আমেৰিকাৰ পাছতে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ব্ৰিটেইনৰ

ব্ৰিটেইনে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যোৱা জানুৱাৰী মাহত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰা ৬০০ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছিল ।

আমেৰিকাৰ পাছতে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ব্ৰিটেইনৰ

অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াই দিয়া হৈছে

Updated On: 

10 Feb 2025 | 05:12 PM

আমেৰিকাৰ পাছতে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰিছে ব্ৰিটেইনে । আমেৰিকাৰ দৰে ব্ৰিটেইনতো বাস কৰে বৃহৎ সংখ্য়ক ভাৰতীয় নাগৰিকে । প্ৰকাশিত খবৰ অনুসৰি, ব্ৰিটেইনে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যোৱা জানুৱাৰী মাহত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত অবৈধভাৱে কাম কৰা প্ৰায় ৬০০ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছিল । অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশখনৰ প্ৰায় ৮০০ ঠাইত চলোৱা হৈছিল এই অভিযান।

ব্ৰিটেইনৰ গৃহ বিভাগেও অবৈধ অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। ব্ৰিটেইনৰ গৃহ বিভাগৰ তথ্য অনুসৰি, জুলাই মাহৰ পৰা ৩৯৩০ জন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত বেছি সংখ্যক লোকেই কেফে, গাড়ী ধোৱা লগতে অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত আছিল । ইফালে, গ্ৰেপ্তাৰ কৰা বহু লোক বিভিন্ন অপৰাধৰ সৈতেও আছিল বুলি খবৰ প্ৰকাশ পাইছে । ইয়াৰ লগতে ৮০০ ৰো অধিক অনুপ্ৰৱেশকাৰী বিতাৰিত কৰিছে ব্ৰিটেইনে ।

নিৰ্বাচনৰ পিছৰে পৰা ব্ৰিটেইনত এতিয়ালৈকে ১৬,৪০০ৰো অধিক লোকক অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছে ব্ৰিটেইনে । আগন্তুক সময়ত এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে। কাৰণ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে নিৰন্তৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য় যে,আমেৰিকাত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াই তেওঁলোকক নিজৰ দেশলৈ ঘূৰাই পঠিয়াইছে আমেৰিকাই । শেহতীয়াকৈ আমেৰিকাই ১০৪ জন প্ৰব্ৰজনকাৰীক ভাৰতলৈ প্ৰেৰণ কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...