ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী যাত্ৰীবাহী ৰে’লৰ মাজত সংঘৰ্ষ, এই পৰ্যন্ত ২১ জনৰ মৃত্যু…
দুৰ্ঘটনাটোত কমেও ২১ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয়। কৰ্ডোবা প্ৰদেশৰ আদামুজৰ ওচৰত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ বাবে মাদ্ৰিদ আৰু আন্দালুছিয়াৰ মাজত ৰে’ল সেৱা বন্ধ কৰিবলগীয়া হয়।

স্পেইনত ৰে’ল দুৰ্ঘটনা
দেওবাৰে দক্ষিণ স্পেইনত সংঘটিত হৈছে ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। জানিব পৰা মতে এখন তীব্ৰবেগী ৰে’ল ৰে’লপথৰ পৰা ওলাই গৈ বিপৰীত দিশৰ ট্ৰেকত বাগৰি পৰে। সেই সময়তে আহি আন এখন ৰে’লৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। দুৰ্ঘটনাটোত কমেও ২১ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হয়। কৰ্ডোবা প্ৰদেশৰ আদামুজৰ ওচৰত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ বাবে মাদ্ৰিদ আৰু আন্দালুছিয়াৰ মাজত ৰে’ল সেৱা বন্ধ কৰিবলগীয়া হয়।
ৰে’লৱে অপাৰেটৰ এডিআইএফৰ মতে, মালাগা আৰু মাদ্ৰিদৰ মাজৰ সন্ধিয়া চৱা ৰে’লখন কৰ্ডোবাৰ ওচৰত ৰে’লপথৰ পৰা ওলাই যায় আৰু মাদ্ৰিদৰ পৰা দক্ষিণ স্পেইনৰ আন এখন চহৰ হুৱেলভালৈ যোৱা আন এখন ৰে’লৰ সৈতে সংঘৰ্ষ হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুয়োখন ৰে’লে প্ৰায় ৫০০ যাত্ৰী কঢ়িয়াই আনিছিল।
আন্দালুছিয়া অঞ্চলৰ আঞ্চলিক স্বাস্থ্য মন্ত্ৰী এণ্টনিঅ’ ছানজে কয় যে, বিষয়াসকলে তেওঁক জনাইছে যে তেওঁলোকে মৃত্যুৰ সংখ্যা ২০ জনতকৈ অধিক হ’ব পাৰে বুলি আশংকা কৰিছে।তেওঁ কয় যে উদ্ধাৰ অভিযান চলি আছে আৰু ৭৩ জন আহত যাত্ৰীক ছখন ভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
কৰ্ডোবাৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী ফ্ৰান্সিস্কো কাৰ্মোনাই স্পেইনৰ ৰাষ্ট্ৰীয় ৰেডিঅ’ ষ্টেচন আৰ এন ইক জনোৱা মতে, এখন ৰে’ল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, কমেও চাৰিটা বগী ৰে’লপথৰ পৰা ওলাই গৈছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ চানচেজ কয় যে, দুৰ্ঘটনাস্থলীৰ পৰিস্থিতি অত্যন্ত সংকটজনক। তেওঁ কয়, “আমাৰ সন্মুখত এটা অতি কঠিন নিশা আছে। ” আঞ্চলিক নাগৰিক সুৰক্ষাৰ মুৰব্বী মাৰিয়া বেলেন ময়য়া ৰ’জাছে কেনাল ছুৰক জনোৱা মতে, দুৰ্গম অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা।
WATCH 🔴
SPAIN: This is the condition of an Iryo high speed train after it derailed in Adamuz, with a separate AVE train also affected.
Multiple casualties reported. pic.twitter.com/oknyYd6pcl
— Open Source Intel (@Osint613) January 18, 2026
জানিব পৰা মতে, কম্বল আৰু পানী লৈ ঘটনাস্থলীত ভুক্তভোগীক সহায় কৰিছে স্থানীয় লোকে। স্পেইনত যাত্ৰাৰ এক জনপ্ৰিয় ব্যৱস্থা হৈছে দ্ৰুতবেগী ৰে’ল । যি এক বিস্তৃত ৰাষ্ট্ৰীয় নেটৱৰ্কত চলে। স্পেইনৰ সামৰিক জৰুৰীকালীন সাহায্য ইউনিটসমূহে অন্যান্য উদ্ধাৰ ইউনিটৰ সহযোগত কাম কৰি আছে। স্বাস্থ্য কৰ্তৃপক্ষক ৰেড ক্ৰছেও সহায় আগবঢ়ায়।
ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনে এক্সত এটা পোষ্টত কয় যে, তেওঁ কৰ্ডোবাৰ পৰা অহা ভয়ংকৰ ঘটনাৰ ওপৰত দৃষ্টি ৰাখি আছে। তেওঁ স্পেনিছ ভাষাত লিখিছে, “আজিৰ নিশাটো মই চিন্তাত আছো।” এডিআইএফে কয় যে, আজি মাদ্ৰিদ আৰু আন্দালুছিয়াৰ চহৰসমূহৰ মাজত ৰে’ল সেৱা ব্যাহত হ’ব।