জুবিন গাৰ্গৰ ন্যায়ৰ পিছত কি হ’ব গৌৰৱ গগৈৰ! গৌৰৱক পাকিস্তানী এজেণ্ট আখ্যা দি মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য
ৰাজ্যৰ ৰাজনীতিত কিছুদিন পূৰ্বলৈকে গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ চলিছিল তীব্ৰ বাকবিতণ্ডা। স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতাগৰাকীৰ পাকিস্তান সংযোগৰ অভিযোগ তোলাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল।

গৌৰৱ গগৈক আক্ৰমণ মুখ্যমন্ত্ৰীৰ
ৰাজ্যৰ সৰ্বত্ৰে এতিয়া জুবিন প্ৰসঙ্গ। প্ৰাণৰ শিল্পীগৰাকীৰ অকাল মৃত্যুত শোকাহত ৰাজ্যবাসীৰ মুখত এতিয়া কেৱল জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। এই গোচৰত সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে SIT- এ। অহা ১৫ ডিচেম্বৰত জুবিন গাৰ্গে ন্যায় লাভ কৰিব বুলি শুকুৰবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে জুবিন গাৰ্গৰ ন্যায়ৰ পিছতে ৰাজ্যৰ ৰাজনীতিত এক বৃহৎ জোকাৰণিৰ সম্ভাৱনা গা কৰি উঠিছে। খোদ মুখ্যমন্ত্ৰীয়ে দিছে এনে এক ইঙ্গিত।
ৰাজ্যৰ ৰাজনীতিত কিছুদিন পূৰ্বলৈকে গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ চলিছিল তীব্ৰ বাকবিতণ্ডা। স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতাগৰাকীৰ পাকিস্তান সংযোগৰ অভিযোগ তোলাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। এই বিষয়ত তদন্তৰ বাবে এক সমিতিও গঠন কৰি দিয়া হৈছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত ১০ ছেপ্টেম্বৰত এই বিষয়ত তথ্য মুকলি কৰাৰ হুংকাৰ দিছিল যদিও তেনে পদক্ষেপৰ পৰা বিৰত আছিল। ইফালে প্ৰথমৰে পৰা মুখ্যমন্ত্ৰীৰ এই অভিযোগ ভিত্তিহীন বুলি দাবী কৰি অহা গৌৰৱ গগৈয়ে তথ্য মুকলি কৰিবলৈও মুকলি প্ৰত্যাহ্বান জনাইছিল।
এতিয়া পিছে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা গৈছে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ প্ৰসংগ। গৌৰৱ গগৈক পুনৰ পাকিস্তানৰ এজেণ্ট আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক তীক্ষ্ণ আক্ৰমণ কৰি সাহস থাকিলে মানহানিৰ গোচৰ তৰিবলৈ প্ৰত্যাহ্বান জনায়।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ ‘বিদেশী শক্তিৰ দ্বাৰা প্ৰক্ষেপিত’ বুলি অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচন নথকা হ’লে এই বিষয়ত অধিক কঠোৰ হ’লহেঁতেন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ আগত এই বিষয়ত ব্যৱস্থা ল’লে মানুহে ৰাজনৈতিক কাৰণৰ অভিযোগ তুলিব পাৰে বুলিয়েই বিৰত থকা বুলি মন্তব্য কৰে।
ইফালে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত উপযুক্ত প্ৰমাণ থকা বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ পিছতে এই বিষয়ত আগবাঢ়িব বুলি হুংকাৰ দিছে। এতিয়া গৌৰৱ গগৈক পাকিস্তান আখ্যা দি মখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত কেনে প্ৰমাণ দাঙি ধৰে, সেয়া লক্ষণীয় হ’ব।