ইৰাণক আক্ৰমণ কৰিব নেকি আমেৰিকাই? ট্ৰাম্পে ক’লে, শীঘ্ৰেই খালী কৰক তেহৰাণ…

ইজৰাইল-ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ ইৰাণক সকীয়নি দি তেহৰাণ খালী কৰাৰ নিৰ্দেশ দিছে।

ইৰাণক আক্ৰমণ কৰিব নেকি আমেৰিকাই? ট্ৰাম্পে কলে, শীঘ্ৰেই খালী কৰক তেহৰাণ...

ইৰাণ-ট্ৰাম্প

Published: 

17 Jun 2025 | 09:41 AM

ইজৰাইল-ইৰাণৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ এন্ট্ৰি মাৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। জি-৭ শীৰ্ষ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ কানাডালৈ যোৱাৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এক ডাঙৰ মন্তব্য কৰে। ট্ৰাম্পে এটা পোষ্টত লিখিছে যে,”মই তেওঁলোকক স্বাক্ষৰ কৰিবলৈ কোৱা ‘চুক্তি’ত ইৰানে স্বাক্ষৰ কৰা উচিত আছিল। এয়া লজ্জাজনক, আৰু মানৱ জীৱনৰ অপচয়। সহজ ভাষাত ক’বলৈ গ’লে ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে। মই এই কথা বাৰে বাৰে কৈছো! সকলোৱে তৎক্ষণাত তেহৰাণ খালী কৰা উচিত!”

ট্ৰাম্পৰ এই মন্তব্যই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে বুলি ইয়াৰ পূৰ্বতেও ট্ৰাম্পে কৈছে। কিন্তু এইবাৰ তেওঁ তেহৰাণক খালী কৰাৰ নিৰ্দেশ দিছে, অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সম্ভৱতঃ তেহৰাণক লৈ কোনো ডাঙৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে ইজৰাইলে তেহৰাণত কেইবাটাও বৃহৎ আক্ৰমণ সংঘটিত কৰিছে, য’ত সামৰিক ঘাটিৰ লগতে অসামৰিক অট্টালিকাকো লক্ষ্য কৰি লৈছে।

ইয়াৰোপৰি ইজৰাইৰ আক্ৰমণৰ পাছতে তেহৰাণৰ পৰা বহু লোকে পলায়ন কৰি অন্য ঠাইত আশ্ৰয় লৈছে। ইয়াৰ বাবে দেওবাৰে অঞ্চলটোত যাট-জঁটৰ সমস্যাও বৃদ্ধি পায়। শেহতীয়াকৈ ট্ৰাম্পৰ এই মন্তব্যৰ পাছতে এতিয়া তেহৰাণৰ পৰা পলায়ন কৰা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাইছে।

CBS ৰ প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ বিষয়াসকলে জনাইছে যে ইৰাণ আক্ৰমণত তেওঁলোক জড়িত নহয়। আনকি ট্ৰাম্পেও এটা পোষ্টৰ জৰিয়তে কৈছিল যে ইজৰাইলে ইৰাণত কৰা আক্ৰমণ ক্ষেত্ৰত আমেৰিকাৰ কোনো সম্পৰ্ক নাই। কিন্তু ইৰাণে যদি আমেৰিকাৰ কোনো ক্ষতি কৰে তেন্তে ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব। ইয়াৰোপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদক বৈঠক আহ্বান কৰিবলৈ নিৰ্দেশ দিছিল। লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে ইয়াৰ অৰ্থ এয়া নহয় যে আমেৰিকা এই আক্ৰমণত জড়িত হ’ব।

উল্লেখ্য যে, ১৩ জুনত ইজৰাইলে ইৰাণৰ পাৰমাণৱিক স্থান আৰু সামৰিক ঘাটিত আক্ৰমণ কৰিছিল। তাৰ পাছতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে আৰু ইখন দেশে সিখনক আক্ৰমণ কৰিছে। ৫ টা দিন হোৱা এই যুদ্ধত ইৰাণৰ প্ৰায় ৩০ জন সামৰিক বিষয়া আৰু বিজ্ঞানীকে ধৰি প্ৰায় ২৩০ জন লোকৰ মৃত্যু হৈছে আৰু ১২০০ৰো অধিক লোক আহত হৈছে। ইয়াৰ বিপৰীতে ইজৰাইলত ২৪ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ২৫০ জন লোক আহত হৈছে।

 

অন্য খবৰ পঢ়কঃ ড্ৰ’ণ বা মিছাইল নহয়! এই বিশেষ অস্ত্ৰ ব্যৱহাৰ কৰি ইজৰাইলে আক্ৰমণ চলাইছে ইৰাণত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...