আইনৰ পৰিসৰৰ ভিতৰত থাকক আমেৰিকা, ট্ৰাম্পক কিয় সতৰ্ক কৰি দিলে ৰাষ্ট্ৰসংঘই ?
বিগত দুমাহত কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰত ড্ৰাগছ সৰবৰাহৰ অভিযোগত বহু সংখ্যক নাওৰ ওপৰত মাৰাত্মক আক্ৰমণ চলাইছে আমেৰিকাই। এই আক্ৰমণত ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। যাক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰিছে ৰাষ্ট্ৰসংঘই।

আমেৰিকাক সতৰ্ক কৰি দিছে ৰাষ্ট্ৰসংঘই। খবৰ অনুসৰি, বিগত দুমাহত কেৰিবিয়ান আৰু প্ৰশান্ত মহাসাগৰত ড্ৰাগছ সৰবৰাহৰ অভিযোগত বহু সংখ্যক নাওৰ ওপৰত মাৰাত্মক আক্ৰমণ চলাইছে আমেৰিকাই। এই আক্ৰমণত ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বী ভলকাৰ টাৰ্কে এই আক্ৰমণক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰিছে। তেওঁ কয় যে, এই কাৰ্যসমূহ যথাযথ প্ৰক্ৰিয়া অবিহনে সংঘটিত হোৱা ন্যায় বহিৰ্ভূত হত্যাকাণ্ড আৰু ৱাশ্বিংটনে এনে আক্ৰমণ তৎকালীনভাৱে বন্ধ কৰিব লাগে।
ভলকাৰ টাৰ্কে কয় যে, ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াটো প্ৰয়োজনীয়, কিন্তু মাৰাত্মক আক্ৰমণ ইয়াৰ সমাধান নহয়। তেওঁ কয় যে, আইন অনুসৰি এনে শক্তি ব্যৱহাৰ তেতিয়াহে কৰিব পাৰি, যেতিয়া জীৱন তাৎক্ষণিক বিপদত পৰে। টাৰ্কে আৰু কয় যে, আমেৰিকাই নিজৰ আক্ৰমণৰ বিষয়ে অতি কম তথ্য দিছে। তেওঁ ৱাশ্বিংটনক মাৰাত্মক আক্ৰমণৰ পৰিৱৰ্তে বৈধ ব্যৱস্থা ল’বলৈ আহ্বান জনায়, যেনে- জাহাজসমূহ ৰখাই দিয়া, সন্দেহযুক্ত লোকক আটক কৰা, তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলোৱা।
আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই আক্ৰমণৰ পক্ষত থাকি কয় যে, অবৈধ ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ এই আক্ৰমণ প্ৰয়োজনীয়। ট্ৰাম্পে দাবী কৰে যে, আন্তঃৰাষ্ট্ৰীয় জলসীমাত নাওসমূহত আক্ৰমণ কৰাৰ আইনী অধিকাৰ তেওঁৰ আছে। এই অঞ্চলসমূহত আমেৰিকাই সামৰিক নিয়োগ বৃদ্ধি কৰি নৌসেনাৰ জাহাজ, যুঁজাৰু বিমান, আনকি বিশ্বৰ আটাইতকৈ ডাঙৰ যুদ্ধজাহাজ ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ডকো নিয়োগ কৰিছে।
এই আক্ৰমণৰ ফলত লেটিন আমেৰিকাৰ দেশসমূহত ক্ষোভৰ সৃষ্টি হৈছে। মেক্সিকো, কলম্বিয়া, ভেনিজুৱেলাই আমেৰিকাৰ এই কাৰ্যক গৰিহণা দিছে। ড্ৰাগছ সৰবৰাহ ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই। ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে ড্ৰাগছ মাফিয়াৰ সৈতে গোপন বুজাবুজি কৰাৰ অভিযোগ উত্থাপন কৰিছে।