ভাৰতক ভাল পাওঁ, শাস্তি দিব নিবিচাৰো, ৰাছিয়াৰ পৰা তেল ক্ৰয় সন্দৰ্ভত আমেৰিকাই ক’লে…

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিছে আমেৰিকাই। এতিয়া আমেৰিকাৰ শক্তি মন্ত্ৰী ক্ৰীছ ৰাইটে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে। তেওঁ কয়, "আমি ভাৰতক শাস্তি দিব নিবিচাৰো। পৃথিৱীৰ প্ৰতিখন দেশৰ পৰা তেল কিনিব পাৰি, কিন্তু ৰাছিয়াৰ পৰা তেল কিনিব নোৱাৰি। আমাৰ এই স্থিতি।" মন্ত্ৰীগৰাকীয়ে ভাৰতক “উৎকৃষ্ট সহযোগী” বুলি অভিহিত কৰে।

ভাৰতক ভাল পাওঁ, শাস্তি দিব নিবিচাৰো, ৰাছিয়াৰ পৰা তেল ক্ৰয় সন্দৰ্ভত আমেৰিকাই কলে...

মোদী-়ট্ৰাম্প

Published: 

25 Sep 2025 08:24 AM

শেহতীয়াকৈ আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে এই শুল্ক আৰোপ কৰা হৈছিল। ইয়াৰ পিছতে আমেৰিকাৰ সচিবৰ এক বিবৃতি প্ৰকাশ পাইছে য’ত তেওঁ ভাৰতক “আমেৰিকাৰ উকৃষ্ট সহযোগী” বুলি অভিহিত কৰিছে। তেওঁ লগতে কয়, “আমি ভাৰতক শাস্তি দিব নিবিচাৰো।” বুধবাৰে আমেৰিকাৰ শক্তি মন্ত্ৰী ক্ৰীছ ৰাইটে কয় যে তেওঁৰ দেশখনে প্ৰাকৃতিক গেছ, কয়লা, পাৰমাণৱিক শক্তি, আৰু পৰিষ্কাৰ ৰন্ধন ইন্ধনকে ধৰি নিজৰ “উকৃষ্ট সহযোগী” ভাৰতৰ সৈতে শক্তি সহযোগিতা সম্প্ৰসাৰণ কৰিব বিচাৰে।

ৰাইটে ভাৰতক প্ৰশংসা কৰি কয় যে, “মই এই পদত অহাৰ পিছৰে পৰা মোৰ বেছিভাগ সময় ভাৰতৰ সৈতে কাম কৰি কটালোঁ, যিখন ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ, আমেৰিকাৰ বাবে এক মহান অংশীদাৰ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি।” আমেৰিকাৰ মন্ত্ৰীগৰাকীয়ে কয়, “মই ভাৰতৰ ডাঙৰ অনুৰাগী। আমি ভাৰতক ভাল পাওঁ। আমি অধিক শক্তি বাণিজ্য আৰু ভাৰতৰ সৈতে অধিক আলোচনাৰ বাবে আগ্ৰহী।”

শক্তি সহযোগিতাৰ বিষয়ে তেওঁ কি ক’লে?

নিউয়ৰ্কৰ বিদেশী প্ৰেছ চেণ্টাৰত এখন সংবাদমেল সম্বোধন কৰে ৰাইটে। বাণিজ্য সচিব পীযুষ গোৱালে অনাগত বছৰবোৰত শক্তি উৎপাদনৰ ক্ষেত্ৰত ৱাশ্বিংটনৰ সৈতে ভাৰতে বাণিজ্য বৃদ্ধি কৰাৰ আশা কৰিছে আৰু ভাৰতৰ শক্তি সুৰক্ষাৰ লক্ষ্যৰ বাবে আমেৰিকাৰ অংশীদাৰিত্ব অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমেৰিকাৰ মন্ত্ৰীগৰাকীয়ে।

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে আমেৰিকাই। এই সন্দৰ্ভত  প্ৰশ্ন কৰা হয় ৰাইটক। তেওঁক সোধা হৈছিল যে শক্তি খণ্ডত ভাৰত আৰু আমেৰিকাৰ মাজত সহযোগিতাক কি ভাবে? তেওঁ কয়,  “আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আটাইতকৈ ডাঙৰ আবেগ হৈছে বিশ্ব শান্তি।”

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা সন্দৰ্ভত তেওঁ কি ক’লে?

ৰাইটে কয়, “আমি ভাৰতক শাস্তি দিব নিবিচাৰো। আপুনি বিশ্বৰ প্ৰতিখন দেশৰ পৰা তেল কিনিব পাৰে, মাত্ৰ ৰাছিয়াৰ পৰা নহয়। আমাৰ স্থিতি সেয়াই। আন দেশৰ লগতে আমেৰিকাত বিক্ৰী কৰিবলৈ তেল আছে।” তেওঁ আৰু কয়, “বিশ্বত তেল ৰপ্তানিকাৰক দেশ বহুতোআছে। ভাৰতে ৰাছিয়াৰ পৰা তেল কিনাৰ প্ৰয়োজন নাই। ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে কাৰণ ই সস্তা। কোনেও ৰাছিয়াৰ পৰা তেল কিনিব নিবিচাৰে। তেওঁলোকে ৰেহাই দি বিক্ৰী কৰিব লাগিব।”

প্ৰেমৰ উষ্ণতাৰ ‘লাভ বাইট’ প্ৰেয়সীৰ বাবে হ’ব পাৰে বিপদ! জানেনে কি ঘটিব পাৰে দেহত?
ছালখন কেনেকৈ ডিটক্স কৰিব জানেনে? জানক সহজ উপায়
অনলাইন বজাৰ কৰাৰ সময়ত মনত ৰাখিব এনে কথা, অন্যথা হ’ব পাৰে প্ৰৱঞ্চনাৰ চিকাৰ
আপুনিও খায় নেকি চেনিযুক্ত দৈ? কি হয় জানক...