Smoking: ৰাজহুৱা স্থানত নিষিদ্ধ ধূম্ৰপান, ধৰা পৰিলে ভৰিব লাগিব ১৩ হাজাৰ টকাৰ জৰিমনা!

Smoking Banned: এই নিয়ম ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। ৰাজহুৱা স্থানত ধূম্ৰপান কৰাটো নিষিদ্ধ যদিও বৰ্তমান ইলেক্ট্ৰনিক চিগাৰেট ৰেহাই দিয়া হৈছে।

Smoking: ৰাজহুৱা স্থানত নিষিদ্ধ ধূম্ৰপান, ধৰা পৰিলে ভৰিব লাগিব ১৩ হাজাৰ টকাৰ জৰিমনা!

ৰাজহুৱা স্থানত নিষিদ্ধ ধূম্ৰপান!

Published: 

31 May 2025 | 05:16 PM

চিগাৰেটৰ ক্ষেত্ৰত কঠোৰ নিয়ম। এতিয়াৰে পৰা ৰাজহুৱা স্থানত ধূম্ৰপান কৰাৰ অনুমতি নাপাব। ধৰা পৰিলে আপুনি ভৰিব লাগিব জৰিমনা। এই জৰিমনা ১০০-৫০০ টকা নহয়, বৰঞ্চ ১৩ হাজাৰ টকালৈ হ’ব পাৰে ৷ কিন্তু ক’ত এই কঠোৰ নিয়ম?

জানিব পৰা মতে, এইবাৰ ফ্ৰান্স চৰকাৰে ৰাজহুৱা স্থানৰ ধূম্ৰপান ৰোধৰ বাবে কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। শিশুৱে যোৱা ৰাজহুৱা স্থানসমূহ, যেনে বাছ ষ্টপ, পাৰ্ক, স্কুল, খেলপথাৰ, আদিত এতিয়া ধূম্ৰপান কৰাৰ অনুমতি নাই। অৱশ্যে কেফেৰ ছাদত ধূমপানৰ অনুমতি দিয়া হৈছে।

বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে ফ্ৰান্সৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা মন্ত্ৰী কেথৰিন ভ’ট্ৰিনে। তেওঁৰ স্পষ্ট কথা, “শিশুসকল য’তেই নাথাকক কিয়, তাত ধঁপাত থাকিব নোৱাৰে। ধূম্ৰপানৰ স্বাধীনতা তাতেই শেষ, য’ত শিশুৰ শুদ্ধ বতাহত উশাহ লোৱাৰ অধিকাৰ আৰম্ভ হয়।”

জানিব পৰা মতে ১ জুলাইৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব। ৰাজহুৱা স্থানত ধূম্ৰপান সেৱন নিষিদ্ধ যদিও বৰ্তমান ইলেক্ট্ৰনিক চিগাৰেট ৰেহাই দিয়া হৈছে। যদি কোনোবাই ৰাজহুৱা স্থানত ধূমপান কৰি ধৰা পৰে তেন্তে ১৩৫ ইউৰো জৰিমনা ভৰিব লাগিব, যিটো ভাৰতীয় মুদ্ৰাত ১৩ হাজাৰ টকা।

ফ্ৰান্সৰ নাগৰিকসকলেও ধূমপানৰ ওপৰত কঠোৰ নিয়ম বিচাৰে। শেহতীয়াকৈ এক সমীক্ষাত ৬২ শতাংশ নাগৰিকে ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ কৰাৰ সপক্ষে ভোটদান কৰে। ফ্ৰান্সত ধূম্ৰপানৰ বাবে প্ৰতি বছৰে প্ৰায় ৭৫ হাজাৰ লোকৰ মৃত্যু হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...