট কলটোৰ অচলাৱস্থা দূৰ কৰিবলৈ মৰাপাট কলটোৰ পৰিচালনা মণ্ডলীৰ সদস্যৰ লগতে পৰিচালনা সমিতিৰ একাংশ বিষয়া আৰু কৰ্মচাৰীৰ লগতে শ্ৰমিকসকলে শশী পুৰুহিতক পুনৰ মৰাপাট কলটোলৈ ঘুৰাই আনিবলৈ দাবী জনালে। মৰাপাট কলৰ অধ্যক্ষ, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ হস্তক্ষেপত মৰাপাট কলটোৰ অচলাৱস্থা দূৰ কৰিবলৈ দায়িত্ব দিয়া হ’ল নগাঁও জিলাৰ এগৰাকী অতিৰিক্ত আয়ুক্তক।
অতিৰিক্ত আয়ুক্তগৰাকীয়ে মৰাপাট কলটোৰ আভ্যন্তৰীণ পৰিস্থিতি পৰ্যবেক্ষণ আৰু অনুসন্ধান কৰি মৰাপাট কলটোৰ লগতে প্ৰায় ১২ শ শ্ৰমিকৰ স্বাৰ্থত শশী পুৰুহিতক পুনৰ কলটোৰ উৎপাদন প্ৰক্ৰিয়াৰ দায়িত্ব ল’বলৈ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ পিছতে আজি শশী পুৰুহিত আহি উপস্থিত হয় কলিয়াবৰ সমজিলা কাৰ্যালয় চৌহদত। কাৰ্যালয় চৌহদতে মৰাপাট কলৰ পুৰুষ-মহিলা শ্ৰমিকসকলে গামোচা পিন্ধাই আদৰণি জনালে শশী পুৰুহিতক।