গণৰাজ্য দিৱসত ভাৰতলৈ কি বাৰ্তা প্ৰেৰণ কৰিলে আমেৰিকা আৰু চীনে? ট্ৰাম্প,জিনপিঙে ক’লে বিশেষ কথা…

আজি সমগ্ৰ দেশে পালন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস। এই সময়চোৱাত বিশ্বৰ বিভিন্ন দেশে ভাৰতক শুভেচ্ছা প্ৰেৰণ কৰিছে। এই শুভ ক্ষণত আমেৰিকা আৰু চীনেও ভাৰতলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে।

গণৰাজ্য দিৱসত ভাৰতলৈ কি বাৰ্তা প্ৰেৰণ কৰিলে আমেৰিকা আৰু চীনে? ট্ৰাম্প,জিনপিঙে কলে বিশেষ কথা...

চীন-আমেৰিকা

Updated On: 

26 Jan 2026 | 06:53 PM

আজি সমগ্ৰ দেশবাসীয়ে পালন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস (Republic Day 2026)। এই সময়চোৱাত বিশ্বৰ বিভিন্ন দেশে ভাৰতলৈ শুভ বাৰ্তা প্ৰেৰণ কৰিছে। পিছ পৰি ৰোৱা নাই আমেৰিকা আৰু চীন। দেশৰ এই শুভ ক্ষণত আমেৰিকা আৰু চীনে ভাৰতলৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে। চীনৰ ৰাষ্ট্ৰপকি ছি জিনপিঙে ভাৰত আৰু চীন ভাল প্ৰতিবেশী বন্ধু বুলি অভিহিত কৰাৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত-আমেৰিকাৰ ঐতিহাসিক সম্পৰ্কৰ কথাও উল্লেখ কৰে।

গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে,ভাৰত আৰু চীনৰ সম্পৰ্ক দুয়োখন দেশ আৰু জনতাৰ স্বাৰ্থত। এই সম্পৰ্ক অহৰহ উন্নতি হৈ আছে। তেওঁ কয়, ড্ৰেগন আৰু হাতী একেলগে নৃত্য কৰিব অৰ্থাৎ চীন আৰু ভাৰত একেলগে আগবাঢ়ি যোৱাই দুয়োখন দেশৰ বাবে ভাল।

কি কয় চীনৰ ৰাষ্ট্ৰপতিয়ে

ছি জিনপিঙে কয়, চীনে সদায় বিশ্বাস কৰে যে,ভাৰত-চীন সদায় ভাল প্ৰতিবেশী, বন্ধু আৰু অংশীদাৰিত্বৰ সহায়ক। দুয়ো দেশে পৰস্পৰে পৰস্পৰৰ সফলতাত সহায় কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আশা কৰিছে যে, দুয়োখন দেশে এই ঐকমত্যক সন্মান কৰে যে দুয়োখন দেশে সহযোগিতা আৰু উন্নয়নৰ অংশীদাৰ। ছি জিনপিঙৰ উপৰি চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শুভ বাৰ্তা প্ৰদান কৰে।

উল্লেখ্য যে, ২০২০ চনৰ পৰা পূব লাডাখত সেনাৰ গতিবিধিৰ বাবে ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক কিছু উত্তেজনাময় হৈ পৰিছিল। কিন্তু  ২০২৪ চনত ৰাছিয়াৰ কাজানত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ছি জিনপিঙৰ বৈঠক, পাছত আগষ্ট মাহত চীনৰ টিয়ানজিনত অনুষ্ঠিত এছ চি অ’ শীৰ্ষ সন্মিলনৰ সময়ত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হোৱাৰ পিছত সম্পৰ্ক কিছু উন্নত হয়।

ট্ৰাম্পে কি ক’লে

গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, আমেৰিকা আৰু ভাৰত বিশ্বৰ আটাইতকৈ পুৰণি গণতন্ত্ৰ, দুই দেশৰ মাজত এক ঐতিহাসিক সম্পৰ্ক আছে। বাণিজ্য আৰু শুল্ক আদি বিষয়ক লৈ ভাৰত-আমেৰিকাৰ সম্পর্কত উত্তেজনাই বিৰাজ কৰাৰ মাজতে ট্ৰাম্পে এই মন্তব্য কৰে। দিল্লীত থকা আমেৰিকাৰ দূতাবাসে ট্ৰাম্পৰ এই বাৰ্তা প্ৰকাশ কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ শাস্তি নহয়…নিৰ্বাচনৰ পূৰ্বে হাছিনা, হিন্দু সুৰক্ষাক লৈ কি ক’লে BNP নেতাই…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...