আদালত চৌহদত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ৫ জন নিহত, আহত ১৩ জন

এখন আদালতৰ চৌহদত অচিনান্ত বন্দুকধাৰী নিৰ্বিচাৰে গুলীচালনা সংঘটিত কৰে। ফলত ৫ জন লোক নিহত বিপৰীতে ১৩ জন আহত হোৱাৰ খবৰ পোৱা গৈছে।

আদালত চৌহদত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ৫ জন নিহত, আহত ১৩ জন

ইৰাণত সন্ত্ৰাসবাদী আক্ৰমণ

Updated On: 

26 Jul 2025 | 04:05 PM

ইৰাণৰ দক্ষিণ-পূব চহৰ জাহেদানত শনিবাৰে পুৱা সংঘটিত হয় এক সন্ত্ৰাসবাদী আক্ৰমণ। পুৱা একাংশ অচিনাক্ত বন্দুকধাৰীয়ে প্ৰাদেশিক ন্যায়িক মুখ্য কাৰ্যালয়ত গুলীচালনা কৰাত উত্তেজনাৰ সৃষ্টি হয়। এই আক্ৰমণত ৫ জন লোক নিহত হোৱাৰ বিপৰীতে ১৩ জন আহত হয়। বৰ্তমানে সেই স্থানত উদ্ধাৰ অভিযান অব্যাহত আছে।

ইৰাণৰ Mehr নিউজ এজেন্সীৰ তথ্য অনুসৰি, ইৰাণৰ ন্যায়পালিকা তথ্য কেন্দ্ৰই নিশ্চিত কৰিছে যে, এই আক্ৰমণ পুৱা ছিস্তান আৰু বেলুচিস্তান প্ৰদেশৰ আদালত কমপ্লেক্সত সংঘটিত হৈছে। অচিনাক্ত বন্দুকধাৰীয়ে হঠাতে নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে। ইৰাণৰ অশান্ত ছিস্তান আৰু বেলুচিস্তান প্ৰদেশত অৱস্থিত জাহেডান চহৰ, য’ত প্ৰায়ে সন্ত্ৰাসবাদীৰ হিংসাত্মক কাৰ্যকলাপৰ বাতৰি পোৱা যায়।

আহত ১৩ জন, মৃত্যু ৫ জন, নিহত ৩ সন্ত্ৰাসবাদী

গুলীচালনাৰ সময়ত আতংকই বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত আৰু লগে লগে আদালতৰ চৌহদ খালী কৰা হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে সাহায্য আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। আহতসকলৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নিৰাপত্তাৰক্ষীৰ প্রতিশোধমূলক কার্যত ৩ টা সন্ত্ৰাসবাদীও নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে। সমগ্ৰ অঞ্চলটো নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি তালাচী অভিযান চলাই আছে।

দায়িত্ব ল’লে জইছ আল আদলে(Jaish al-Adl)

Mehr নিউজ এজেন্সীৰ তথ্য অনুসৰি, এই আক্ৰমণৰ দায়িত্ব লৈছে জেইছ আল আদল নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে। এই সংগঠনটোৱে ইয়াৰ আগতেও বহুবাৰ ইৰাণত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছে ।

ইৰাণৰ অশান্ত ছিস্তান আৰু বেলুচিস্তান প্ৰদেশৰ জাহেডান চহৰত প্ৰায়ে সন্ত্ৰাসবাদী কাণ্ড সংঘটিত হয়। কিন্তু এনেদৰে সন্ত্ৰাসবাদীয়ে কোনো ন্যায়িক প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱাটো এটা চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...