মৰাণ-মটক স্বায়ত্তশাসিত পৰিষদকলৈ ডাঙৰ সিদ্ধান্ত, পলকতে জানক ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ…
মৰাণ আৰু মটক সম্প্ৰদায়ক সবলীকৰণৰ স্বাৰ্থক বিশেষ সিদ্ধান্ত লৈছে কেবিনেটে। এই সিদ্ধান্তসমূহে অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তলত দিয়া ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ পলকতে পঢ়ক...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোক সেৱা ভৱনত অনুষ্ঠিত হয় অসম কেবিনেট বৈঠক। এই বৈঠকত ৰাজ্যিক কেবিনেটে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনটে অসম পঞ্চায়ত (সংবিধান) বিধি,১৯৯৯-ৰ কিছুমান বিধি সংশোধনত অনুমোদন জনোৱাৰ লগতে মিছন বসুন্ধৰা-৩.০ৰ অধীনত চৰকাৰী ভূমি আবণ্টনৰ বাবে অনুমোদন জনাইছে।
একেদৰে মৰাণ আৰু মটক সম্প্ৰদায়ক সবলীকৰণৰ স্বাৰ্থক বিশেষ সিদ্ধান্ত লৈছে কেবিনেটে। এই সিদ্ধান্তসমূহে অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তলত দিয়া ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ পলকতে পঢ়ক…
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত
- কেবিনেটে অসম পঞ্চায়ত (সংবিধান) বিধি, ১৯৯৫-ৰ কিছুমান বিধি সংশোধনত অনুমোদন জনাইছে। ইতিমধ্যে লটাৰী আৰু ঘূর্ণনৰ দ্বাৰা যিসমূহ অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত সভাপতি/উপ-সভাপতি কার্যালয় নির্বাচন কৰা হয়, সেইসমূহক বাদ দি বাকী জিলা পৰিষদৰ সভাপতি/উপ-সভাপতিৰ কাৰ্যালয় সংৰক্ষণ লটাৰী আৰু ঘূর্ণনৰ দ্বাৰা কৰা হ’ব। ৰাজনৈতিক দল, প্রশাসনিক বিষয়া আৰু সকলো সংশ্লিষ্ট অংশীদাৰৰ উপস্থিতিত লটাৰীৰ প্ৰক্ৰিয়া ৰাজহুৱা আৰু মুকলিভাৱে পৰিচালনা কৰা হ’ব।
- কেবিনেটে মিছন বসুন্ধৰা ৩.০ৰ অধীনত চৰকাৰী ভূমি আবণ্টনৰ বাবে অনুমোদন জনাইছে। ১১খন জিলাৰ নগৰাঞ্চলত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ৯৪২ আন্তঃগাঁথনি প্রকল্প,১২খন জিলাৰ ১,৯৭৭টা বেচৰকাৰী শৈক্ষিক, ধর্মীয় আৰু সামাজিক-সাংস্কৃতিক প্রতিষ্ঠানৰ বাবে ভূমি আবণ্টন দিয়া হ’ব।
- মৰাণ স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ৰ বিধিসমূহ সংশোধন কৰিবলৈ মৰাণ স্বায়ত্তশাসিত পৰিষদ(সংশোধনী) অধ্যাদেশ, ২০২৫ আৰু মটক স্বায়ত্তশাসিত পৰিষদ আইন, ২০২০ৰ বিধিসমূহ সংশোধন কৰিবলৈ মটক স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) অধ্যাদেশ, ২০২৫ত অনুমোদন জনাইছে কেবিনেটে।
- এই সংশোধনী অনুসৰি অন্য সম্প্ৰদায়ৰ লোকৰ অধিকাৰত প্ৰভাৱিত নকৰাকৈ ৰাজ্য চৰকাৰে পৰিষদ এলেকা হিচাপে অধিসূচনা কৰা অঞ্চলৰ মৰাণ সম্প্ৰদায়ৰ জনবসতি মৰাণ পৰিষদ এলেকাত অন্তর্ভুক্ত হ’ব। একেদৰে ৰাজ্য চৰকাৰে পৰিষদ এলেকা হিচাপে অধিসূচনা কৰা অঞ্চলত কেৱল মটক জনগোষ্ঠীৰ জনবসতি সামৰি পৰিষদ এলেকাসমূহৰ সংজ্ঞা নির্ধাৰণ কৰি মটক স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব বিচৰা হৈছে।
- দুয়ো স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্ৰত সাধাৰণ পৰিষদত ৩০জন নির্বাচিত সদস্য থাকিব, যাৰ ভিতৰত ৫ আসন সম্প্রদায়টোৰ মহিলাৰ বাবে সংৰক্ষিত হ’ব।
খাদ্য খোৱাৰ সময়ত পানী খালে শৰীৰত কি প্ৰভাৱ পৰে? উপকাৰিতা আৰু অপকাৰিতা জানক...
পুৰুষৰ স্তন বৃদ্ধিৰ আঁৰত থাকিব পাৰে বিপদ! বিশেষজ্ঞ চিকিৎসকে দিছে চিন্তাৰ সম্ভেদ
২০২৫ চনত বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশৰ তালিকাৰ শীৰ্ষ দহত কোন কোন? কিমানসংখ্যক স্থানত আছে ভাৰত?
ধূমপান ত্যাগ কৰাৰ সৰ্বোত্তম উপায়, হঠাতে এই অভ্যাস ত্যাগ কৰিলে পৰিব পাৰে বিপদত