শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ পৰা মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ… কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ…

Assam Cabinet: বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ পৰা মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ... কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ...

কেবিনেট বৈঠক

Edited By: 

Manas Borah | Updated On: 04 Jun 2025 | 09:03 PM

বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি ইয়াৰ সিদ্ধান্তসমূহৰ বিষয়ে জনায়। এই সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল-

  • ৪০০ কোটি টকা ব্যয়ৰে শ্বহীদ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে মঞ্জুৰী। এই বিশ্ববিদ্যালয় গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ হ’ব। ইয়াৰ বাবে যিসকল চাহ জনগোষ্ঠী লোকৰ মাটি-বাৰী লোৱা হ’ব তেওঁলোকৰ বাবে বিশ্ববিদ্যালয়ৰ চৌহদত স্থায়ী মাটি আৱন্টন কৰা হ’ব। চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদত অগ্ৰাধিকাৰ দিয়া হ’ব। লগতে ভি আৰ এছৰ বাবে প্ৰাপ্য মজুৰি দিয়া হ’ব।
  • ডিমা হাচাও ৫ টা পথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ।  ই জিলাখনৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ইতিবাচক হ’ব। এই পথ কেইটা- থংকিৰৌবনখাই, কলাইগাছা, খেজুৰবন, দেহাংগি, নিউ চাংবৰ, উমৰাংছু, খামং।  ৩৪৮ কিলোমিটাৰ পথৰ বাবে ৩৮৭৫ কোটি টকাৰ অনুমোদন।
  • অসমৰ কৃষিক্ষেত্ৰত এফ পি চি আৰু এফ পি অ সকলে যথেষ্ঠ ভাল কাম কৰিছে। অসমৰ ৩০০ টা এফ পি অ আৰু এফ পি চিক ১৫ লাখ টকাকৈ এককালীন সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত । মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত এই ধন আগবঢ়োৱা হ’ব।
  • এতিয়া ৰাজ্যত সম-জিলা গঠন গৈছে। সম-জিলাৰ আৰক্ষী চিডিএছপি (CDSP) বুলি কোৱা হয়। গতিকে এতিয়া অসমৰ সকলো এছপি (SP) ক চিনিয়ৰ এছ পি (senior Sp) বা জ্যেষ্ঠ আৰক্ষী অধীক্ষক বুলি জনা যাব। আগতে আৰক্ষী অধীক্ষকৰ বেজট এটা অশোক স্তম্ভ আৰু এটা ষ্টাৰ আছিল। এতিয়া দুটা ষ্টাৰ আৰু অশোকস্তম্ভ থাকিব।
  • বি টি চিলৈ ৮৪৩ কোটি টকাৰ পুঁজি অনুমোদন কৰিছে। এইবাৰ এই পুজি এবাৰতে আগবঢ়োৱা হ’ব।
  • মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন। এই আঁচনিৰ অধীনত চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাসকলক   এককালীন ২৫ হাজাৰ টকা আগবঢ়োৱা হ’ব। দিব্যাংগসকলে ৪০ হাজাৰ টকা লাভ কৰিব। চৰকাৰী চাকৰি কৰাসকলে এই পুঁজি নাপাব। আবেদনৰ বাবে কোনো নিৰ্দিষ্ট তাৰিখ নাই।
  • লাখপতি বাইদেউ সকলে কেতিয়া ধন পাব, কোনে পাব ৯ তাৰিখে ঘোষণা কৰা হ’ব। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি আৰু আত্মনিৰ্ভৰ আঁচনিৰ বাবে ৪৫০০ কোটি টকা অনুমোদন।

 

অন্য খবৰ পঢ়কঃ অসমত বানৰ প্ৰভাৱঃ ২১ খন জিলাৰ ৬.৩৩ লাখ লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...