থাকিব সকলো আধুনিক সা-সুবিধা, কেতিয়া সম্পূৰ্ণ হ’ব আমিনগাঁৱৰ নতুন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ ?

শনিবাৰে আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সকলো দিশ পৰ্যালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইফালে, গুৱাহাটীৰ আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনৰ সুবিধাৰে নিৰ্মাণ কৰি থকা এই নতুন ক্ৰিকেট ষ্টেডিয়ামখন অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সাজু হ’ব জনাইছে মুখ্যমন্ত্ৰীয়ে ।

থাকিব সকলো আধুনিক সা-সুবিধা, কেতিয়া সম্পূৰ্ণ হব আমিনগাঁৱৰ নতুন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ ?

নিৰ্মাণ কাৰ্য চলি থকা আমিনগাঁও ক্ৰিকেট ষ্টেডিয়াম

Updated On: 

17 May 2025 16:18 PM

আন্তঃৰাষ্ট্ৰীয় সা-সুবিধাৰে নিৰ্মাণ কৰি থকা হৈছে আমিনগাঁও ক্ৰিকেট ষ্টেডিয়াম । শনিবাৰে আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সকলো দিশ পৰ্যালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইফালে, গুৱাহাটীৰ আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনৰ সুবিধাৰে নিৰ্মাণ কৰি থকা এই নতুন ক্ৰিকেট ষ্টেডিয়ামখন অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সাজু হ’ব জনাইছে মুখ্যমন্ত্ৰীয়ে ।

তেওঁ কয় যে, চৰকাৰে ক্ৰীড়া আন্তঃগাঁথনি সৃষ্টি কৰি খেলুৱৈৰ বাবে প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰা হৈছে। আমিনগাঁও ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণৰ পৰ্যালোচনাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “গুৱাহাটীত ইতিমধ্যে দুখন ডাঙৰ ষ্টেডিয়াম আছে, সৰুসজাই আৰু বৰষাপাৰা। আমিনগাঁৱত আন এখন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ গৈ আছে।”

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে যে, এই ষ্টেডিয়ামত ২০ হাজাৰ লোকে একেলগে ক্ৰিকেট চাব পাৰিব । অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ষ্টেডিয়ামখন নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে । তেওঁ লগতে কয় যে, এই ষ্টেডিয়ামত সকলো আধুনিক সুবিধা থাকিব । পৰ্যাপ্ত পাৰ্কিং সুবিধা আদিৰ কাম চলি আছে, যাতে ভৱিষ্যতে ষ্টেডিয়ামখনত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট মেচ আৰু টি-২০ অনুষ্ঠিত কৰিব পৰা যাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

নিৰ্মাণ কাৰ্য পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

সৰুসজাই ষ্টেডিয়ামত এথলেটিকছ ট্ৰেক আৰু ফুটবল খেলপথাৰকে ধৰি একাধিক ক্ৰীড়া সা-সুবিধা থকাৰ বিপৰীতে বৰষাপাৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ একমাত্ৰ ক্ৰিকেট ষ্টেডিয়াম। ইফালে, ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “খেলুৱাসকলে নিজেই ওলাই আহিব লাগিব। আমি ক্ৰীড়া আন্তঃগাঁথনি দিব পাৰো। আমি ‘খেল মহাৰণ’ আয়োজন কৰি আহিছো, প্ৰতিযোগিতাখনক তৃণমূল পৰ্যায়লৈ লৈ গৈছো।”

উল্লেখ্য যে, শনিবাৰে পুৱা আগন্তুক সময়ত অসমবাসীয়ে লাভ কৰিবলগীয়া আমিনগাঁও ক্ৰিকেট ষ্টেডিয়াম আৰু ছুইমিং পুলৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ধন-সম্পত্তিৰে উপচি পৰিব আপোনাৰ ঘৰ, মাথোঁ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
আপোনাৰো ভালকৈ টোপনি নাহে নেকি? এই পদ্ধতিৰে দূৰ কৰক টোপনিৰ সমস্যা
তুৰ্কীত কিমান ভাৰতীয় লোক বাস কৰে?
ৰাছিয়া, চীন নে আমেৰিকা! কাৰ হাতত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে?