Shyamkanu’s Advocate Raj kamal: শ্যামকানুৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা ৰাজ কমল কোন? জানক সকলো…
Advocate Raj Kamal: জুবিনৰ মৃত্যুৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে শ্যামকানু মহন্ত। তেওঁৰ হৈ অসমৰ কোনো অধিবক্তাই ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ মাজতে তেওঁ উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে।

শ্যামকানু মহন্ত
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হৈছে ৪ জন। ইয়াৰ ভিতৰত শ্যামকানু মহন্তই গ্ৰেপ্তাৰৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে। অসমৰ কোনো অধিবক্তাই তেওঁৰ হৈ ওকালতি নকৰাৰ কথা উল্লেখ কৰিছিল। তাৰ পাছতে ছিংগাপুৰৰ পৰা অনলাইনযোগে শ্যামকানুই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে।
এই আবেদনত অধিবক্তা ৰাজ কমলৰ নাম উল্লেখ আছে। শ্যামকানুৰ হৈ তেওঁ আবেদনকাৰী হিচাপে এই লেখ আবেদন দাখিল কৰিছে। গতিকে প্ৰশ্ন হয়, এই ৰাজ কমল কোন?
ৰাজ কমল কোন?
ৰাজ কমল এজন বিশিষ্ট আইনী পেছাদাৰী। অপৰাধিক অৰ্থাৎ ক্ৰিমিনেল গোচৰত তেওঁৰ বহু অভিজ্ঞতা আছে। তেওঁ দেশৰ উচ্চতম ন্যায়ালয়, বিভিন্ন উচ্চ ন্যায়ালয়ৰ লগতে সমগ্ৰ ভাৰতৰ আদালত আৰু ন্যায়াধিকৰণৰ সন্মুখত ক্লায়েণ্টক প্ৰতিনিধিত্ব কৰে। তেওঁ হোয়াইট কলাৰ অপৰাধ, ৰিয়েল এষ্টেট, ইনছলভেন্সি, সাংবিধানিক আইন, কোম্পানী আইন, শিক্ষা, সেৱা আইন, অসামৰিক আৰু বৈবাহিক বিবাদ আদিৰ বহু বছৰৰ অভিজ্ঞতা আছে।
২০০৬ চনত তেওঁ পুনেৰ চিম্বায়’ছিছ ল স্কুলৰ পৰা স্নাতক লাভ কৰিছিল। পাছত নেশ্যনেল ল স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্চিটি (এনএলএছআইইউ), বেংগালুৰুৰ পৰা বিজনেছ ল’ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
২০১৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ কমলে ভাৰতৰ উচ্চতম ন্যায়ালয়ত অধিবক্তা অন ৰেকৰ্ডৰ পদবীত আছে। অৱশ্যে ২০০৬ চনৰ পৰা ৰাজ কমলৰ কেৰিয়াৰৰ আৰম্ভণি হৈছিল। ২০১৬ চনৰ জুনলৈকে তেওঁ আৰ কে চেম্বাৰ্ছত বিখ্যাত জ্যেষ্ঠ অধিবক্তা তথা কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ কেটিএছ তুলসীৰ মাগদৰ্শনত কাম কৰিছিল। ২০১৭ চনৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ মাহলৈকে তেওঁ পঞ্জাৱ ৰাজ্যৰ উপ-অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে ২০০৭ চনৰ পৰা ২০১২ চনলৈকে তেওঁ দিল্লী শিখ গুৰদ্বাৰা পৰিচালনা সমিতিৰ স্থায়ী অধিবক্তা হিচাপেও কাম কৰিছিল।
এই অধিবক্তাজনেই এতিয়া শ্যামকানুৰ ওকালতি কৰিবলৈ আগবাঢ়ি আছে। বহু বছৰৰ অভিজ্ঞতা থকা জ্যেষ্ঠ অধিবক্তাজনে তেওঁৰ কেৰিয়াৰত বহু গোচৰৰ ওকালতি কৰিছে।
(এই তথ্য Avyay Legal LLP ৱেবচাইটৰ পৰা সংগৃহীত)
অন্য খবৰ পঢ়কঃ সংবাদ মাধ্যম, ৰাজ্য চৰকাৰক দোষাৰোপ কৰি উচ্চতম ন্যায়ালয়ত শ্যামকানুৰ লেখ আবেদন দাখিল…