অখিল গগৈৰ তথ্যৰ ৫ পইচাৰো দম নাই, ভোটাৰৰ নাম কৰ্তনৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া দিলীপ শইকীয়াৰ

তেওঁ অখিল গগৈক কটাক্ষ কৰি কয় যে, অখিক গগৈয়ে দিয়া তথ্যৰ ৫ পইচাৰো দম নাই। অৰ্থাৎ কোনো গুৰুত্ব নাই। অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ বিভিন্ন পৰিসংখ্যা দাঙি ধৰিছে।

অখিল গগৈৰ তথ্যৰ ৫ পইচাৰো দম নাই,  ভোটাৰৰ নাম কৰ্তনৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া দিলীপ শইকীয়াৰ
Published: 

07 Jan 2026 | 01:41 PM

বিধায়ক অখিল গগৈয়ে অসম বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰিছে যে, অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা ‘Screenshot’ সমূহ ৪ জানুৱাৰীত অনুষ্ঠিত হোৱা ভিডিঅ’ কনফাৰেন্সৰ ফটো। এই ভিডিঅ’ কনফাৰেন্সৰ ফটো ইতিমধ্যে সামাজিক মাধ্য়মত শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিষয়ববীয়াসকলে।

তেওঁ অখিল গগৈক কটাক্ষ কৰি কয় যে, অখিক গগৈয়ে দিয়া তথ্যৰ ৫ পইচাৰো দম নাই। অৰ্থাৎ কোনো গুৰুত্ব নাই। অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ বিভিন্ন পৰিসংখ্যা দাঙি ধৰিছে। কিমান ভোটাৰ নাম কৰ্তন কৰিব লাগে তেওঁলোকক ঠিক কৰি ল’বলৈ আহ্বান জনাইছে দিলীপ শইকীয়াই।

ইফালে তেওঁ কয়, “SR ক লৈ আমি সন্তুষ্ট, কিন্তু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মিঞা প্ৰেম দেখি আমি অসন্তুষ্ট। আৰু এজন আছেই। তেওঁলোকে কেৱল মিঞাৰ নাম বাদ পৰাটো নিবিচাৰে লাগিলে খিলঞ্জীয়াৰ নাম বাদ পৰক। অখিল, লুৰীণৰ কাৰণে মিঞাৰ নাম কৰ্তন হ’ব নালাগে, প্ৰয়োজনত খিলঞ্জীয়াৰ নামেই কৰ্তন হওঁক। তোষামোদ আৰু মিঞা প্ৰেম BJP ৰ কাম নহয়।”

তেওঁ কয় যে, “Screenshot ত দেখা হৰ্ষ নামৰ ডিমৌ সমষ্টিৰ BLA 01 বিনোদ কোঁৱৰ ওৰফে হৰ্ষ। অখিল গগৈৰ লগত তেওঁৰ সম্পৰ্ক ভাল হ’ব পাৰে। ৪ জানুৱাৰীত বিনোদ কোঁৱৰে ফেচবুকত দিয়া ফটোকে অখিল গগৈয়ে ৬ জানুৱাৰীত নিজৰ প্ৰফাইলত আপলোড কৰিছে। অখিল গগৈয়ে যিখন কাণেৰে শুনাৰ কথা কৈছে সেই একেটা কথা VC ত থকা ২০০ খন কাণেও শুনিছে। তেওঁলোকৰ পৰা মতামত লওঁক। বিৰোধী বৌদ্ধিক দীনতাত ভুগিছে। মীৰা বৰঠাকুৰে এইটো বিষয়ত CBI তদন্ত বিচাৰি অপৰিপক্কতাৰ উদাহৰণ দিছে। ”

উল্লেখ্য যে, মঙলবাৰে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত বিজেপিয়ে হস্তক্ষেপ কৰাৰ অভিযোগৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভিডিঅ’ কনফাৰেন্সৰ ফটো সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছিল বিধায়ক অখিল গগৈয়ে। ইয়াৰ লগতে সেই ভিডিঅ’ কনফাৰেন্সৰ সম্পূৰ্ণ ভিডিঅ’ ৰাজহুৱা কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছিল বিধায়ক গগৈয়ে।

সামাজিক মাধ্যমত তেওঁ লিখিছিল, “৪ জানুৱাৰী ২০২৬ৰ বিজেপিৰ ৰাজ‍্যিক সভাপতি দিলীপ শইকীয়াৰ ভয়ংকৰ ভিডিঅ’ কনফাৰেন্সখনৰ ফটোবোৰ চাওক। এই Video Conference তে দিলীপ শইকীয়াই ভোটাৰ তালিকাৰ SR( Special Revision) ৰ সময়ত ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া বৈধ ভোটাৰৰ নাম কৰ্তনৰ ভয়ংকৰ অভিসন্ধিৰ কথাকৈ মুকলিকৈ স্বীকাৰ কৰিছিল আৰু কৰ্তনৰ বাবে ১২ জানুৱাৰীৰ ভিতৰত বুথভিত্তিক নাম তালিকা জমা দিবলৈ বিধায়ক, বিজেপিৰ জিলা আৰু মণ্ডল সভাপতিসকলক নিৰ্দেশ দিছিল ।”

“লগতে ৬০ টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়াসকলৰ নাম কৰ্তনৰ কাম মন্ত্ৰী অশোক সিংঘালে কৰি থকা বুলি ঘোষণা কৰিছিল। সন্ধিয়া ৮.১ বজাৰ পৰা ৮.৪১ বজালৈ ভিচি চলি থকাৰ ফটো ইয়াত আছে । এই ভিচিখনৰ ভিডিঅ’টো ৰিলিজ কৰক, মোৰ প্ৰত‍্যাহ্বান !” ফেচবুক পোষ্টত এইদৰে লিখিছিল বিধায়ক গগৈয়ে।

জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'লে কি ৫টা লক্ষণে দেখা দিয়ে? জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ