ট্ৰাম্পৰ শুল্ক যুদ্ধ! কোন কোন দেশে থিয় দিছে ভাৰতৰ পক্ষত?

ভাৰতৰ বিৰুদ্ধে শত্ৰুৰ স্থিতি গ্ৰহণ কৰি আমেৰিকাই শুল্ক আৰোপ কৰি গৈছে। কিন্তু ইয়াৰ প্ৰত্যুত্তৰো ভাৰতে দিছে। অৱশ্যে কেৱল ভাৰতেই নহয়, বহু কেইখন ৰাষ্ট্ৰই ট্ৰাম্পৰ ওচৰত শিৰনত কৰা নাই।

ট্ৰাম্পৰ শুল্ক যুদ্ধ!  কোন কোন দেশে থিয় দিছে ভাৰতৰ পক্ষত?

ট্ৰাম্পৰ শুল্ক

Published: 

06 Aug 2025 | 04:39 PM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ড’নাল্ড ট্ৰাম্পে শুল্ক নীতিৰ ওপৰত অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। ট্ৰাম্পৰ শুল্ক নীতিৰ বাবে বিশ্বৰ বাণিজ্যিক ক্ষেত্ৰতো যথেষ্ঠ প্ৰভাৱ পৰিছে। এই নীতিৰ সহায়ত ট্ৰাম্পে বিভিন্ন দেশৰ ওপৰত ১০ ৰ পৰা ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিছে। এই নতুন নীতি ৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব।

শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ট্ৰাম্পে ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। ইয়াতে ক্ষান্ত নাথাকি ট্ৰাম্পে আৰু অধিক শুল্ক ভাৰতৰ ওপৰত আৰোপ কৰাৰ ভাবুকি দিছে। ভাৰতৰ লগতে বিশ্বৰ কিছুমান এনে দেশ আছে যিয়ে ট্ৰাম্পৰ শুল্ক নীতিৰ আগত শিৰনত কৰা নাই। এই দেশসমূহ নিজৰ স্থিতিত অটল আছে। এই দেশকেইখনৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

ভাৰত

ভাৰতৰ ওপৰত আমেৰিকাই ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। ইয়াৰ পূৰ্বে ইয়াৰ পৰিমাণ ২৬ শতাংশ নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰা বুলি ধাৰণা কৰা হৈছে। ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰি ৰাছিয়াৰ সৈতে থকা ঘনিষ্ঠতাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। লগতে ভাবুকি দি কয় যে ভাৰতে ইয়াৰ বাবে জৰিমণাও ভৰিব লাগিব। কিন্তু ভাৰতে স্পষ্টকৈ কৈ দিছে যে দেশে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া ৰাষ্ট্ৰীয় স্বাৰ্থত হ’ব। এনে পৰিস্থিতি এতিয়া ৰাছিয়া ট্ৰাম্পৰ শুল্কৰ বিৰুদ্ধে ভাৰতৰ কাষত থিয় দিছে।

চীন

চীন আৰু আমেৰিকাৰ শুল্ক যুদ্ধ ইমানেই ডাঙৰ হৈ গৈছিল যে আমেৰিকাই চীনৰ ওপৰত ১৪৫ শতাংশ শুল্ক আৰোপ কৰিছিল। কিন্তু চীনেও হাৰ মনা নাছিল। প্ৰতিক্ৰিয়া স্বৰূপে চীনে আমেৰিকাৰ ওপৰত ১২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। পাছত শুল্কৰ পৰিমাণ হ্ৰাস পায়। এতিয়া আমেৰিকাই চীনৰ ওপৰত ৩০ শতাংশ আৰু চীনে আমেৰিকাৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰিছে। দুয়োখন দেশৰ মাজত এতিয়াও শুল্কক লৈ আলোচনা চলি আছে।

ব্ৰাজিল

ব্ৰাজিলৰ ওপৰত আমেৰিকাই ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। কিন্তু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভা আমেৰিকাৰ আগত শিৰনত কৰিবলৈ প্ৰস্তুত নহয়। ব্ৰাজিলে এই সন্দৰ্ভত বিশ্ব বাণিজ্য সংস্থাৰ ওচৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে। ট্ৰাম্পে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পতাৰ প্ৰস্তাৱ দিছিল। কিন্তু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে স্পষ্টকৈ কৈ দিয়ে যে, তেওঁ এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে কথা পাতিব।

কানাডা

কানাডৰ ওপৰত আমেৰিকাই ৩৫ শতাংশ শুল্ক আৰোপ কৰিছে। ই ১ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে। কিন্তু কানাডাৰ বেছিভাগ সামগ্ৰীয়েই ইউএছএমচিএ (আমেৰিকা-মেক্সিকো-কানাডা চুক্তি)ৰ বাবে ইয়াৰ পৰা ৰেহাই লাভ কৰিছে। ইয়াৰোপৰি চীনৰ দৰে কানাডাইও আমেৰিকাৰ ওপৰত প্ৰতিশোধমূলত শুল্ক আৰোপ কৰিছে।

 

অন্য খবৰ পঢ়কঃ ৬ মাহত ৬ খন যুদ্ধ বন্ধ কৰিলে! ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়াৰ দাবী হোৱাইট হাউচৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব