নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বিৰতিঃ মেকড’নাল্ডছত ফ্ৰেঞ্চ ফ্ৰাই পৰিৱেশনত লাগিল ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে জোৰদাৰ প্ৰচাৰত নামি পৰিছে ড’নাল্ড ট্ৰাম্প আৰু কমলা হেৰিছ। পিছে নিৰ্বাচনী প্ৰচাৰৰ এই ব্যাপক ব্যস্ততাৰ মাজতে ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক দেখিবলৈ পোৱা গ’ল এক বিশেষ ৰূপত। দেওবাৰে মেকড’নাল্ডছত ফ্ৰেঞ্চ ফ্ৰাই কৰা দেখিবলৈ পোৱা গ’ল ট্ৰাম্পক।

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বিৰতিঃ মেকড’নাল্ডছত ফ্ৰেঞ্চ ফ্ৰাই পৰিৱেশনত লাগিল ট্ৰাম্প

মেকড’নাল্ডছত ড’নাল্ড ট্ৰাম্প

Published: 

21 Oct 2024 14:13 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। অহা ৫ নৱেম্বৰত জনমতৰ দ্বাৰা বন্দী হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দুই হেভীৱেইট প্ৰাৰ্থীৰ ভাগ্য। যুক্তৰাষ্ট্ৰৰ দুই প্ৰধান প্ৰতিদ্বন্দী ৰাজনৈতিক দল ডেমক্ৰেটিক পাৰ্টি আৰু ৰিপাব্লিকান পাৰ্টিয়ে এই নিৰ্বাচনত জয়ৰ বাবে পূৰ্ণ শক্তিৰে প্ৰস্তুতি চলাইছে। এই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এতিয়া কেৱল আমেৰিকাতে নহয়, বিশ্ব ৰাজনীতিতো এতিয়া আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব এই বিষয় চৰ্চিত হৈ পৰিছে। ৫ নৱেম্বৰত ভোটগ্ৰহণৰ পিছত আগন্তুক বৰ্ষৰ ২০ জানুৱাৰীত এই চৰ্চাৰ অৱসান ঘটিব।

অৰ্থাৎ আগন্তুক ২০ জানুৱাৰীত ড’নাল্ড ট্ৰাম্প আৰু কমলা হেৰিছৰ মাজত কোনো এগৰাকীক পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে লাভ কৰিব আমেৰিকাই। নিজকে আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ জোৰদাৰ প্ৰচাৰত নামি পৰিছে ড’নাল্ড ট্ৰাম্প আৰু কমলা হেৰিছ। পিছে নিৰ্বাচনী প্ৰচাৰৰ এই ব্যাপক ব্যস্ততাৰ মাজতে ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পক দেখিবলৈ পোৱা গ’ল এক বিশেষ ৰূপত।

দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পেনচিলভেনিয়াত প্ৰচাৰ চলায় ট্ৰাম্পে। প্ৰচাৰৰ মাজতে  ড’নাল্ড ট্ৰাম্পে চহৰখনত থকা মেকড’নাল্ডছৰ এটা শাখা ভ্ৰমণ কৰে আৰু ফ্ৰেঞ্চ ফ্ৰাই পৰিবেশন কৰে। বগা চাৰ্ট আৰু ৰঙা টাইৰ ওপৰত ক’লা-হালধীয়া এপ্ৰ’ন পৰিধান কৰি ট্ৰাম্পে পৰিৱেশন কৰে ফ্ৰেঞ্চ ফ্ৰাই।

 

ইয়াৰ পিছতে ট্ৰাম্পে ফিলাডেলফিয়াত মেকড’নাল্ডছ ফ্ৰেঞ্চাইজিৰ এক শাখাৰ খিৰিকীৰে ট্ৰাম্পে তেওঁৰ কেইগৰাকীমান সমৰ্থকক ফ্ৰেঞ্চ ফ্ৰাই বিতৰণ কৰা দেখা যায়। নিজৰ অফিচিয়েল এক্স একাউণ্টত পোষ্ট কৰা এটা ভিডিঅ’ত ট্ৰাম্পে উল্লেখ কৰা মতে তেওঁ সদায়ে মেকড’নাল্ডছত কাম কৰিব বিচাৰিছিল। এই কাম তেওঁ যথেষ্ট ভাল পায় বুলিও জানিবলৈ দিয়ে ট্ৰাম্পে।

এইদৰে মেকড’নাল্ডছত ফ্ৰেঞ্চ ফ্ৰাই পৰিৱেশনেৰে যথেষ্ট আনন্দ কৰা বুলি ট্ৰাম্পে লগতে কয়। ইফালে  এই কাৰ্যৰ দ্বাৰা ট্ৰাম্পে কমলা হেৰিছকো তীব্ৰ কটাক্ষৰ লক্ষ্য কৰি লয়। ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছে নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰায়ে তেওঁ যুৱ অৱস্থাত মেকড’নাল্ডছত কাম কৰা বুলি উল্লেখ কৰি আহিছে। ট্ৰাম্পে হেৰিছৰ এনে দাবী ভুৱা বুলিহে অভিযোগ কৰে।

কমলা হেৰিছক কটাক্ষ কৰি ট্ৰাম্পে কয় যে তেওঁ মেকড’নাল্ডছত কাম কৰা বুলি সততে কৈ থকা এগৰাকী প্ৰাৰ্থীৰ বিপক্ষে যুঁজিছে। কিন্তু হেৰিছৰ এই মেকড’নাল্ডত কাম কৰা কাহিনী আজি ভুৱা প্ৰমাণিত হৈছে বুলি তেওঁ লগতে দাবী কৰে। মেকড’নাল্ডছত এতিয়া কমলাত হেৰিছতকৈ তেওঁ১৫ মিনিট বেছি সময় কাম কৰা বুলিও ট্ৰাম্পে কটাক্ষ কৰে।

লক্ষণীয়ভাৱে দেওবাৰে ৬০ বছৰ সম্পূৰ্ণ কৰে ট্ৰাম্পৰ প্ৰতিদ্বন্দী হেৰিছে। সাংবাদিকসকলে হেৰিছৰ জন্মদিনৰ বিষয়ে ট্ৰাম্পৰ আগত উল্লেখ কৰাত তেওঁ হেৰিছক শুভকামনা জনায় আৰু জন্মদিন উপলক্ষে ফুলৰ লগতে ফ্ৰেঞ্চ ফ্ৰায়ো উপহাৰ দিব বুলি কটাক্ষপূৰ্ণ মন্তব্য কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত ট্ৰাম্পৰ এনে কটাক্ষবাণীয়ে হেৰিছৰ মনোবল হ্ৰাস কৰে নে বৃদ্ধি কৰে সেয়া হ’ব লক্ষণীয়।

আপোনাৰ এটা ভুলৰ বাবেই দূৰ্বল হৈ পৰিব পাৰে আপোনাৰ দাঁত!
বাৰিষাৰ সময়ত বাৰে বাৰে পেটৰ সমস্যাত ভুগে নেকি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক
হাড়ত কৰ্কট ৰোগ হ'লে দেখা দিয়ে এইসমূহ লক্ষণ, চিকিৎসকৰ পৰা জানক...
যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...