আফগানিস্তানৰ পিছত এই দেশত প্ৰকৃতিৰ তাণ্ডৱঃ ভূমিস্খলনে প্ৰাণ কাঢ়িলে প্ৰায় ১০০০ লোকৰ

ভূমিস্খলনৰ ধ্বংসলীলা ইমানেই প্ৰবল হৈ পৰে যে পশ্চিম চুডানৰ মাৰা পাহাৰীয়া অঞ্চলত এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হয়। এই ভয়াৱহ দুৰ্যোগত জাহ যোৱা গাঁওখনত মাত্ৰ এটি শিশুহে জীৱিত অৱস্থাত আছে বুলি খবৰ প্ৰকাশ পাইছে।

আফগানিস্তানৰ পিছত এই দেশত প্ৰকৃতিৰ তাণ্ডৱঃ ভূমিস্খলনে প্ৰাণ কাঢ়িলে প্ৰায় ১০০০ লোকৰ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

02 Sep 2025 09:18 AM

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে বিশ্বৰ ভিন্ন স্থানত সৃষ্টি কৰিছে প্ৰলয়ৰ দেশৰ ভিন্ন প্ৰান্তত শেহতীয়া কিছুদিনৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে ইফালে চুবুৰীয়া দেশ আফগানিস্তানত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পই দেশখনত একপ্ৰকাৰে মৃত্যুলীলা চলাইছে এইপৰ্যন্ত ভূমিকম্পৰ ফলত আফগানিস্তানত ৮০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ পাইছে এই ঘটনাই বিশ্বজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে আফগানিস্তানৰ এই হৃদয় বিদাৰক ঘটনাৰ মাজতে প্ৰকৃতিৰ ৰোষত পৰিছে আন এখন দেশ

আফ্ৰিকান দেশ চুডানত প্ৰকৃতিয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ দেশখনত সংঘটিত ভয়ানক ভূমিস্খলনে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। সোমবাৰে চুডান মুক্তি আন্দোলন/সেনাই জানিবলৈ দিয়া মতে, ভূমিস্খলনৰ ফলত এইপৰ্যন্ত কমেও ১০০০ লোকৰ মৃত্যু হৈছে। ভূমিস্খলনৰ ধ্বংসলীলা ইমানেই প্ৰবল হৈ পৰে যে পশ্চিম চুডানৰ মাৰা পাহাৰীয়া অঞ্চলত এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হয়

ভূমিস্খলনত জাহ যোৱা গাঁওখনত মাত্ৰ এটি শিশুহে জীৱিত অৱস্থাত আছে বুলি খবৰ প্ৰকাশ পাইছে। এক বিবৃতি যোগে চুডান মুক্তি আন্দোলন/সেনাই উল্লেখ কৰা মতে, শেহতীয়া কিছুদিন ধৰি চলি থকা ধাৰাসাৰ বৰষুণৰ বাবে এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ভূমিস্খলনৰ এনে প্ৰলয়ংকাৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থাসমূহৰ পৰা সহায় বিচাৰিছে।

উল্লেখ্য যে শেহতীয়া সময়ছোৱাত গৃহযুদ্ধই বাৰুকৈয়ে জোকাৰিছে আফ্ৰিকান দেশখনক যুদ্ধৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে নিৰন্তৰ যুঁজ দিবলগা হৈছে সাধাৰণ লোকসকলে। নিৰাপত্তাহীনতা আৰু অনাহাৰৰ সমস্যাই জুৰুলা কৰিছে সৰ্বসাধাৰণক তেনে এক পৰিস্থিতিৰ মাজতে প্ৰকৃতিৰ এনে ভয়াৱহ ৰূপে দেশখনৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছে

ইফালে বৰ্তমানৰ পৰিস্থিতিৰ বাবে ভূমিস্খলন সংঘটিত হোৱা স্থানত সাহায্য প্ৰদানৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থাসমূহো সমস্যাৰ সন্মুখীন হৈছে। ভূমিস্খলন সংঘটিত হোৱা দাৰফুৰ অঞ্চল চলিত গৃহযুদ্ধৰ অন্যতম এক প্ৰভাৱিত স্থান। এনে পৰিস্থিতিত এই অঞ্চলত জৰুৰীকালীন মানৱীয় সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰো উদ্বৱ হৈছে।

অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক
খাদ্যৰ পৰা দৈনন্দিন ৰুটিনলৈকে, কেনেকৈ স্বাভাৱিকভাৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি ?
নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...