ট্ৰাম্পৰ নতুন সিদ্ধান্ত! বিপদত শ শ মুছলিম আৰু শিখ ধৰ্মৰ লোক, এতিয়াৰ পৰা এইসকলে ৰাখিব নোৱাৰিব দাড়ি…

পুনৰ ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰিছে এক কঠোৰ সিদ্ধান্ত। এই সিদ্ধান্তৰ ফলত বহু শিখ আৰু মুছলমান লোক সমস্যাত পৰিব বুলি ধাৰণা কৰা হৈছে। ট্ৰাম্পৰ এই নতুন নিৰ্দেশনা ৬০ দিনৰ ভিতৰত কাৰ্যকৰী হ'ব।

ট্ৰাম্পৰ নতুন সিদ্ধান্ত! বিপদত শ শ মুছলিম আৰু শিখ ধৰ্মৰ লোক, এতিয়াৰ পৰা এইসকলে ৰাখিব নোৱাৰিব দাড়ি...

ড'নাল্ড ট্ৰাম্প

Updated On: 

05 Oct 2025 16:45 PM

পুনৰ ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। সামৰিক বাহিনী সন্দৰ্ভত ট্ৰাম্প চৰকাৰে লোৱা সিদ্ধান্তৰ পাছতে এতিয়া আমেৰিকাত বহু শিখ আৰু মুছলমান লোক সমস্যাত পৰিব। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে ৩০ ছেপ্টেম্বৰত এক নিৰ্দেশনা জাৰি কৰিছে। এই কঠোৰ গ্ৰুমিং নীতিৰ অধীনত আমেৰিকাৰ সামৰিক সৈন্যই এতিয়াৰ পৰা দাড়ি ৰাখিব নোৱাৰিব।

ইয়াৰ লগে লগে আমেৰিকাৰ সেনালৈ ২০১০ চনৰ পূৰ্বৰ নিয়ম পুনৰ ঘূৰি আহিছে। যাৰ অধীনত বেছিভাগ সৈনিকৰ বাবে দাড়ি নিষিদ্ধ। এই ক্ষেত্ৰত বিশেষ বাহিনীৰ কিছুমান ইউনিটে সীমিত ৰেহাই লাভ কৰিব। এই সন্দৰ্ভত শীৰ্ষ সামৰিক বিষয়াসকলক সম্বোধন কৰি হেগছেথে কয় যে অনুশাসন আৰু যুদ্ধৰ ফলপ্ৰসূতা পুনৰুদ্ধাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ আৰু কয় যে, ইয়াৰ সহায়ত অনুপযুক্ত ব্যক্তিগত প্ৰকাশ আৰু অৰ্থহীন শ্বেভিং পেটাৰ্ণ নাইকিয়া হ’ব।

তেওঁৰ মতে, অহা ৬০ দিনৰ ভিতৰত এই নীতি কাৰ্যকৰী হ’ব। শেহতীয়াকৈ প্ৰকাশ কৰা নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে, সেনাই দাড়ি ৰাখিব নোৱাৰে। উল্লেখ্য যে, ২০১০ চনৰ পৰা ধৰ্মীয় স্বাধীনতাৰ বাবে দাড়িৰ অনুমতি দিয়া হৈছিল, কিন্তু এতিয়া সেই নিয়ম শেষ কৰা হৈছে।

ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তই এতিয়া শিখ, অৰ্থডক্স ইহুদী আৰু মুছলমানসকলক প্ৰভাৱিত কৰিব। শেষ কোৱেলিশ্যন নামৰ সংগঠনটোৱে কয় যে, ইয়াৰ ফলত শ শ সৈনিকে নিজৰ ধৰ্মীয় বিশ্বাস আৰু নিজৰ দেশৰ সেৱাৰ প্ৰতি যিকোনো এটা বাছি লোৱা হ’ব।

২০১০ চনৰ পাছত অনুমতি দিছিল

২০১০ চনলৈকে আমেৰিকাৰ সেনাবাহিনীত শিখসকলে দাড়ি আৰু পাগুৰি পিন্ধিব পৰা নাছিল। সামৰিক নিয়ম অনুসৰি মুখখন পৰিষ্কাৰকৈ ৰাখিব লাগিছিল। ইয়াৰ ফলত বিশেষকৈ বহু শিখ যুৱকে ধৰ্ম আৰু দেশ সেৱাৰ মাজত যিকোনো এটা বাছনি কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত শিখসকলে যুক্তি দিছিল যে পাগুৰি আৰু দাড়ি তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ অবিচ্ছেদ্য অংগ। এয়া কাঢ়ি লোৱা ধৰ্মীয় স্বাধীনতা খৰ্ব কৰা।

পৰৱৰ্তী সময়ত এই নীতি সলনি কৰিছিল। যাৰ ফলত লাহে লাহে আদালতে ব্যক্তিগত ৰেহাইৰ অধীনত নিজৰ পৰিচয় বজাই ৰাখি শিখ সৈনিকসকলক সামৰিক বাহিনীত যোগদান কৰিবলৈ অনুমতি দিছিল। শ শ শিখ, মুছলমান আৰু ইহুদী সৈন্যই নিজৰ ধৰ্মীয় পৰিচয় লৈ সামৰিক বাহিনীত সেৱা আগবঢ়াব পাৰিছিল। এই সিদ্ধান্তক আমেৰিকাৰ সামৰিক ইতিহাসত ধৰ্মীয় সমতাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে গণ্য কৰা হৈছিল।  কিন্তু এতিয়া পুনৰ আমেৰিকা চৰকাৰে দাড়িত নিষেধাজ্ঞা আৰোপ কৰি নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পক আঘাত! গাজা শান্তি পৰিকল্পনাৰ ক্ষেত্ৰত নতুন বন্ধু পাকিস্তানে নকৰে সমৰ্থন…

ভগৱানৰ আশীৰ্বাদ লাভ কৰিলে কি সংকেত পোৱা যায়? জনালে প্ৰেমানন্দ মহাৰাজে...
হতাশা আৰু ভাগৰৰ ফলত হাৰ্ট এটেক হ’ব পাৰে নেকি?
দূৰ হ'ব আৰ্থিক সমস্যা! পাকঘৰৰ পৰা আজি আঁতৰ কৰক ৫ বস্তু...
আওকাণ নকৰিব, কৰ্কট ৰোগৰ প্ৰথম পৰ্যায়ত দেখা দিয়া ৪ টা সাধাৰণ লক্ষণ জানক