তৃতীয়বাৰৰ বাবে ট্ৰাম্পক হত্যাৰ চেষ্টা চলাইছিল নেকি ? অস্ত্ৰ-শস্ত্ৰ, ভুৱা পাছপ’ৰ্টসহ এজনক আটক…

ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী ৰেলীৰ সময়তে অস্ত্ৰ-শস্ত্ৰ আৰু ভুৱা পাছপ’ৰ্টসহ এজন লোকক আটক কৰা ঘটনাই বিশ্বজুৰি চৰ্চা লাভ কৰিছে । লোকজনক আটক কৰা পাছতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক হত্যাৰ এয়া তৃতীয়টো প্ৰচেষ্টা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে বিষয়াসকলে ।

তৃতীয়বাৰৰ বাবে ট্ৰাম্পক হত্যাৰ চেষ্টা চলাইছিল নেকি ? অস্ত্ৰ-শস্ত্ৰ, ভুৱা পাছপ’ৰ্টসহ এজনক আটক...

ড’নাল্ড ট্ৰাম্প

Updated On: 

14 Oct 2024 | 09:58 AM

কেলিফৰ্ণিয়াৰ ক’চেলাত ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী ৰেলীৰ সময়তে অস্ত্ৰ-শস্ত্ৰ আৰু ভুৱা পাছপ’ৰ্টসহ এজন লোকক আটক কৰা ঘটনাই বিশ্বজুৰি চৰ্চা লাভ কৰিছে । ৰিভাৰছাইড কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ মতে, ৰেলী আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে ক’চেলাৰ এভিনিউ 52 আৰু চেলিব্ৰেচন ড্ৰাইভৰ সংযোগস্থলৰ ওচৰৰ এটা চেকপইণ্টত আটক কৰা হৈছে লোকজনক।

ইফালে লোকজনক আটক কৰা পাছতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক হত্যাৰ এয়া তৃতীয়টো প্ৰচেষ্টা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে বিষয়াসকলে । প্ৰকাশিত খবৰ অনুসৰি, আটক কৰা সন্দেহজনক লোকজনৰ পৰা এটা পিষ্টল,এটা হেণ্ডগান আৰু এটা মেগজিন উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে ।

জানিব পৰা মতে,আৰক্ষীয়ে ৰেলীৰ প্ৰৱেশদ্বাৰৰ পৰা প্ৰায় আধা মাইল দূৰৈৰ এটা চেকপইণ্টত লাছ ভেগাছৰ বাসিন্দা ৱেম মিলাৰ (৪৯) নামৰ লোকজনক আটক কৰে । ৰিভাৰছাইড কাউন্টিৰ শ্বেৰিফ চাড বিয়াংকোৱে কয় যে, তেওঁৰ পৰা ভুৱা প্ৰেছ কাৰ্ড আৰু ভিআইপি পাছ উদ্ধাৰ কৰাৰ পাছত সন্দেহ সৃষ্টি হয় । বিয়াংকোৰ মতে, সোঁপন্থী চৰকাৰ বিৰোধী গোটৰ অংশ হিচাপে গণ্য কৰা মিলাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি অভিযোগ উঠিছে।

ইউচিএলএৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা আৰু ২০২২ চনত নেভাদা ষ্টেট এছেম্বলীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা মিলাৰৰ বিৰুদ্ধে আৰক্ষীৰ ৰেকৰ্ড অনুসৰি লোড বন্দুক আৰু ভুৱা পাছপ’ৰ্ট ৰখাৰ অভিযোগ উত্থাপন কৰা হয়। প্ৰকাশিত খবৰ অনুসৰি, ৫ হাজাৰ ডলাৰ জৰিমনাৰে শনিবাৰে তেওঁক জামিনত মুকলি কৰি দিয়া হয় আৰু ২০২৫ চনৰ ২ জানুৱাৰীত আদালতত হাজিৰ হ’বলৈ কোৱা হয়।

উল্লেখ্য যে, আৰক্ষীয়ে জনোৱা মতে,এই ঘটনাই ৰাষ্ট্ৰপতি ট্ৰাম্প বা তেওঁ অনুষ্ঠানত উপস্থিত থকা লোকসকলৰ সুৰক্ষাৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাছিল।

জুলাই মাহত পেনচিলভেনিয়াৰ বাটলাৰত অনুষ্ঠিত হোৱা প্ৰচাৰ সভাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল ড’নাল্ড ট্ৰাম্প । একেদৰে ছেপ্টেম্বৰ মাহত সংঘটিত আন এক সুকীয়া ঘটনাত ৰিয়ান ৱেছলী ৰাউথৰ বিৰুদ্ধে ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছিল । কাৰণ ছিক্ৰেট চাৰ্ভিচৰ এজেণ্টে তেওঁক ফ্ল’ৰিডাত ট্ৰাম্পৰ গ’ল্ফ খেলপথাৰৰ ওচৰত ৰাইফল লৈ লুকাই থকা অৱস্থাত পাইছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...