Bangladesh protest: ওৰে নিশা মহম্মদ ইউনুছৰ বাসগৃহ ঘেৰাও প্ৰতিবাদকাৰীৰ

এইবাৰ ইউনুছৰ ঢাকাৰ বাসগৃহ ঘেৰাও একাংশ প্ৰতিবাদকাৰীৰ । দেওবাৰে নিশাজুৰি চলিল তাণ্ডৱ । প্ৰতিবাদ প্ৰতিহত কৰাত ব্যৰ্থ আৰক্ষী ।

Bangladesh protest: ওৰে নিশা মহম্মদ ইউনুছৰ বাসগৃহ ঘেৰাও প্ৰতিবাদকাৰীৰ

প্ৰতীকী ছবি

Published: 

04 Feb 2025 | 02:44 PM

ইংৰাজীত এষাৰ প্ৰবাদ আছে, History repeats itself, অৰ্থাৎ ইতিহাসৰ পুনৰাবৃত্তি হয় । বিভিন্ন ঘটনা পৰিঘটনাৰ ক্ষেত্ৰত এই কথাষাৰি প্ৰযোজ্য হোৱা আমি দেখিছোঁ । বাংলাদেশতো ঠিক তেনেকুৱাই হৈছে । যি ছাত্ৰ আন্দোলন বাংলাদেশৰ হাছিনা চৰকাৰৰ বাবে গলগ্ৰহ হৈ পৰিছিল, সেই আন্দোলন এইবাৰ গলগ্ৰহ হৈছে ইউনুছ চৰকাৰৰো । এটা ছাত্ৰ আন্দোলনে এখন চৰকাৰ ওলট-পালত কৰি দিব পাৰে বুলি কোনেও কল্পনা কৰিব পাৰ নাছিল বুলি একাংশই মত প্ৰকাশ কৰিছে ।

বৈষম্যবিৰোধী ছাত্ৰ আন্দোলন, হাছিনাৰ বিতৰ্কিত মন্তব্য আৰু তাৰ পাছতেই পতন হাছিনাৰ চৰকাৰৰ । দেশ এৰি পলায়ন প্ৰধানমন্ত্ৰীৰ । যোৱা কেইমাহত বাংলাদেশ এই ঘটনাক্ৰমৰ সাক্ষী হৈ আহিছে । জনসাধাৰণৰ কল্পনাৰো অগোচৰ আছিল এই পৰিস্থিতি ।

হাছিনাৰ পাছত এইবাৰ ইউনুছ । তেওঁ অৱশ্যে প্ৰধানমন্ত্ৰীৰ নহয় । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাহে ইউনুছ । কিন্তু এইবাৰ হাছিনাৰ দৰে যেন একে জালতেই ভৰি দিলে তেওঁ । এইবাৰ ইউনুছৰ ঢাকাৰ বাসগৃহ ঘেৰাও একাংশ প্ৰতিবাদকাৰীৰ । দেওবাৰে নিশাজুৰি চলিল তাণ্ডৱ ।

বিক্ষোভকাৰীয়ে দাবী কৰা মতে হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামি যিসকলে গুলী বুকু পাতি লৈছিল, যিসকল পংগু হৈছিল, তেওঁলোক কাৰোৰে খবৰ ৰখা নাই ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে । যাৰ হাতত ধৰি ইউনুছ চৰকাৰৰ মুখ্য উপদেষ্ট হ’ল তেওঁলোককেই শেষত পাহৰিলে ইউনুছে ।

ইউনুছৰ বাসগৃহ ঘেৰাও কৰাৰ পূৰ্বে পথত বিক্ষোভ প্ৰদৰ্শন কৰে একাংশ প্ৰতিবাদকাৰীয়ে । অৱৰোধৰ লগতে প্ৰদৰ্শন কৰা হয় শ্ল’গান । লাহে লাহে ইউনুছৰ বাসগৃহ অভিমুখে ৰাওনা হয় তেওঁলোক । প্ৰতিবাদকাৰী ৰুধিবলৈ আৰক্ষীয়ে বেৰিকেড স্থাপন কৰে যদিও ব্যৰ্থ হয় ।

আৰক্ষীৰ বেহু ভাঙি ইউনুছৰ বাসগৃহ অভিমুখে আগুৱায় প্ৰতিবাদকাৰীৰ দল । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ খোদ ছাত্ৰনেতা হাসনাত আব্দুল্লাই চেষ্টা কৰে যদিও তেওঁ ব্যৰ্থ হয় । তাৰ পাছত তেওঁ প্ৰতিবাদকাৰীৰ সুৰত সুৰ মিলাই কয়, “দেশ পৰিচালনাৰ বাবে এজন ভাল উপদেষ্টা নিয়োগ কৰা হৈছিল । কিন্তু কল্পনাও কৰিব পৰা নাছিলো যে তেওঁলোক আমোলাৰ ওপৰত ইমান নিৰ্ভৰশীল হ’ব । আহতসকলক লৈ ৰাজনীতি কৰা হৈছে ।” এতিয়া ইউনুছ চৰকাৰে এই প্ৰতিবাদ কিদৰে দমন কৰে সেয়া লক্ষণীয় হ’ব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...