US tariff on India: কেৱল ৫০ শতাংশ শুল্কৰে নহয়, ট্ৰাম্পে শাস্তি দিয়াৰ পৰিকল্পনা কৰিছে নেকি ভাৰতক?

India-US Relation: অভাল অফিচৰ দাবী, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত আমেৰিকাই ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। তেতিয়া ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছিল। ভাৰতে ৰাছিয়াৰ পৰা প্ৰতিৰক্ষা সঁজুলিও আমদানি কৰিছিল।

US tariff on India: কেৱল ৫০ শতাংশ শুল্কৰে নহয়, ট্ৰাম্পে শাস্তি দিয়াৰ পৰিকল্পনা কৰিছে নেকি ভাৰতক?

ভাৰতৰ প্ৰতি ট্ৰাম্পৰ ইমান ক্ষোভ কিয়?

Published: 

07 Aug 2025 | 04:35 PM

নিশাৰ ভিতৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশৰ পৰা ৫০ শতাংশ শুল্ক বৃদ্ধি কৰে। ভাৰতৰ প্ৰতি ট্ৰাম্পৰ ইমান ক্ষোভ কিয়? কাৰণ হৈছে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে। সেইবাবেই তেওঁ শুল্ক দুগুণ বৃদ্ধি কৰে। কিন্তু ইয়াৰ পৰাও ট্ৰাম্পে শান্তি পোৱা নাই। ট্ৰাম্পে আৰু অধিক নিষেধাজ্ঞা আৰোপ কৰিব বুলি হুংকাৰ দিছে।

হাতত ২১ দিন বাকী, তাৰ পিছত ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক দুগুণ হ’ব। এই ৫০ শতাংশ শুল্ক ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব বুলি ঘোষণা কৰিছে ট্ৰাম্পৰ অভাল অফিচে।

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক প্ৰশ্ন কৰে এজন সাংবাদিকে। তেওঁক সোধে, “ভাৰতৰ বাহিৰেও আন বহু দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে, যেনে চীন, গতিকে ভাৰতক কিয় পৃথকভাৱে ৰখা হৈছে?”

ইয়াৰ উত্তৰত ট্ৰাম্পে কয়, “ঠিক আছে, মাত্ৰ আঠ ঘণ্টা হ’ল… চাওঁ কি হয়, আৰু বহুত চাবলগীয়া আছে।” সাংবাদিকজনে সুধিলে, “অধিক নিষেধাজ্ঞা নেকি?” ট্ৰাম্পে কয়, ” আপুনি আৰু বহুত নিষেধাজ্ঞা দেখিব। ”

অভাল অফিচৰ দাবী যে,  ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত আমেৰিকাই ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। তেতিয়া ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছিল। লগতে ভাৰতে ৰাছিয়াৰ পৰা প্ৰতিৰক্ষা সঁজুলিও আমদানি কৰিছিল। সেই বিষয়ে আপত্তি জানি ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে। এসপ্তাহ নৌহওঁতেই তেওঁ এই শুল্ক দুগুণ কৰিলে, কাৰণ ভাৰতে মূৰ তল নকৰিলে। ইয়াত জাতীয় স্বাৰ্থ ৰক্ষাক অগ্ৰাধিকাৰ দিয়া হৈছিল।

ইফালে ট্ৰাম্পে অহা সপ্তাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব বুলি শুনা গৈছে। যদি ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত দুয়োখন দেশৰ মাজত শান্তি চুক্তি হয়, তেন্তে ভাৰতৰ ওপৰত থকা শুল্কও আঁতৰোৱা উচিত। ট্ৰাম্পকো এই প্ৰশ্ন সোধা হৈছিল। উত্তৰত কয়, “সেই বিষয়ে আমি পিছত সিদ্ধান্ত ল’ম।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...