ৰাছিয়াক হেঁচা দিয়াৰ বাবে ভাৰতৰ ওপৰত শুল্ক আৰোপ! ট্ৰাম্পে লৈছিল নেকি এনে নীতি?

ট্ৰাম্পে ভাৰতৰ বিপক্ষে এই শুল্ক নীতি গ্ৰহণ কৰাৰ পিছতে ব্যাপক চৰ্চাৰ সৃষ্টি হৈছিল। এয়া ট্ৰাম্পৰ ভাৰতৰ প্ৰতি শত্ৰুতা বা ব্যক্তিগত ক্ষোভ নহয় বুলিও আলোচিত হৈছিল।

ৰাছিয়াক হেঁচা দিয়াৰ বাবে ভাৰতৰ ওপৰত শুল্ক আৰোপ! ট্ৰাম্পে লৈছিল নেকি এনে নীতি?

ভাৰতৰ ওপৰত শুল্ক আৰোপ সন্দৰ্ভত ট্ৰাম্পৰ মন্তব্য

Published: 

15 Aug 2025 | 01:43 PM

আজি এক ঐতিহাসিক বৈঠকত মিলিত মাৰ্কিন ৰাষ্ট্ৰপতি নাল্ড ট্ৰাম্প আৰু ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ইউক্ৰেইন যুদ্ধক কেন্দ্ৰ কৰি দুই ৰাষ্ট্ৰনেতা আজি আলাস্কাত মিলিত স্বাভাৱিকতেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত ট্ৰাম্পপুটিনৰ এই বৈঠক যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ইফালে এই বৈঠকৰ প্ৰাকক্ষণত পোহৰলৈ আহিছে এক বিশেষ খবৰ শেহতীয়া কিছুদিনত দূৰত্ব বৃদ্ধি পাইছে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত ভাৰতৰ আমদানিৰ ওপৰত শুল্ক আৰোপৰ বাবে আমেৰিকান ৰাষ্ট্ৰপতি ট্ৰাম্পে লোৱা সিদ্ধান্তৰ পিছতে সৃষ্টি হৈছে এনে পৰিস্থিতিৰ

ট্ৰাম্পে ভাৰতৰ বিপক্ষে এই শুল্ক নীতি গ্ৰহণ কৰাৰ পিছতে ব্যাপক চৰ্চাৰ সৃষ্টি হৈছিল এয়া ট্ৰাম্পৰ ভাৰতৰ প্ৰতি শত্ৰুতা বা ব্যক্তিগত ক্ষোভ নহয় বুলিও আলোচিত হৈছিল বৰঞ্চ ৰাছিয়াক হেঁচা প্ৰয়োগ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই নীতিৰ আশ্ৰয় লোৱা বুলি চৰ্চা চলিছিল

এতিয়া ট্ৰাম্পে নিজ মুখেই এই কথা স্বীকাৰ কৰিছে। ফক্স নিউজ ৰেডিঅ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই বিষয়ে উল্লেখ কৰিছে ট্ৰাম্পৰ মতে, ভাৰতৰ ওপৰত দ্বিতীয়বাৰৰ বাবে শুল্ক আৰোপ কৰিলে হয়তো তেওঁক সাক্ষাতৰ ক্ষেত্ৰত ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ ওপৰত চাপৰ সৃষ্টি ব।

ট্ৰাম্পে কয়, “সকলোৰে প্ৰভাৱ পৰে। যেতিয়া আপুনি দ্বিতীয় বৃহত্তম গ্ৰাহকক হেৰুৱায় আৰু প্ৰথম বৃহত্তম গ্ৰাহককো হেৰুওৱাৰ উপক্ৰম হয়, তেতিয়া মই ভাবো ইয়াৰ প্ৰভাৱ নিশ্চয় আছে।” উল্লেখ্য যে যে চলিত মাহৰ আৰম্ভণিতে ট্ৰাম্পে আকস্মিকভাৱে ভাৰতৰ ওপৰত শুল্ক ২৫ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰিছিল।

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে অধিক নিষেধাজ্ঞা আৰোপ কৰাৰো হুংকাৰ দিয়ে ট্ৰাম্পে। ইয়াৰ পিছতে আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক যথেষ্ট অৱনতি ঘটিছে ভাৰত চৰকাৰে শুল্ক আৰোপক অন্যায় আৰু অনৈতিক বুলি অভিহিত কৰাৰ লগতে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কৰ বিষয়ত তীক্ষ্ণ প্ৰত্যুত্তৰ দিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...